বিত্ত মন্ত্ৰালয়

২০২১-২২ ৰ বাজেটৰ সাৰাংশ

Posted On: 01 FEB 2021 2:10PM by PIB Guwahati

খণ্ড-A

আজি কেন্দ্ৰীয় বিত্ত ও কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে সংসদত কেন্দ্ৰীয় বাজেট, ২০২১-২২ দাখিল কৰে। এয়া হৈছে অপ্ৰত্যাশিত ক’ভিড-১৯ সংকটৰ মাজতে এই নতুন দশকৰ প্ৰথমখনি বাজেট আৰু প্ৰথমখনি ডিজিটেল বাজেট। আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে দৃষ্টি প্ৰোথিত কৰি, তেওঁ কয়, এয়া হৈছে স্ব সামৰ্থ্য আৰু দক্ষতাক লৈ পূৰ্ণ বিশ্বাসী ১৩০ কোটি ভাৰতীয়ৰ অভিব্যক্তি। তেওঁ কয় যে বাজেটৰ প্ৰস্তাৱসমূহে ৰাষ্ট্ৰ প্ৰথম, কৃষকৰ আয় দুগুণ, শক্তিশালী আন্তঃগাঁথনি, স্বাস্থ্যৱান ভাৰত, সু শাসন, যুৱ সমাজৰ অৰ্থে সুযোগ, সকলোৰে বাবে শিক্ষা, নাৰী সবলীকৰণ আৰু সৰ্বাংগীন উন্নয়ন তথা আনসমূহৰ বাবে সংকল্পৰাজিক সুদৃঢ় কৰি তুলিব। তদুপৰি, স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত ২০২২ ৰ আমৰুট মহোৎসৱত মূৰ্ত হ’বলগীয়া ২০১৫-১৬ ৰ বাজেটৰ ১৩ টি অংগীকাৰৰৰ ক্ষীপ্ৰ-ৰূপায়ণৰ পথটিত আগৱাই যোৱাৰ ৰূপৰেখা অংকন কৰা হৈছে এই বাজেটখনিৰ জৰিয়তে। এইসমূহো আত্মনিৰ্ভৰতাৰ দৃষ্টিৰ সৈতে অতিশয় প্ৰাসংগিক বুলি তেওঁ ব্যক্ত কৰে।

২০২১-২২ ৰ অৰ্থে বাজেট প্ৰস্তাৱসমূহ ৬ টা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।

  1. স্বাস্থ্য আৰু কল্যাণ
  2. বাস্তৱ ও আৰ্থিক মূলধন আৰু আন্তঃগাঁথনি
  3. আকাংক্ষিত ভাৰতৰ অৰ্থে সৰ্বব্যাপী উন্নয়ন
  4. মানৱ সম্পদৰ পুনৰুজ্জীৱন
  5. উদ্ভাৱন আৰু গৱেষণা ও উন্নয়ন
  6. ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসন

    Budget at a Glance - English
  1. স্বাস্থ্য আৰু কল্যাণ

স্বাস্থ্য আৰু কল্যাণৰ অৰ্থে ২০২০-২১ ৰ বাজেট প্ৰাক্কলন (BE) ৯৪,৪৫২ কোটি টকাৰ বিপৰীতে ২০২১-২২ ৰ বাজেট প্ৰাক্কলন ২,২৩,৮৪৬ কোটি টকা ব্যয় – এয়া বৃদ্ধিৰ হাৰ ১৩৭%।

Health and Wellbeing Expenditure - English

বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ৬ বছৰত ৬৪,১৮০ কোটি টকা ব্যয়েৰে এনএইচএমৰ সংযোজন হিচাপে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা নতুন আঁচনি পিএম আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনাৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ জৰিয়তে প্ৰাথমিক, আনুষাংগিক আৰু তৃতীয় কেয়াৰ স্বাস্থ্য প্ৰণালীৰ সামৰ্থ্য বৃদ্ধি কৰা হ’ব। তদুপৰি নতুন আৰু ক্ৰমবৰ্ধমান ৰোগৰ চিনাক্তকৰণ আৰু চিকিৎসা প্ৰদানৰ অৰ্থে বৰ্তমানে থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহ সুদৃঢ় কৰি তোলা হ’ব আৰু নতুন প্ৰতিষ্ঠান স্থাপন কৰা হ’ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত ইয়াক সংযোজিত কৰা যাব। এই আঁচনিখনৰ অধীনত মূল মধ্যবৰ্ত্তিতা সমূহ তলত উল্লেখ কৰা হৈছেঃ

