কেবিনেট

ফাৰ্মাচিউটিকেলৰ বাবে প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনিত কেবিনেটৰ অনুমোদন

Posted On: 24 FEB 2021 3:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ২০২০-২১ ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে সময়ছোৱাত ফাৰ্মাচিউটিকেলৰ অৰ্থে প্ৰডাকশ্যন লিংকড ইনচেনটিভ (PLI) আঁচনিত অনুমোদন জনায়।

এই আঁচনিয়ে ঘৰুৱা মেনুফেক্সাৰাৰসকলক উপকৃত কৰিব, নিয়োগ সৃষ্টিত সহায় কৰিব তথা উপভোক্তাসকলৰ অৰ্থে বিস্তৃত পৰিসৰৰ সাশ্ৰয়ী মেডিচিনৰ উপলব্ধতাত বৰঙণি যোগোৱাৰ আশা কৰা হৈছে।

এই আঁচনিয়ে দেশখনত উচ্চ মূল্যৰ প্ৰডাক্টৰ উৎপাদনক প্ৰোৎসাহিত কৰিব বুলি আশা কৰা হৈছে তথা ৰপ্তানিত মূল্য সংযোজন বৃদ্ধি কৰিব বুলি আশা কৰা যায়। ২০২২-২৩ ৰপৰা ২০২৭-২৮ লৈ লৈ ছয় বছৰৰ ভিতৰত আনুমানিক মুঠ বৰ্ধিত বিক্ৰয় ২,৯৪,০০০ কোটি টকা আৰু মুঠ বৰ্ধিত ৰপ্তানি ১,৯৬,০০০ কোটি টকা।

আঁচনিখনে দক্ষ আৰু অদক্ষ উভয় লোকৰ বাবে নিয়োগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে, খণ্ডটোৰ বিকাশৰ ফলশ্ৰুতি হিচাপে আনুমানিক ২০,০০০ প্ৰত্যক্ষ আৰু ৮০,০০০ পৰোক্ষ নিয়োগ সৃষ্টি কৰিব।

আঁচনিখনে জটিল আৰু হাই-টেক প্ৰডাক্টসমূহৰ উন্নয়নৰ অৰ্থে উদ্ভাৱনক প্ৰোৎসাহিত কৰাৰ সম্ভাৱনা আছে য’ত থাকিব উদীয়মান থেৰাপীসমূহৰ প্ৰডাক্টসমূহ আৰু ইন-ভিট্ৰ’ ডায়েগনষ্টিক ডিভাইছসমূহ তথা গুৰুত্বপূৰ্ণ ড্ৰাগসমূহৰ ক্ষেত্ৰত আন্ত-নিৰ্ভৰশীল হৈ উঠাত উদ্দীপনা যোগাব। তদুপৰি ই মেডিকেল প্ৰডাক্টসমূহৰ সুগমতা আৰু বহনক্ষমতাৰ উন্নয়ন সাধন কৰাটো আশা কৰা হৈছে য’ত অন্তৰ্ভুক্ত হৈছে ভাৰতীয় লোকসকললৈ অৰ্ফেন ড্ৰাগসমূহো। এই আঁচনিয়ে ফাৰ্মাচিউটিকেল খণ্ডটোত ১৫,০০০ কোটি টকা বিনিয়োগ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

ফাৰ্মাচিউটিকেল উদ্যোগৰ উন্নয়নৰ অৰ্থে ছত্ৰ আঁচনিৰ অংশ হ’ব এই আঁচনিখন। এই আঁচনিখনৰ উদ্দেশ্য হৈছে খণ্ডটোত বিনিয়োগ আৰু উৎপাদন বৃদ্ধিৰদ্বাৰা ভাৰতৰ মেনুফেক্সাৰিং ক্ষমতা বৃদ্ধি কৰা আৰু ফাৰ্মাচিউটিকেল খণ্ডটোৰ উচ্চ মূল্যৰ দ্ৰব্যৰ প্ৰতি প্ৰডাক্ট বৈচিত্ৰতালৈ বৰঙণি যোগোৱা। এই আঁচনিখনৰ আন এটা উদ্দেশ্য হৈছে ভাৰতৰ বাহিৰত গ্ল’ৱেল চেম্পিয়ন সৃষ্টি কৰা যাৰ থাকিব শেহতীয়া প্ৰযুক্তি ব্যৱহাৰেৰে আকাৰ আৰু স্কেল বৃদ্ধিৰ সম্ভাৱনা আৰু ইয়াৰ জৰিয়তে বৈশ্বিক মূল্য শৃংখলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈ পৰিব।

আঁচনিখনৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’লঃ-

টাৰ্গেট গ্ৰুপসমূহঃ

ভাৰতৰ পঞ্জীকৃত ফাৰ্মাচিউটিকেল দ্ৰব্যৰ মেনুফেক্সাৰাৰসকলক তেওঁলোকৰ গ্ল’ৱেল মেনুফেক্সাৰিং ৰেভিনিউ (GMR) ত গ্ৰুপ ভিত্তিক হৈ উঠিব যাৰ জৰিয়তে সমগ্ৰ ফাৰ্মাচিউটিকেল উদ্যোগটোতে আঁচনিখনৰ বিস্তৃত প্ৰযোজ্যতা নিশ্চিত কৰা হ’ব আৰু একে সময়তে আঁচনিখনৰ উদ্দেশ্যসমূহো পৰিপূৰণ কৰা হ’ব। আবেদনকাৰীসকলৰ তিনিটা গ্ৰুপৰ যোগ্যতাৰ মাপ-কাঠি তলত উল্লেখ কৰা হ’ল -

(a) গ্ৰুপ A: আবেদনকাৰীৰ থাকিব লাগিব ৫,০০০ কোটি টকাতকৈ অধিক বা সমান ফাৰ্মাচিউটিকেল দ্ৰব্যৰ গ্ল’ৱেল মেনুফেক্সাৰিং ৰেভিনিউ (২০১৯-২০ বিত্তীয় বৰ্ষ)।

(b) গ্ৰুপ B: আবেদনকাৰীৰ থাকিব লাগিব ৫০০ কোটি টকা (ধৰি) আৰু ৫,০০০ কোটি টকাৰ ভিতৰত ফাৰ্মাচিউটিকেল দ্ৰব্যৰ গ্ল’ৱেল মেনুফেক্সাৰিং ৰেভিনিউ (২০১৯-২০ বিত্তীয় বৰ্ষ)।

(c) গ্ৰুপ C: আবেদনকাৰীৰ থাকিব লাগিব ৫০০ কোটি টকাতকৈ কম ফাৰ্মাচিউটিকেল দ্ৰব্যৰ গ্ল’ৱেল মেনুফেক্সাৰিং ৰেভিনিউ (২০১৯-২০ বিত্তীয় বৰ্ষ)। এই গ্ৰুপটোৰ ভিতৰতে এমএছএমই উদ্যোগৰ বাবে নিৰ্দিষ্ট প্ৰত্যাহ্বান আৰু পৰিস্থিতি সাপেক্ষে উপ-গ্ৰুপ গঠন কৰা হ’ব।

ইনচেনটিভৰ পৰিমাণঃ

এই আঁচনিখনৰ অধীনত ইনচেনটিভৰ মুঠ পৰিমাণ হৈছে (প্ৰশাসনিক ব্যয়কে ধৰি) প্ৰায় ১৫,০০০ কোটি টকা। তলত দিয়া ধৰণেৰে টাৰ্গেট গ্ৰুপসমূহৰ মাজত ইনচেনটিভৰ আবন্টন দিয়া হ’বঃ

  1. গ্ৰুপ A: ১১,০০০ কোটি টকা।
  2. গ্ৰুপ B: ২,২৫০ কোটি টকা।
  3. গ্ৰুপ C: ১,৭৫০ কোটি টকা।

