ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

পৰিয়ালৰ পেন্সনৰ উচ্চ সীমা প্ৰতিমাহে ৪৫,০০০টকাৰ পৰা ১,২৫,০০০টকালৈ বৃদ্ধি কৰা হৈছে : ড০ জিতেন্দ্ৰ সিং

Posted On: 12 FEB 2021 3:32PM by PIB Guwahati

পৰিয়ালৰ পেন্সনৰ উচ্চ সীমা প্ৰতিমাহে ৪৫,০০০টকাৰ পৰা ১,২৫,০০০টকালৈ বৃদ্ধি কৰা হৈছে। এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় কৰ্মচাৰী প্ৰশাসন বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। উত্তৰ পূৰ্বাঞ্চল উন্নয়ণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰিত্বৰ লগতে, ৰাজহুৱা অভিযোগ, আণৱিক শক্তি তথা মহাকাশ বিভাগৰো ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ড০ সিঙে কয় যে পৰিয়ালৰ পেন্সন সংক্ৰান্তত গ্ৰহণ কৰা সুদূৰ প্ৰসাৰী সংস্কাৰৰ সূত্ৰেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তই প্ৰয়াত কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গক বিত্তীয় সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰি স্বাচ্ছন্দ্যৰে জীৱন নিৰ্বাহৰ সুযোগ প্ৰদান কৰিব বুলিও তেওঁ মন্তব্য কৰে। পিতৃ-মাতৃৰ মৃত্যুৰ পিচত দুটা পেন্সনৰ পোৱাৰ বাবে যোগ্যতা থকা শিশুসকলৰ ক্ষেত্ৰত মুঠ পেন্সন প্ৰতিমাহে ১,২৫,০০০টকাৰ ভিতৰত সীমাবদ্ধ থাকিব বুলি ‘পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগে’ এক স্পষ্টীকৰণ জাৰি কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। পেন্সনৰ এই পৰিমান আগৰ ধনতকৈ আঢ়ৈ গুণৰো অধিক বুলি উল্লেখ কৰা হৈছে।

কেন্দ্ৰীয় অসামৰিক সেৱা(পেন্সন)বিধি ১৯৭২ৰ ৫৪(১১)নং উপবিধিৰ আধাৰত যদি স্বামী স্ত্ৰী দুয়োগৰাকীয়েই চৰকাৰী চাকৰিয়াল হয় তেন্তে তেওঁলোকৰ মৃত্যুৰ পিচত তেওঁলোকৰ সন্তানসকলে দুটা পেন্সন লাভ কৰাৰ অৰ্হতা অৰ্জন কৰে।

সপ্তম দৰ্মহা আয়োগৰ পৰামৰ্শ অনুসৰি সংশোধিত দৰ্মহাৰ নীৰিখ প্ৰতিমাহে ২,৫০,০০০টকা হোৱাৰ সূত্ৰেই চিচিএছ(পেন্সন) বিধিৰ ৫৪(১১)নং উপবিধিৰ আধাৰত পেন্সনৰ উচ্চ সীমা ১,২৫,০০০টকা কৰা হৈছে।

বিভিন্ন মন্ত্ৰালয়/বিভাগে কৰা প্ৰশ্নৰ আঁত ধৰিয়েই উল্লিখিত স্পষ্টীকৰণ আগবঢ়োৱা হৈছে।

<><><><><>

SNC/KB



(Release ID: 1697669) Visitor Counter : 120