    1. ১৭,৭৮৮ গ্ৰাম্য আৰু ১১,০২৪ নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ অৰ্থে সহায়
    2. সকলো জিলাত সংহত জন স্বাস্থ্য লেব আৰু ১১ ৰাজ্যত ৩৩৮২ খণ্ড জন স্বাস্থ্য ইউনিট স্থাপন;
    3. ৬০২ জিলা আৰু ১২ কেন্দ্ৰীয় প্ৰতিষ্ঠানত ক্ৰিটিকেল কেয়াৰ হাস্পতাল ব্লক স্থাপন;
    4. ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (NCDC), ইয়াৰ ৫ আঞ্চলিক শাখা আৰু ২০ মেট্ৰ’পলিটান স্বাস্থ্য নিৰীক্ষণ ইউনিটৰ সুদৃঢ়কৰণ;
    5. সকলো জন স্বাস্থ্য লেবক সংযোজিত কৰাৰ অৰ্থে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ সংহত স্বাস্থ্য় তথ্য পৰ্টেলৰ সম্প্ৰসাৰণ;
    6. ১৭ নতুন জন স্বাস্থ্য ইউনিট কাৰ্যক্ষম কৰি তোলা আৰু ৩২ বিমানবন্দৰ, ১১ সাগৰীয়া বন্দৰ আৰু ৭ ভূমি সীমাৰ প্ৰৱেশ পথত থকা ৩৩ জন স্বাস্থ্য ইউনিটৰ সুদৃঢ়কৰণ;
    7. ১৫ স্বাস্থ্য় জৰুৰীকালীন অপাৰেশ্যন কেন্দ্ৰ আৰু ২ ম’বাইল চিকিৎসালয় স্থাপন; আৰু
    8. একক স্বাস্থ্যৰ অৰ্থে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, বিশ্ব স্বাস্থ্য সংস্থা (WHO) দক্ষিণ-পূব এছিয়া অঞ্চলৰ অৰ্থে আঞ্চলিক গৱেষণা প্লেটফৰ্ম, ৯ জৈৱ-সুৰক্ষা III পৰ্যায়ৰ লেবৰেটৰী আৰু ভাইৰ’ল’জিৰ অৰ্থে ৪ আঞ্চলিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান স্থাপন।

1_Health Sector

1_Health Sector 1

ভেকচিন

২০২১-২২ বাজেট প্ৰাক্কলনত ক’ভিড-১৯ ৰ ভেকচিনৰ অৰ্থে ৩৫,০০০ কোটি টকাৰ ব্যৱস্থা।

বছৰি ৫০,০০০ শিশুৰ মৃত্যু ৰোধ কৰিবলৈ বৰ্তমানে ৫ ৰাজ্যৰপৰা সমগ্ৰ ৰাষ্ট্ৰখনতে মেড-ইন-ইণ্ডিয়া নিইম’ক’কাল ভেকচিন প্ৰদান কৰা হ’ব।

Vaccines Rollout

পুষ্টি

পুষ্টিজনিত উপাংশ, প্ৰদান, স্পৰ্শ কৰা আৰু ফলাফল সুদৃঢ়কৰণৰ অৰ্থে, চৰকাৰে পৰিপূৰক পুষ্টি কাৰ্যক্ৰম আৰু পোষণ অভিযানক একত্ৰিত কৰিব আৰু মিছন পোষণ, ২.০ ৰ শুভাৰম্ভ কৰিব।