গ্ৰুপ A আৰু গ্ৰুপ C লৈ ইনচেনটিভ আবন্টনত আবেদনকাৰীসকলে আন-কোনো পৰ্যায়লৈ স্থানান্তৰিত হ’ব নালাগে। অৱশ্যে, গ্ৰুপ B ৰ আবেদনকাৰীসকললৈ ইনচেনটিভ আবন্টনত, গ্ৰুপ A ৰ আবেদনকাৰীলৈ স্থানান্তৰিত হ’ব পাৰে।

নিৰ্মিত দ্ৰব্যসমূহৰ বৰ্ধিত বিক্ৰীৰ গণনাৰ অৰ্থে ২০১৯-২০ বিত্তীয় বৰ্ষক ভিত্তি বৰ্ষ হিচাপে গণ্য কৰা হ’ব।

দ্ৰব্যসমূহৰ শ্ৰেণীঃ

তলত উল্লেখ কৰা তিনিটা শ্ৰেণীৰ অধীনত এই আঁচনিখনে ফাৰ্মাচিউটিকেল দ্ৰব্যসমূহক সামৰি ল’বঃ

  1. শ্ৰেণী 1

বাঅ’ফাৰ্মাচিউটিকেল; কমপ্লেক্স জেনেৰিক ড্ৰাগ; পেটেন্টেড ড্ৰাগ বা পেটেন্ট উকলাৰ ওচৰ চপা ড্ৰাগ; চেল ভিত্তিক বা জেনে থেৰাপী ড্ৰাগ; অৰ্ফেন ড্ৰাগ; স্পেচিয়েল এম্পটি কেপচুল যেনেঃ এইচপিএমচি, পুল্লুলান, এনটেৰিক ইত্যাদি; কমপ্লেক্স এক্সচিপিয়েন্ট; ফ’ট’-ফাৰ্মাচিউটিকেলঃ অনুমোদিত হিচাপে অন্য ড্ৰাগ।

(b)শ্ৰেণী 2

সক্ৰিয় ফাৰ্মাচিউটিকেল উপকৰণ / প্ৰধান আৰম্ভণিমূলক উপাদান / ড্ৰাগ ইন্টাৰমেডিয়েট।

(c)শ্ৰেণী 3 (শ্ৰেণী 1 আৰু শ্ৰেণী 2 য়ে সামৰি নোলোৱা ড্ৰাগসমূহ)

ৰিপাৰপ’জড ড্ৰাগ; অ’টো ইমিউন ড্ৰাগ, এন্টি-কেন্সাৰ ড্ৰাগ, এন্টি-ডায়েবেটিক ড্ৰাগ, এন্টি-ইনফেক্টিভ ড্ৰাগ, কাৰ্ডিঅ’ভাস্কুলাৰ ড্ৰাগ, চাইক’ট্ৰপিক ড্ৰাগ আৰু এন্টি –ৰিট্ৰ’ভাইৰেল ড্ৰাগ; ইন ভিট্ৰ’ ডায়েগনষ্টিক ডিভাইচ; অনুমোদিত হিচাপে অন্য ড্ৰাগ; ভাৰতত প্ৰস্তুত নোহোৱা অন্য ড্ৰাগ।

এই আঁচনিৰ অধীনত উৎপাদনৰ প্ৰথম চাৰি বছৰৰ বাবে শ্ৰেণী 1 আৰু শ্ৰেণী 2 ৰ প্ৰডাক্টৰ বাবে ইনচেনটিভৰ হাৰ হ’ব ১০% (বৰ্ধিত বিক্ৰয় মূল্যৰ), পঞ্চম বৰ্ষৰ বাবে ৮% আৰু ষষ্ঠ বৰ্ষৰ বাবে ৬%।

এই আঁচনিৰ অধীনত উৎপাদনৰ প্ৰথম চাৰি বছৰৰ বাবে শ্ৰেণী 3 ৰ প্ৰডাক্টৰ বাবে ইনচেনটিভৰ হাৰ হ’ব ৫% (বৰ্ধিত বিক্ৰয় মূল্যৰ), পঞ্চম বৰ্ষৰ বাবে ৪% আৰু ষষ্ঠ বৰ্ষৰ বাবে ৩%।

