তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

সামগ্ৰী (কণ্টেণ্ট)ৰ ওপৰত বাধা আৰোপ কৰা সম্পৰ্কীয় কোনো নতুন ব্যৱস্থা সংযোজিত হোৱা নাই

Posted On: 27 FEB 2021 4:27PM by PIB Guwahati

নিয়মাৱলীৰ ভাগ IIIৰ জৰিয়তে নিয়ম ১৬ৰ বিষয়ে কিছুমান সন্দেহ কৰি থকা হৈছে, য'ত উল্লেখ কৰা হৈছে যে আপাতকালীন প্ৰকৃতিযুক্ত বিষয়ত, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ দ্বাৰা অন্তৰিম অৱৰোধ নিৰ্দেশ জাৰি কৰিব পৰা যায়।

এই কথা স্পষ্ট কৰা হৈছে যে এয়া কোনো নতুন ব্যৱস্থা নহয়। ২০০৯ৰ পৰা যোৱা এঘাৰ বছৰৰ সময়ছোৱাত, তথ্য প্ৰযুক্তি (প্ৰক্ৰিয়া আৰু তথ্য পৰ্যন্ত জনসাধাৰণৰ গতিত বাধাৰ বাবে সুৰক্ষা উপায়) নিয়ম, ২০০৯ৰ অধীনত ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিবৰ দ্বাৰা এই ব্যৱস্থাৰ প্ৰয়োগ কৰি থকা হৈছে।

২৫ ফেব্ৰুৱাৰী, ২০২১ত জাৰি কৰা নিয়মাৱলীৰ জৰিয়তে এই ব্যৱস্থাক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ সৈতে সলনি কৰা হৈছে, কিয়নো তথ্য প্ৰযুক্তি (মধ্যৱৰ্তী সংস্থানৰ বাবে দিশ-নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া আচাৰ সংহিতা) নিয়ম, ২০২১ৰ ভাগ IIIৰ কাৰ্য ৰূপায়ণ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা কৰা হ'ব।

এই কথা পুনৰ উল্লেখ কৰা হৈছে- ব্যৱস্থাত কোনো পৰিৱৰ্তন কৰা হোৱা নাই আৰু তথ্য প্ৰযুক্তি (মধ্যৱৰ্তী সংস্থানৰ বাবে দিশ-নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া আচাৰ সংহিতা) নিয়ম, ২০২১ৰ জৰিয়তে সামগ্ৰী (কণ্টেণ্ট)ক অৱৰোধ কৰাক লৈ কোনো নতুন ব্যৱস্থা সংযোজিত কৰা হোৱা নাই।

 

********



(Release ID: 1701451) Visitor Counter : 171