পানী যোগান আৰু স্বচ্ছ ভাৰত অভিযানৰ সৰ্বজনীন কভাৰেজ

বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে সৰ্বজনীন পানী যোগানৰ অৰ্থে জলজীৱন অভিযান (নগৰীয়া) ৰ শুভাৰম্ভ কৰা হ’ব। সমূহ ৪,৩৭৮ নগৰীয়া স্থানীয় নিকায়ৰ ২.৮৬ কোটি গৃহস্থীক সামৰি টেপ সংযোগ আগবঢ়োৱা হ’ব। ২,৮৭,০০০ কোটি টকা ব্যয় সাপেক্ষে ৫ বছৰৰ বাবে ইয়াক ৰূপায়ণ কৰা হ’ব। তদুপৰি, মুঠ ১,৪১,৬৭৮ কোটি টকা আৰ্থিক অনুদানেৰে নগৰীয়া স্বচ্ছ ভাৰত অভিযান ৰূপায়ণ কৰা হ’ব। ২০২১ ৰপৰা ২০২৬ লৈ ৫ বছৰৰ বাবে ইয়াক ৰূপায়ণ কৰা যাব। তদুপৰি, বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ ২,২১৭ কোটি টকা ৪২ নগৰীয়া কেন্দ্ৰসমূহলৈ আগবঢ়োৱাৰ প্ৰস্তাৱ জনাইছে চৰকাৰে। পুৰণি আৰু আনফিট বাহন চিনাক্ত কৰিবলৈ স্বেচ্ছামূলক বাহন স্ক্ৰেপিং পলিচীও ঘোষণা কৰা হয়। ব্যক্তিগত বাহনৰ ক্ষেত্ৰত ২০ বছৰৰ পাছত আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত ১৫ বছৰৰ পাছত অট’মেটেড ফিটনেছ চেন্টাৰত ফিটনেছ টেষ্টৰ প্ৰস্তাৱ জনোৱা যায়।

Swachch Bharat, Swasth Bharat

  1. বাস্তৱ ও আৰ্থিক মূলধন আৰু আন্তঃগাঁথনি

আত্মনিৰ্ভৰ ভাৰত- প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনি

বিত্তমন্ত্ৰীয়ে কয় যে এখনি ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতিৰ অৰ্থে, আমাৰ মেনুফেক্সাৰিং খণ্ডৰ নিৰন্তৰভাৱে দ্বৈত অংকত বিকশিত হৈছে। আমাৰ মেনুফেক্সাৰিং কোম্পানীসমূহ বৈশ্বিক যোগান শৃংখল, শেহতীয়া প্ৰযুক্তিৰ এটা সংহত অংশ হোৱাটো আৱশ্যকীয়। উল্লেখিত লক্ষ্যসমূহত উপনীত হ’বলৈ, ১৩ খণ্ডত পিএলআই আঁচনিৰ অৰ্থে অহা ৫ বছৰত ১.৯৭ লাখ কোটি টকা হ’ব। এই আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে মেনুফেক্সাৰিং গ্ল’ৱেল চেম্পিয়ন গঢ়ি তোলা যাব। ই মূল খণ্ডসমূহৰ স্কেল আৰু ৰূপ সাধন কৰাত সহায় কৰিব আৰু গ্ল’ৱেল চেম্পিয়নৰ প্ৰতিপালনত সহায় আগবঢ়াব তথা আমাৰ যুৱ সমাজৰ অৰ্থে নিয়োগ সৃষ্টি কৰিব।

বস্ত্ৰ

একেদৰে, বস্ত্ৰ উদ্যোগটোক বৈশ্বিকভাৱে প্ৰতিযোগিতামূলক কৰি তুলিবলৈ, বৃহৎ বিনিয়োগক আকৰ্ষিত কৰি তুলিবলৈ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ বৰ্ধনৰ অৰ্থে পিএলআইৰ সংযোজন স্বৰূপে মেগা ইনভেষ্টমেন্ট টেক্সটাইল পাৰ্ক (MITRA) শীৰ্ষক এখনি আঁচনি শুভাৰম্ভ কৰা হ’ব।

TEXTILE

আন্তঃগাঁথনি

২০১৯ ৰ ডিচেম্বৰত বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন (NIP) হৈছে এটি অনন্য প্ৰচেষ্টা। ৬৮৩৫ টা প্ৰকল্পৰে আৰম্ভ হোৱা ইয়াক এতিয়া ৭,৪০০ প্ৰকল্পলৈ সম্প্ৰসাৰিত কৰা হৈছে।

