প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০ ফেব্ৰুৱাৰী তাৰিখে নিটি আয়োগৰ ষষ্ঠতম শাসকীয় পৰিষদীয় বৈঠকত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 18 FEB 2021 7:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ ফেব্ৰুৱাৰী ২০২১ তাৰিখে পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিং যোগে নিটি আয়োগৰ ষষ্ঠতম শাসকীয় পৰিষদীয় বৈঠকত অংশগ্ৰহণ কৰিব৷ এই বৈঠকত কৃষি, আন্তঃগাঁথনি, নিৰ্মাণ, মানৱ সম্পদ বিকাশ, তৃণমূল পৰ্যায়ত সেৱা প্ৰদান আৰু স্বাস্থ্য তথা পুষ্টি বিষয়ত আলোচনা কৰা হ’ব৷

শাসকীয় পৰিষদত আন্তঃক্ষেত্ৰীয়, আন্তঃবিভাগীয় আৰু মৈত্ৰীতন্ত্ৰমূলক সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়৷ এই পৰিষদত প্ৰধানমন্ত্ৰী, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, বিধায়ক আৰু ৰাজ্যপালসমূহ থাকে৷ পৰিষদৰ এই ষষ্ঠতম বৈঠকখন প্ৰথমবাৰৰ বাবে লাডাখত অনুষ্ঠিত হ’ব৷ এইবাৰৰ বৈঠকত কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ বিভাগীয় মুৰব্বীসকলো উপস্থিত থাকিব৷

 

*****

 

DS /AKJ/MANN



(Release ID: 1699280) Visitor Counter : 90