বিত্ত মন্ত্ৰালয়

আৰু চাৰিখন ৰাজ্যই সম্পূৰ্ণ কৰিলে ‘ইজ অব ডুয়িং বিজনেছ’ সম্পৰ্কীয় সংস্কাৰ; ৫,০৩৪ কোটি টকা পৰিমাণৰ অতিৰিক্ত ধাৰ লোৱাৰ বাবে অনুমোদন লাভ

এই পৰ্যন্ত ১২খন ৰাজ্যই ‘ইজ অব ডুয়িং বিজনেছ’ সম্পৰ্কীয় সংস্কাৰ ৰূপায়ণ কৰি ২৮,১৮৩ কোটি টকাৰ অতিৰিক্ত ধাৰ লোৱাৰ বাবে অনুমোদন লাভ কৰিছিল

प्रविष्टि तिथि: 06 FEB 2021 11:59AM by PIB Guwahati

‘বিত্ত মন্ত্ৰালয়’ৰ ‘ব্যয় বিভাগে’ বান্ধি দিয়া সংস্কাৰ কৰ্যক্ৰমৰ বাধ্যবাধকতা স্বীকাৰ কৰি অসম, হাৰিয়াণা, হিমাচল প্ৰদেশ আৰু পাঞ্জাৱেও শেহতীয়া ভাবে ‘ইজ অব ডুয়িং বিজনেছ’ সম্পৰ্কীয় সংস্কাৰ কৰ্যক্ৰম ৰূপায়ণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। ইয়াৰ সুবাদতে ৰাজ্যকেইখনে অতিৰিক্ত ধাৰ লোৱাৰ বাবে অনুমোদন লাভ কৰে আৰু ৰাজ্যকেইখনলৈ ‘অ’পেন মাৰ্কেট বৰ’য়িং’-ব্যৱস্থাৰ জৰিয়তে ৫,০৩৪ কোটি টকাৰ অতিৰিক্ত বিত্তীয় পুঁজি অনুমোদিত কৰা হৈছে।

এই চাৰিখন ৰাজ্য হৈছে অসম, হাৰিয়াণা, হিমাচল প্ৰদেশ আৰু পাঞ্জাৱ। ইয়াকে লৈ এই সুবিধা লাভ কৰা ৰাজ্যৰ সংখ্যা ১২খনলৈ বৃদ্ধি পালে। ইয়াৰ আগতে, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, ওড়িশা, ৰাজস্থান, তামিল নাডু আৰু তেলেংগাণাই নিৰ্দ্ধাৰিত সংস্কাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অতিৰিক্ত পুঁজিৰ ধন ধাৰ হিচাপে গ্ৰহণ সুবিধা অৰ্জন কৰিছিল। এই তথ্য নিশ্চিত কৰিছে ‘উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগ’(ডিপিআইআইটি)য়ে।

‘ইজ অব ডুয়িং বিজনেছ’ সম্পৰ্কীয় সংস্কাৰ কৰ্যক্ৰম ৰূপায়ণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ সুবাদত ১২খন ৰাজ্যলৈ ২৮,১৮৩ কোটি টকাৰ অতিৰিক্ত ধাৰ লোৱাৰ অনুমোদন দিয়া হৈছে। তলত ৰাজ্যকেইখনে অনুমোদন লাভ কৰা ধনৰ পৰিমাণ উল্লেখ কৰা হ’ল:

 

ক্ৰমিক নং

ৰাজ্য

ধনৰ পৰিমান(কোটিৰ হিচাপত)

1.

অন্ধ্ৰ প্ৰদেশ

2,525

2.

অসম

934

3.

হাৰিয়াণা

2,146

4.

হিমাচল প্ৰদেশ

438

5.

কৰ্ণাটক

4,509

6.

কেৰালা

2,261

7.

মধ্য প্ৰদেশ

2,373

8.

ওড়িশা

1,429

9.

পাঞ্জাৱ

1,516

10.

ৰাজস্থান

2,731

11.

তামিল নাডু

4,813

12.

তেলেংগাণা

2,508

 

সংস্কাৰ সংযোজিত ধাৰ লোৱাৰ সুবিধা আদায় কৰা ১৭খন ৰাজ্যই ইয়াৰ বাবে নিৰ্দ্ধাৰিত কৰা চাৰিটা সংস্কাৰৰ অন্ততঃ এটা ৰূপায়ণৰ ব্যৱস্থা কৰিছিল। ইয়াৰে ১২খন ৰাজ্যই এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড, ১২খন ৰাজ্যই ‘ইজ অব ডুয়িং বিজনেছ’, ৫খন ৰাজ্যই ‘স্থানীয় নিকায়’ আৰু ২খন ৰাজ্যই ‘শক্তি সমস্কাৰ’ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। এই পৰ্যন্ত সংস্কাৰ–সংযোজিত ধাৰৰ সুবিধা শিতানত অনুমোদন জনোৱা ধনৰ মুঠ পৰিমান হ’ল ৭৪,৭৭৩কোটি টকা।

 

********

RM/KMN/KB


(रिलीज़ आईडी: 1695912) आगंतुक पटल : 232
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Tamil , Telugu , Malayalam