Infrastructure 1

Infrastructure 2

আন্তঃগাঁথনি অৰ্থায়ন ডেভলপমেন্ট ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন (DFI)

আন্তঃগাঁথনি খণ্ডটোক প্ৰবুদ্ধ কৰি, শ্ৰীমতী সীতাৰমণে কয় যে আন্তঃগাঁথনিৰ অৰ্থে দীৰ্ঘ ম্যাদী ঋণ অৰ্থায়ন আৱশ্যকীয়। আন্তঃগাঁথনি অৰ্থায়নৰ অৰ্থে সৰবৰাহকাৰী, সক্ষমকাৰী আৰু অনুঘটক হিচাপে ক্ৰিয়া কৰিবলৈ এটা পেছাগতভাৱে পৰিচালিত ডেভলপমেন্ট ফাইনেন্সিয়েল ইনষ্টিটিউচন প্ৰয়োজনীয়। সেই অনুসাৰে, ডিএফআই প্ৰতিষ্ঠাৰ অৰ্থে এখনি বিধেয়ক উত্থাপন কৰা হ’ব। ইয়াৰ অৰ্থে কেন্দ্ৰীয় বাজেটত ২০,০০০ কোটি টকা আবন্টন দিয়া হৈছে। যাৰ জৰিয়তে তিনি বছৰ সময়সীমাৰ ভিতৰত ঋণদাতাৰ অৰ্থে ৫ লাখ কোটি টকাৰ পৰ্ট’ফলিঅ’ থকাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়।

সম্পদ নগদীকৰণ

“ৰাষ্ট্ৰীয় মনিটাইজেশ্যন পাইপলাইন”ৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ অৰ্থে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছেঃ

  1. ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পিজিচিআইএলে প্ৰত্যেকেই এটা আন্তঃগাঁথনি আইটিৰ পৃষ্ঠপোষকতা কৰিব। যাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা আনুষ্ঠানিক বিনিয়োগকাৰীক আকৰ্ষিত কৰা যাব।
  2. ৰেলৱেয়ে ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ সম্পদ নগদীকৰণ কৰিব।
  3. পৰৱৰ্তী পদক্ষেপত বিমানবন্দৰৰ নগদীকৰণ কৰা হ’ব।

পথ আৰু ঘাইপথ আন্তঃগাঁথনি

বিত্তমন্ত্ৰীয় ঘোষণা কৰে যে ৫.৩৫ লাখ কোটি টকীয়া ভাৰতমালা পৰিযোজনাৰ অধীনত, ৩.৩ লাখ কোটি টকা ব্যয় সাপেক্ষে ১৩,০০০ কিঃমিঃ ৰৰোধিক দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিবলৈ আগবঢ়া হৈছে। সৰ্বকালৰ সৰ্বাধিক ব্যয় হিচাপে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অৰ্থে ১,১৮,১০১ লাখ কোটি টকা ধাৰ্য্য কৰা হৈছে – ইয়াৰে ১,০৮,২৩০ কোটি টকা কেপিটেলৰ অৰ্থে। পথ আন্তঃগাঁথনিৰ বৰ্ধনৰ অৰ্থে অৰ্থনৈতিক বুলনিৰ পৰিকল্পনা কৰা হৈছে।

ROADS AND HIGHWAY INFRASTRUCTURE

ROADS AND HIGHWAY INFRASTRUCTURE 1

ৰেলৱে আন্তঃগাঁথনি

ভাৰতীয় ৰেলৱেয়ে ভাৰতৰ অৰ্থে ৰাষ্ট্ৰীয় ৰেল পৰিকল্পনা (২০৩০) প্ৰস্তুত কৰিছে। ইয়াৰ জৰিয়তে ২০৩০ ৰ ভিতৰত ‘ফিউচাৰ ৰেডী’ ৰেলৱে প্ৰণালী গঢ়ি তোলা হ’ব। মেক ইন ইণ্ডিয়া কৌশলক সুগম কৰি তুলি লজিষ্টিক ব্যয় লাঘৱ কৰিবলৈ ২০২২ ৰ জুনত পশ্চিম ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ (DFC) আৰু পূব ডিএফচি কাৰ্যক্ষম হৈ উঠিব। ৰেলৱেৰ অৰ্থে ১,১০,০৫৫ কোটি টকা ধাৰ্য্য কৰা হৈছে। ইয়াৰে ১,০৭,১০০ কোটি টকা মূলধনী ব্যয়ৰ অৰ্থে।

