বিত্ত মন্ত্ৰালয়

‘জিএছটি’-ৰ ক্ষতিপূৰণত হোৱা নাটনিৰ জোৰা মৰাৰ বাবে ৫০০০কোটি টকাৰ ষোড়শ কিস্তি মুকলি

সকলো ৰাজ্য আৰু বিধানসভা থকা কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই পৰ্যন্ত মুঠ মুকলি কৰা হৈছে ৯৫,০০০কোটি টকা

ৰাজ্যসমূহলৈ ১,০৬,৮৩০কোটি টকা পৰিমানৰ অতিৰিক্ত ধাৰৰ অনুমোদনৰ উপৰি প্ৰদান কৰা এয়া হৈছে অতিৰিক্ত সকাহ

Posted On: 15 FEB 2021 5:12PM by PIB Guwahati

‘জিএছটি’-ৰ ক্ষতিপূৰণত হোৱা নাটনিৰ জোৰা মৰাৰ বাবে ৫০০০কোটি টকাৰ ষোড়শ সংখ্যক সাপ্তাহিক কিস্তি মুকলি কৰি দিছে বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে। ইয়াৰে ৪,৫৯৭.১৬কোটি টকা ‘জিএছটি পৰিষদ’ৰ সদস্য ২৩খন ৰাজ্য আৰু ৪০২.৮৪কোটি টকা বিধান সভা থকা তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চল(দিল্লী, জম্মু আৰু কাশ্মীৰ আৰু পুডুচেৰী)লৈ মোকলাই দিয়া হৈছে। বাকী থকা ৫খন ৰাজ্য অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ছিক্কিমৰ জিএছটি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহৰ ঘাটি হোৱা নাছিল।

‘জিএছটি’ ক্ষতিপূৰণত হোৱা নাটনিৰ জোৰা মৰাৰ বাবে এই পৰ্যন্ত ৰাজ্য আৰু বিধান সভা সংযুক্ত কেন্দ্ৰীয় শাসিত অঞ্চললৈ মোকলাই দিবলগীয়া পুঁজিৰ ৮৬%ই ইতিমধ্যে মোকলাই দিয়া হৈছে। ইয়াৰে ৮৬,৭২৯.৯৩কোটি টকা ৰাজ্যসমূহলৈ আৰু বিধান সভা সংযুক্ত ৩খন কেন্দ্ৰীয় শাসিত অঞ্চললৈ আগবঢ়োৱা হৈছে ৮,২৭০.০৭ কোটি টকা।  

উল্লেখ্য যে, ‘জিএছটি’ ৰূপায়ণৰ পৰিণতিত উদ্ভৱ হোৱা ১.১০লাখ কোটি টকা পৰিমানৰ নাটনিৰ জোৰা মাৰিবলৈ ভাৰত চৰকাৰে ২০২০ চনৰ অক্টোবৰ মাহত এক ‘বিশেষ বৰয়িং উইণ্ড’ স্থাপন কৰিছিল। এই বিশেষ ব্যৱস্থাৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হৈ ভাৰত চৰকাৰে ধাৰসমূহ গ্ৰহণ কৰে। যোৱা ২৩ অক্টোবৰ, ২০২০ৰ পৰা এই পৰ্যন্ত ধাৰৰ ১৬টা চক্ৰ সম্পূৰ্ণ হৈছে।

দেশৰ ২৮খন ৰাজ্যলৈ এই পৰ্যন্ত অতিৰিক্ত ধাৰৰ অনুমোদন জনোৱা পুঁজি আৰু ‘বিশেষ উইণ্ড’ৰে আহৰণ কৰা পুঁজি তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ মোকলাই দিয়া ধনৰ পৰিমাণ তলত উল্লেখ কৰা হ’ল।

 

১৫.০২.২০২১ পৰ্যন্ত অনুমোদন জনোৱা ০.৫০% জিএছডিপি আৰু বিশেষ উইণ্ডৰে আহৰিত তথা ৰাজ্য–কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা পুঁজিৰ ৰাজ্য ভিত্তিক পৰিমাণ

 (কোটি টকা হিচাপত)

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল নাম

ৰাজ্যসমূহলৈ অনুমোদিত ০.৫০% অতিৰিক্ত ধাৰ

বিশেষ উইণ্ডৰে আহৰিত আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সমূহলৈ প্ৰেৰিত

1

অন্ধ্ৰ প্ৰদেশ

5051

2167.20

2

অৰুণাচল প্ৰদেশ*

143

0.00

3

অসম

1869

932.42

4

বিহাৰ

3231

3661.70

5

চত্তিশগড়

1792

1833.65

6

গোৱা

446

787.61

7

গুজৰাট

8704

8647.89

8

হাৰিয়াণা

4293

4081.14

9

হিমাচল প্ৰদেশ

877

1610.17

10

ঝাৰখণ্ড

1765

996.13

11

কৰ্ণাটক

9018

11634.88

12

কেৰালা

4,522

3729.00

13

মধ্য প্ৰদেশ

4746

4259.37

14

মহাৰাষ্ট্ৰ

15394

11231.97

15

মণিপুৰ*

151

0.00

16

মেঘালয়

194

104.97

17

মিজোৰাম

132

0.00

18

নাগালেণ্ড*

157

0.00

19

ওড়িশা

2858

3584.17

20

পাঞ্জাৱ

3033

5405.84

21

ৰাজস্থান

5462

3622.50

22

ছিক্কিম*

156

0.00

23

তামিল নাডু

9627

5852.85

24

টেলেংগাণা

5017

1703.56

25

ত্ৰিপুৰা

297

212.15

26

উত্তৰ প্ৰদেশ

9703

5633.14

27

উত্তৰাখণ্ড

1405

2172.07

28

প্শ্চিম বংগ

6787

2865.55

 

মুঠ ():

106830

86729.93

1

দিল্লী

Not applicable

5499.96

2

জম্মু আৰু কাশ্মীৰ

Not applicable

2130.51

3

পুডুচেৰী

Not applicable

639.60

 

মুঠ ():

প্ৰযোজ্য

8270.07

 

সৰ্ব মুঠ (+)

106830

95000.00

* এইসমূহ ৰাজ্যৰ জিএছটি ক্ষতিপূৰণ ব্যৱধান শূণ্য

****

RM/KMN/KB



(Release ID: 1698331) Visitor Counter : 168