বিত্ত মন্ত্ৰালয়

১৫ খন ৰাজ্যই সহজে ব্যৱসায় কৰাৰ বাবে প্ৰয়োজনীয় সংস্কাৰ সাধন সম্পূৰ্ণ কৰিছে

সংস্কাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা তালিকাৰ শেহতীয়া সংযোজন গুজৰাট, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড

৯,৯০৫ কোটি টকাৰ অতিৰিক্ত ঋণৰ অনুমতি লাভ কৰিব

Posted On: 17 FEB 2021 11:18AM by PIB Guwahati

‘ব্যৱসায়ৰ সহজতা’(ইঅ’ডিবি) সংস্কাৰ সফলতাৰে সম্পূৰ্ণ কৰা ৰাজ্যৰ সংখ্যা ১৫ খনলৈ বৃদ্ধি পাইছে। আৰু তিনিখন ৰাজ্য ক্ৰমে গুজৰাট, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডই ব্যয় বিভাগৰ দ্বাৰা নিৰ্ধাৰিত ‘ব্যৱসায়ৰ সহজতা’ সংস্কাৰ সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে।

 

উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য সংবৰ্দ্ধন বিভাগৰ পৰা ছুপাৰিশ অনুসৰি ব্যয় বিভাগে এই তিনিখন ৰাজ্যক মুক্ত বজাৰৰ পৰা ঋণ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰি ৯,৯০৫ কোটি টকা ধাৰ্য কৰিছে।

 

ইয়াৰ আগতে, অন্ধ্ৰ প্ৰদেশ, অসম, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, উৰিষ্যা, পাঞ্জাৱ, ৰাজস্থান, তামিলনাডু আৰু তেলেংগানাইও এই সংস্কাৰ সম্পূৰ্ণ কৰিছে।

 

ইয়াৰ ফলত এই ১৫খন ৰাজ্যই ৩৮,০৮৮ কোটি টকাৰ অতিৰিক্ত ঋণ লাভ কৰিব পাৰিব।

 

দেশত বিনিয়োগ অনুকূল ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলাৰ বাবে ব্যৱসায় কৰাৰ সহজতা হৈছে এক গুৰুত্বপূৰ্ণ সূচক। ইঅ’ডিবিৰ উন্নতিয়ে ৰাজ্যিক অৰ্থনীতিৰ ভৱিষ্যতৰ দ্ৰুত বিকাশ সম্ভৱ হব। সেয়েহে, ভাৰত চৰকাৰে ২০২০ চনৰ মে মাহত ব্যৱসায় সহজ কৰাৰ বাবে সংস্কাৰ গ্ৰহণ কৰা ৰাজ্যসমূহক অতিৰিক্ত ঋণৰ অনুমতি প্ৰদানৰ সিদ্ধান্ত লৈছিল। এই শ্ৰেণীত নিৰ্ধাৰিত সংস্কাৰসমূহ হৈছে:

 

(ক) জিলা পৰ্যায়ৰ ব্যৱসায় সংস্কাৰ কাৰ্য পৰিকল্পনাৰ প্ৰথম মূল্যায়ন সম্পূৰ্ণ কৰা।

 

(খ)বিভিন্ন আইনৰ অধীনত ব্যৱসায়ৰ দ্বাৰা প্ৰাপ্ত পঞ্জীয়ন প্ৰমাণপত্ৰ/অনুমোদন/অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ প্ৰয়োজনীয়তা দূৰ কৰা।

(গ) আইনসমূহৰ অধীনত কম্পিউটাৰকৃত কেন্দ্ৰীয় ৰেনদম নিৰীক্ষণ প্ৰণালী ৰূপায়ণ য'ত পৰিদৰ্শকসকলৰ আৱণ্টন কেন্দ্ৰীয়ভাৱে কৰা হয়, পৰৱৰ্তী বছৰবোৰত একেটা ইউনিটত একে পৰিদৰ্শক নিয়োগ কৰা নহয়, ব্যৱসায়ৰ মালিকক আগতীয়া নিৰীক্ষণ জাননী প্ৰদান কৰা হয়, আৰু পৰিদৰ্শনৰ ৪৮ ঘণ্টাৰ ভিতৰত নিৰীক্ষণ প্ৰতিবেদন আপলোড কৰা হয়।

 

কভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে সম্পদৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি, ভাৰত চৰকাৰে ১৭ মে, ২০২০ তাৰিখে ৰাজ্যসমূহক অতিৰিক্ত ঋণ গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে। ৰাজ্যসমূহে তেওঁলোকৰ জিএছডিপিৰ ২ শতাংশ অতিৰিক্ত ঋণৰ গ্ৰহণ কৰিব পাৰিব। এই বিশেষ ব্যৱস্থাৰ আধা অংশ ৰাজ্যসমূহৰ দ্বাৰা নাগৰিককেন্দ্ৰিক সংস্কাৰ কৰাৰ সৈতে সংযুক্ত কৰা হৈছিল। সংস্কাৰৰ বাবে চাৰিটা নাগৰিককেন্দ্ৰিক ক্ষেত্ৰ আছিল-(ক) এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড প্ৰণালী ৰূপায়ণ, (খ) ব্যৱসায় সংস্কাৰৰ সহজতা, (গ) নগৰ স্থানীয় সংস্থা/উপযোগিতা সংস্কাৰ আৰু (ঘ) বিদ্যুৎ খণ্ডৰ সংস্কাৰ।

 

এতিয়ালৈকে, ১৮ খন ৰাজ্যই নিৰ্ধাৰিত চাৰিটা সংস্কাৰৰ ভিতৰত কমেও এটা বাস্তৱায়িত কৰিছে আৰু সংস্কাৰ সম্পৰ্কীয় ঋণৰ অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ১৩ খন ৰাজ্যই এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড প্ৰণালী ৰূপায়ণ কৰিছে, ১৫ খন ৰাজ্যই ব্যৱসায়িক প্ৰয়োজনীয় সংস্কাৰ কৰিছে, ৬ খন ৰাজ্যই স্থানীয় সংস্থাৰ সংস্কাৰ কৰিছে আৰু ২খন ৰাজ্যই বিদ্যুৎ খণ্ডৰ সংস্কাৰ কৰিছে। ইয়াৰ ফলত ৰাজ্যসমূহৰ বাবে মুঠ ৮৬,৪১৭ কোটি টকা অতিৰিক্ত ঋণ গ্ৰহণৰ অনুমতি দিয়া হৈছে।

 

     ****************

RM/KMN/KG



(Release ID: 1698920) Visitor Counter : 169