railway

নগৰীয়া আন্তঃগাঁথনি

চৰকাৰখনে মেট্ৰ’ ৰেল নেটৱৰ্কৰ সম্প্ৰসাৰণ আৰু চিটি বাছ সেৱাৰ বৃদ্ধিৰদ্বাৰা নগৰীয়া অঞ্চলত ৰাজহুৱা পৰিবহণৰ শ্বেয়াৰ বৃদ্ধি কৰিবলৈ অহৰহ কাৰ্য সম্পাদন কৰি আহিছে। ৰাজহুৱা বাছ পৰিবহণ বৃদ্ধিৰ অৰ্থে ১৮,০০০ কোটি টকীয়া এখন নতুন আঁচনিৰ শুভাৰম্ভ কৰা হ’ব।

Urban Infrastructure

শক্তি আন্তঃগাঁথনি

যোৱা ৬ বছৰত ১৩৯ গিগা ৱাটৰ সংস্থাপিত সামৰ্থ্য আৰু ১.৪১ লাখ চাৰ্কিট কিঃমিঃ ৰ ট্ৰেন্সমিশ্যন লাইনৰ সংযোজন ঘটোৱা হৈছে আৰু ২.৮ কোটি গৃহস্থী অতিৰিক্তভাৱে সংযোজিত কৰা হৈছে।

বিতৰণ কোম্পানীসমূহৰ প্ৰয়োগসাধ্যতাৰ ওপৰত গুৰুতৰ মনোযোগ ব্যক্ত কৰি, বিত্তমন্ত্ৰীগৰাকীয়ে পুনৰায় গঠিত, সংস্কাৰ-মূলক আৰু ফলাফল-সংযোজিত নতুন শক্তি বিতৰণ খণ্ড আঁচনিৰ অৰ্থে ৫ বছৰত ৩,০৫,৯৮৪ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ জনায়।

Power Sector - Copy

বন্দৰ, জাহাজ, জলপথ

মূল বন্দৰসমূহৰ অভিযান পৰিচালনাৰে ব্যক্তিগত অংশীদাৰিত্বক সংযোজিত কৰা হ’ব। ইয়াৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব মডেল যুগুত কৰা যায়। সেই উদ্দেশ্যৰে মূল বন্দৰসমূহ পৰিচালনাৰ অৰ্থে ২১-২২ বিত্তীয় বৰ্ষত পিপিপি-ধৰণেৰে ২,০০০ কোটি টকা মূল্যৰ ৭ প্ৰকল্প আগবঢ়োৱা হ’ব।

Ports, Shipping, Waterways

পেট্ৰলিয়াম ও প্ৰাকৃতিক গেছ

শ্ৰীমতী সীতাৰমণে কয় যে ক’ভিড-১৯ মহামাৰীটোৰ সময়ছোৱাত কোনো ধৰণৰ বাধা অবিহনেই দেশখনৰ সকলো অঞ্চললৈ ইন্ধনৰ যোগান অব্যাহত ৰখা যায়। জনসাধাৰণৰ দৈনন্দিন জীৱন-যাপনত এই খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি, নিম্ন উল্লেখিত প্ৰচেষ্টাৰাজি ঘোষণা কৰা যায়ঃ

  1. উজ্জ্বলা আঁচনিয়ে বৰ্তমানে প্ৰায় ৮ কোটি হিতাধিকাৰীক সেৱা আগবঢ়াইছে আৰু ১ কোটিৰো অধিক হিতাধিকাৰীক সামৰি ল’বলৈ ইয়াৰ সম্প্ৰসাৰণ কৰা হ’ব।
  2. চৰকাৰে অহা ৩ বছৰত চিটি গেছ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কৰে ১০০ অধিক জিলাক সামৰি ল’ব।
  3. জম্ম-কাশ্মীৰত এটা নতুন গেছ পাইপলাইন প্ৰকল্প ৰূপায়ণ কৰা হ’ব।
  4. এটা স্বতন্ত্ৰ গেছ পৰিবহণ প্ৰণালী অপাৰেটৰ স্থাপন কৰা হ’ব।

