প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ভাৰতীয় পুতলা মেলা ২০২১
Posted On:
25 FEB 2021 3:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ফেব্ৰুৱাৰী তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিং যোগে ভাৰতীয় পুতলা মেলা ২০২১ মুকলি কৰিব৷
শিশুৰ মনস্তত্বত পুতলাই এক উল্লেখযোগ্য ভূমিকা পালন কৰাৰ লগতে শিশুৰ জ্ঞানীয় বিকাশৰো উত্তৰণ কৰে৷ আগষ্ট ২০২০ৰ ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰিছিল৷ শিশুৰ সামূহিক বিকাশত পুতলাৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰততে পুতলা নিৰ্মাণৰ ওপৰত গুৰুত্ব দিছিল৷ প্ৰধানমন্ত্ৰীৰ সেই বীক্ষণ বাস্তৱায়িত কৰাৰ বাবে ভাৰতীয় পুতলা মেলা ২০২১ৰ আয়োজন কৰিবলৈ ওলোৱা হৈছে৷
মেলাৰ বিষয়ে
এই মেলাখন ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চ ২০২১ তাৰিখলৈ অনুষ্ঠিত হ’ব৷ ইয়াৰ জৰিয়তে ক্ৰেতা, বিক্ৰেতা, শিক্ষাৰ্থী, শিক্ষক, ডিজাইনাৰকে ধৰি সকলো ষ্টেকহ’ল্ডাৰক একেখন ভাৰ্চুৱেল প্লেটফ’ৰ্মত একত্ৰিত কৰাৰ প্ৰয়াস কৰা হৈছে৷
৩০ খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশৰ পৰা ১০০০তকৈও অধিক প্ৰদৰ্শনকাৰীয়ে তেওঁলোকৰ সামগ্ৰীসমূহ এই ভাৰ্চুৱেল প্ৰদৰ্শনীত প্ৰদৰ্শন কৰিব৷
******
DS/SH/MANN
(Release ID: 1700985)
Read this release in:
Telugu
,
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada