সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

২০ ফেব্ৰুৱাৰীৰ পৰা নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ‘হুনাৰ হাট’ৰ আয়োজন কৰিব

২৬ তম ‘হুনাৰ হাট’ৰ থীম হ’ব ‘লোকেল ফৰ ভোকেল’

৩১ খনতকৈও অধিক ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা বৃহৎ সংখ্যক মহিলা শিল্পীকে ধৰি ৬০০ ৰো অধিক শিল্পী আৰু কাৰিকৰে অংশগ্ৰহণ কৰিব

সমগ্ৰ দেশৰ শিল্পী আৰু কাৰিকৰসকলৰ থলুৱা সামগ্ৰী প্ৰচাৰৰ বাবে ‘হুনাৰ হাট’ হৈছে এক ‘ উপযুক্ত মঞ্চ’- মুখতাৰ আব্বাছ নাকভি

জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ‘হুনাৰ হাট’ ভাৰ্চুৱেল আৰু অনলাইন প্লেটফৰ্ম http://hunarhaat.org ত আৰু জিইএম প’ৰ্টেলত উপলব্ধ হ’বঃ মুখতাৰ আব্বাছ নাকভি

Posted On: 14 FEB 2021 1:50PM by PIB Guwahati

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ২০ ফেব্ৰুৱাৰী ২০২১ৰ পৰা নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সমগ্ৰ দেশৰ থলুৱা শিল্পী আৰু কাৰিকৰসকলৰ ২৬তম ‘হুনাৰ হাট’ আয়োজন কৰিছে যিখন কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ২১ ফেব্ৰুৱাৰী ২০২১ তাৰিখে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

 

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী মনসুখ মাণ্ডভিয়াই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

 

২০ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চ ২০২১ লৈ ‘ভোকেল ফৰ লোকেল’ থীমেৰে ২৬তম ‘হুনাৰ হাট’ৰ আয়োজন কৰা হ'ব য'ত ৩১ খনতকৈও অধিক ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা বৃহৎ সংখ্যক মহিলা শিল্পীকে ধৰি ৬০০ ৰো অধিক শিল্পী আৰু কাৰিকৰে অংশগ্ৰহণ কৰিব।

 

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকভিয়ে আজি ইয়াত কয় যে সমগ্ৰ দেশৰ শিল্পী আৰু কাৰিকৰসকলৰ থলুৱা সামগ্ৰী প্ৰচাৰৰ বাবে এক উপযুক্ত মঞ্চ ‘হুনাৰ হাট’-এ এতিয়ালৈকে ৫ লাখতকৈও অধিক শিল্পী, কাৰিকৰক নিয়োগ আৰু নিয়োগৰ সুযোগ প্ৰদান কৰিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে আয়োজন কৰা ৭৫ ‘হুনাৰ হাট’ৰ জৰিয়তে ৭ লাখ ৫০,০০০ শিল্পী আৰু কাৰিকৰক নিয়োগ আৰু নিয়োগৰ সুযোগ প্ৰদান কৰিব।

 

শ্ৰী নাকভিয়ে কয় যে ৩১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিল্পী আৰু কাৰিকৰসকলে নতুন দিল্লীৰ ‘হুনাৰ হাট’ত অংশগ্ৰহণ কৰিছে। অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, চণ্ডীগড়, ছত্তীশগড়, দিল্লী, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, লাডাখ, মধ্য প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, উৰিষ্যা, পুদুচেৰী, পাঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ আদিৰ শিল্পী আৰু কাৰিকৰসকলে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত তেওঁলোকৰ উৎকৃষ্ট থলুৱা হস্তনিৰ্মিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ বাবে অংশগ্ৰহণ কৰিছে।

 

শ্ৰী নাকভিয়ে কয় যে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ‘হুনাৰ হাট’ ভাৰ্চুৱেল আৰু অনলাইন প্লেটফৰ্ম http://hunarhaat.org আৰু জিইএম প’ৰ্টেলত উপলব্ধ হ’ব য’ত দেশ আৰু বিদেশৰ লোকসকলে ডিজিটেল আৰু অনলাইনৰ জৰিয়তেও ‘হুনাৰ হাট’ৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।


শ্ৰী নাকভিয়ে কয় যে এফালে ‘হুনাৰ হাট’ থলুৱা শিল্পী আৰু কাৰিকৰসকলৰ ‘নিয়োগ আৰু সবলীকৰণ বিনিময়’ কেন্দ্ৰ হৈ পৰিছে, আনহাতে শিল্পী আৰু কাৰিকৰসকলক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বজাৰ প্ৰদান কৰাৰ বাবে ই এক ফলপ্ৰসূ মঞ্চ বুলিও প্ৰমাণিত হৈছে।

 

লাখ লাখ লোকে ৬ ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ কৰ্ণাটকৰ মহীশূৰত আয়োজিত ‘হুনাৰ হাট’ পৰিদৰ্শন কৰে আৰু থলুৱা শিল্পী আৰু কাৰিকৰসকলক উৎসাহিত কৰে। ‘ভোকেল ফৰ লোকেল’ৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান শক্তিশালী কৰিবলৈ জনসাধাৰণে বৃহৎ পৰিমাণত থলুৱা সামগ্ৰী ক্ৰয় কৰে।

 

শ্ৰী নাকভিয়ে কয় যে দৰ্শনাৰ্থীসকলে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ‘হুনাৰ হাট’ৰ ‘বাৱাৰচিখানা’ শাখাত দেশৰ প্ৰতিটো অঞ্চলৰ পৰা পৰম্পৰাগত সুস্বাদু খাদ্য উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও, নতুন দিল্লীৰ ‘হুনাৰ হাট’ত দেশৰ প্ৰখ্যাত শিল্পীসকলে পৰিৱেশন কৰা বিভিন্ন সাংস্কৃতিক আৰু সংগীত অনুষ্ঠানো উপভোগ কৰিব পাৰিব।

 

আগন্তুক দিনত, গোৱা, ভূপাল, জয়পুৰ, চণ্ডীগড়, মুম্বাই, হায়দৰাবাদ, ৰাঁচী, চুৰাট/আহমেদাবাদ, কোচি, গুৱাহাটী, ভূবনেশ্বৰ, পাটনা, জম্মু-কাশ্মীৰ আৰু অন্যান্য স্থানত ‘হুনাৰ হাট’ৰ আয়োজন কৰা হব।

 

***********



(Release ID: 1698010) Visitor Counter : 187