Peroleum & natural gas

আৰ্থিক মূলধন

বিত্তমন্ত্ৰীগৰাকীয়ে এছইবিআই আইন, ১৯৯২, ডিপ’জিটৰী আইন, ১৯৯৬, চিকিউৰিটি কনট্ৰেক্টচ (ৰেগুলেশ্যন) আইন, ১৯৫৬ আৰু গভমেন্ট চিকিউৰিটি আইন, ২০০৭ ৰ ব্যৱস্থাৰাজি একত্ৰিত কৰাৰ প্ৰস্তাৱ জনায়। এই আইনসমূহক একত্ৰিত কৰি এটা একক চিকিউৰিটি মাৰ্কেট ক’ড বিবৰ্তিত কৰা হ’ব। চৰকাৰখনে জিআইএফটি-আইএফএছচি ত বিশ্বমানৰ এটা ফিন-টেক হাব স্থাপনৰ অৰ্থে সহযোগিতা আগবঢ়াব।

financial

বীমা খণ্ডত এফডিআই বৃদ্ধি

তেওঁ তদুপৰি বীমা আইন, ১৯৩৮ ৰ সংশোধনীৰ প্ৰস্তাৱ জনায়। ইয়াৰ জৰিয়তে অনুমোদনযোগ্য় এফডিআই সীমা ৪৯% ৰপৰা ৭৪% লৈ বৃদ্ধি কৰাৰ পোষকতা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

পুনঃ বিয়িয়োগ আৰু কৌশলী বিক্ৰী

ক’ভিড-১৯ সত্বেও চৰকাৰে কৌশলী পুনঃবিনিয়োগৰ অৰ্থে কাম অব্যাহত ৰাখিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ২০২১-২২ ত বিপিচিএল, এয়াৰ ইণ্ডিয়া, শ্বিপিং কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া, কন্টেইনাৰ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া, আইডিবিআই বেংক, বিইএমএল, পৱন হংস, নীলাচল ইস্পাত নিগম লিমিটেড ইত্যাদিৰ কৌশলী পুনঃ বিনিয়োগ সম্পূৰ্ণ হৈ উঠিছে। আইডিবিআই বেংকৰ বাহিৰে, দুটা ৰাজহুৱা খণ্ডৰ বেংক আৰু এটা সাধাৰণ বীমা কোম্পানীৰ ব্যক্তিগতকৰণ কৰা হ’ব।

Disinvestment and Strategic Sales

২০২১-২২ ত এলআইচিৰ আইপিঅ’ প্ৰৱৰ্তন কৰিব।

3. আকাংক্ষিত ভাৰতৰ অৰ্থে সৰ্বব্যাপী উন্নয়ন

আকাংক্ষিত ভাৰতৰ অৰ্থে সৰ্বব্যাপী উন্নয়ন শীৰ্ষক স্তম্ভটোৰ অধীনত বিত্তমন্ত্ৰীগৰাকীয়ে কৃষি আৰু সংযোগী খণ্ড, কৃষকৰ কল্যাণ আৰু গ্ৰামীণ ভাৰত, প্ৰব্ৰজিত শ্ৰমিক আৰু কৰ্মীক বিত্তীয় অন্তৰ্ভুক্তিৰে সামৰি লোৱাৰ কথা ঘোষণা কৰে।

কৃষি

কৃষকসকলৰ কল্যাণৰ অৰ্থে চৰকাৰখন অংগীকাৰবদ্ধ বুলি ব্যক্ত কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, খাদ্যশস্যৰ ক্ৰয় আৰু কৃষকসকলক পৰিশোধৰ তীব্ৰ বৃদ্ধিসহ উৎপাদনী ব্যয়ৰ অতিকমেও ১.৫ গুণ অধিক নিশ্চিত মূল্যৰে এমএছপি আমোলত “সাগৰসদৃশ পৰিৱৰ্তন” সাধন হৈছে।