এই আঁচনিখনৰ ম্যাদ হ’ব ২০২০-২১ বিত্তীয় বৰ্ষৰপৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈ। ইয়াত অন্তৰ্ভুক্ত হ’ব আবেদনসমূহৰ প্ৰচেছিঙৰ বাবে সময়ছোৱা (২০২০-২১ বিত্তীয় বৰ্ষ), অতিৰিক্ত এবছৰ গেষ্টেশ্যন পিৰিয়ড (২০২১-২২ বিত্তীয় বৰ্ষ), ৬ বছৰৰ বাবে ইনচেনটিভ আৰু ২০২৭-২৮ বিত্তীয় বৰ্ষৰ বিক্ৰীৰ অৰ্থে ইনচেনটিভৰ বিতৰণৰ বাবে ২০২৮-২৯ বিত্তীয় বৰ্ষ।

পৃষ্ঠপটঃ

ভাৰতীয় ফাৰ্মাচিউটিকেল উদ্যোগ ঘনত্বৰ ফালৰপৰা বিশ্বখনৰ ৩য় সৰ্ববৃহৎ আৰু মূল্যৰ ফালৰপৰা ৪০ বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ। দেশখনে বৈশ্বিকভাৱে ৰপ্তানি হোৱা মুঠ ড্ৰাগ আৰু মেডিচিনৰ ৩.৫% বৰঙণি যোগায়। ভাৰতে ২০০ ৰো অধিক ৰাষ্ট্ৰ আৰু অঞ্চললৈ ফাৰ্মাচিউটিকেল ৰপ্তানি কৰে য’ত অন্তৰ্ভুক্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ইউৰোপিয়ান ইউনিয়ন, কানাডা ইত্যাদিৰ দৰে অধিকভাৱে নিয়ন্ত্ৰিত বজাৰসমূহ। ফাৰ্মাচিউটিকেলৰ উন্নয়ন সাধন আৰু মেনুফেক্সাৰিঙৰ বাবে ভাৰতৰ সম্পূৰ্ণ বাতাবৰণ আছে। এনে কোম্পানীসমূহ অত্যাধুনিক সা-সুবিধা আৰু অতিশয় দক্ষ/কাৰিকৰী মানৱশক্তিৰে সমৃদ্ধ। দেশখনৰ তদুপৰি আছে কেইবাখনো প্ৰসিদ্ধ ফাৰ্মাচিউটিকেল শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান আৰু সংযোগী উদ্যোগসমূহৰ বলিষ্ঠ সহায়।

বৰ্তমান, ভাৰতীয় ৰপ্তানিৰ এটা মূল উপাদান হৈছে নিম্ন মূল্যৰ জেনেৰিক ড্ৰাগ, ইয়াৰ বিপৰীতে পেটেন্টেড ড্ৰাগৰ বাবে বৰ্ধিত ঘৰুৱা চাহিদা আমদানিৰ জৰিয়তে পূৰণ কৰা হয়। ইয়াৰ কাৰণ হৈছে ভাৰতীয় ফাৰ্মাচিউটিকেল খণ্ডটোত উচ্চ মূল্যৰ উৎপাদনৰ অভাৱ তথা প্ৰয়োজনীয় ফাৰ্মা গৱেষণা ও উন্নয়নৰ অভাৱ। বিবিধ প্ৰডাক্ট শ্ৰেণীত বিনিয়োগ আৰু উৎপাদনৰ বৰ্ধনৰ অৰ্থে বৈশ্বিক আৰু ঘৰুৱা প্লেয়াৰসকলক উদ্দীপনা যোগাবলৈ, সু-ডিজাইন আৰু সুচলভাৱে নিৰ্ধাৰিত মধ্যস্থতা আৱশ্যকীয়।

******

DS/SB



(Release ID: 1700671) Visitor Counter : 295