প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৯ ফেব্ৰুৱাৰীত বিশ্ব ভাৰতীৰ সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়াব প্রধানমন্ত্রীয়ে
Posted On:
17 FEB 2021 8:53PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৯ ফেব্ৰুৱাৰীৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সযোগে বিশ্ব ভাৰতীৰ সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়াব। পশ্চিমবংগৰ ৰাজ্যপাল তথা বিশ্ব ভাৰতীৰ ৰেক্টৰ শ্রী জগদীপ ধনকৰ, কেন্দ্রীয় শিক্ষা মন্ত্রী ড০ ৰমেশ পোখৰিয়াল ‘নিশংক’, শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্রেইও এই অনুষ্ঠানত উপস্থিত থাকিব৷ এইবাৰৰ সমাৱর্তনত মুঠ ২,৫৩৫গৰাকী শিক্ষার্থীক ডিগ্ৰী প্রদান কৰা হ’ব৷
বিশ্ব ভাৰতীৰ বিষয়ে
১৯২১ চনত গুৰুদেৱ ৰবীন্দ্রনাথ ঠাকুৰে বিশ্ব ভাৰতীৰ প্রতিষ্ঠা কৰে৷ এইখন দেশৰ প্রাচীনতম কেন্দ্রীয় বিশ্ববিদ্যালয়। ১৯৫১ চনৰ মে’ মাহত সংসদত আইন প্রণয়নৰ জৰিয়তে বিশ্ব ভাৰতীক কেন্দ্রীয় বিশ্ববিদ্যালয় তথা ‘ৰাষ্ট্ৰীয় গুৰুত্বপূর্ণ শিক্ষা কেন্দ্র’ হিচাপে ঘোষণা কৰা হয়। গুৰুদেৱ ঠাকুৰৰ অনুশাসন আৰু শিক্ষাদান অনুসৰণ কৰি বিশ্ববিদ্যালয়খন গঢ় লৈ উঠে। লাহে লাহে ইয়াৰ কিছু পৰিৱৰ্তন হৈছে৷ প্রধানমন্ত্রী এই বিশ্ববিদ্যালয়ৰ আচার্য।
*********
DS/SH/DB
(Release ID: 1699282)
Visitor Counter : 136
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Odia
,
Tamil
,
Telugu
,
Kannada