Agriculture 2

সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ স্বামিত্ব আঁচনি সম্প্ৰসাৰিত কৰা হৈছে।       ২২ বিত্তীয় বৰ্ষত কৃষিজাত ক্ৰেডিট ১৬.৫ লাখ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।  গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি ৩০,০০০ কোটি টকাৰপৰা ৪০,০০০ কোটি টকালৈ বৃদ্ধি কৰা হ’ব।    ক্ষুদ্ৰ জলসিঞ্চন পুঁজি ১০,০০০ কোটি টকালৈ দুগুণ কৰা হৈছে।  ২২ বিনষ্টযোগ্য পণ্য়লৈ ‘অপাৰেশ্যন গ্ৰীণ স্কিম’ সম্প্ৰসাৰিত কৰা হ’ব।

Agriculture 1

মৎস্য খণ্ড

আধুনিক মৎস্য পালন আশ্ৰয় আৰু মাছ লেণ্ডিং কেন্দ্ৰৰ অৰ্থে বিনিয়োগ কৰা হ'ব। তামিল নাডুত বহুমুখী সমুদ্ৰ উদ্ভিদ পাৰ্ক স্থাপন কৰা যাব।

প্ৰব্ৰজিত শ্ৰমিক আৰু কৰ্মী

চৰকাৰে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আঁচনি প্ৰৱৰ্তন কৰিছে।    অসংগঠিত শ্ৰমিক বল, প্ৰব্ৰজিত শ্ৰমিকৰ তথ্য সংগ্ৰহ কৰিবলৈ পৰ্টেল প্ৰৱৰ্তন কৰা যায়।     ৪ শ্ৰম সংহিতা ৰূপায়ণৰ কাম অব্যাহত ৰখা হৈছে।

migrant workers

বিত্তীয় অন্তৰ্ভুক্তি

এছচি, এছটি আৰু মহিলাৰ অৰ্থে ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনি সূচনা কৰা যায়। এমএছএমই খণ্ডলৈ ১৫,৭০০ কোটি টকা আবন্টন দিয়া হৈছে যাৰ পৰিমাণ পূৰ্ববৰ্তী বৰ্ষৰ বাজেট প্ৰাক্কলনতকৈ দুগুণ।

4. মানৱ সম্পদৰ পুনৰুজ্জীৱন

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে স্কুলীয়া শিক্ষাৰ অধীনত ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ৰ উপাংশসমূহ ৰূপায়ণৰদ্বাৰা ১৫,০০০ বিদ্যালয় সুদৃঢ় কৰা যাব। ১০০ নতুন সৈনিক বিদ্যালয় স্থাপন কৰা হ’ব। উচ্চ শিক্ষাৰ অধীনত ভাৰতৰ উচ্চ শিক্ষা আয়োগ স্থাপনৰ অৰ্থে আইন প্ৰৱৰ্তন কৰা যাব। এখন চহৰৰ সকলো চৰকাৰী মহাবিদ্য়ালয়, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠানক সামৰি ল’বলৈ আনুষ্ঠানিক ছত্ৰ গঠন প্ৰতিষ্ঠা কৰা হ’ব। লেহত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ আগবঢ়া হৈছে।

education

অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ

চৰকাৰে জনজাতীয় অধ্যুষিত অঞ্চলসমূহত ৭৫০ একলৱ্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰিব। অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ অৰ্থে মেট্ৰিক পৰৱৰ্তী স্কলাৰশ্বীপ আঁচনিৰ পুনৰাই গঠন কৰা হ’ব।

দক্ষতা বিকাশ
যুৱ সমাজৰ অৰ্থে এপ্ৰেনটিছশ্বীপ সুযোগ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰখনে এপ্ৰেনটিছশ্বীপ আইনৰ সংশোধনীৰ চিন্তা-চৰ্চা কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা-পৰৱৰ্তী এপ্ৰেনটিছশ্বীপ, ইঞ্জিনিয়াৰিঙৰ স্নাতক আৰু ডিপ্লমাধাৰীসকলৰ প্ৰশিক্ষণ আগবঢ়াবলৈ বাহাল থকা ৰাষ্ট্ৰীয় এপ্ৰেনটিছশ্বীপ প্ৰশিক্ষণ আঁচনি (NATS) ৩,০০০ কোটিৰো অধিক টকাৰ ব্যৱস্থাৰে পুনৰ্যোজিত কৰা হ’ব। নিৰ্মলা সীতাৰমণে কয় যে প্ৰত্যয়িত কৰ্মশক্তি নিয়োজনসহ উন্নত দক্ষতা মাপকাঠি, মূল্যায়ন আৰু প্ৰমাণপত্ৰদানৰ অৰ্থে সংযুক্ত আৰৱ আমিৰাত (UAE) ৰ সৈতে এটি প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। জাপানৰ ঔদ্যোগিক আৰু বৃত্তিমূলক দক্ষতা, কৌশল আৰু জ্ঞান হস্তান্তৰ সুচলতৰ কৰি তুলিবলৈ ভাৰত আৰু জাপানৰ মাজত সহযোগী প্ৰশিক্ষণ আন্তঃ প্ৰশিক্ষণ কাৰ্যক্ৰম (TITP) ৰ ব্যৱস্থা কৰা হৈছে। এনে প্ৰচেষ্টা আন বহু ৰাষ্ট্ৰৰ সৈতে আগবঢ়াই নিয়া হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

SKILLING

5. উদ্ভাৱন আৰু গৱেষণা ও উন্নয়ন

বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত কয় যে ২০১৯ ৰ জুলাইত নেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ মডেলিটি ঘোষণা কৰা হৈছিল।   পৰিশোধৰ ডিজিটেল ম’ডক প্ৰোৎসাহিত কৰি তুলিবলৈ প্ৰস্তাৱিত আঁচনিৰ অৰ্থে ১,৫০০ কোটি টকা ধাৰ্য্য কৰা হৈছে। নেশ্যনেল লেংগুৱেজ ট্ৰেন্সলেশ্যন মিছন (NTLM) শীৰ্ষক এটি নতুন প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব। নিউ স্পেছ ইণ্ডিয়া লিমিটেড (NSIL) ৰ দ্বাৰা পিএছএলভি-চিএছ৫১ উৎক্ষেপন কৰা হয়। ডীপ অ’ছিয়ান মিছনৰ অৰ্থে পাঁচ বছৰত ৪,০০০ কোটি টকা ধাৰ্য্য কৰা হৈছে।

Innovation and R&D

6. ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসন

বাজেটখনিৰ ছটা স্তম্ভৰ শেষৰটো সন্দৰ্ভত ব্যক্ত কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ক্ষীপ্ৰ ন্যায়দান নিশ্চিত কৰিবলৈ ন্যায়াধীকৰণসমূহৰ সংস্কাৰ সাধনাৰ্থে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। সংযোগী হেল্থকেয়াৰ কৰ্মীসকলৰ অৰ্থে ৰাষ্ট্ৰীয় আয়োগ ইতিমধ্যে গঠন কৰা হৈছে। নেশ্যনেল নাৰ্ছিং এণ্ড মিডৱাইফ কমিশ্যন বিল প্ৰৱৰ্তন কৰা হৈছে।

Central Revenue and Expenditure - English

খণ্ড-B

বাজেট ভাষণৰ খণ্ড B ত, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কৰ প্ৰশাসন, মামলা-মোকৰ্দমা ব্যৱস্থাপনা আৰু প্ৰত্যক্ষ কৰ প্ৰশাসনৰ ইজ অৱ কমপ্লিয়েন্সৰ অধিক সৰলীকৰণৰ পোষকতা কৰে।

Tax Receipts - English

প্ৰত্যক্ষ কৰৰ প্ৰস্তাৱ

বিত্তমন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ নাগৰিকসকললৈ আয় কৰ ৰিটাৰ্ণ ফাইলিঙত সাহাৰ্য্য আগবঢ়ায়। তদুপৰি আয় কৰ প্ৰচিডিঙৰ অৰ্থে সময় হ্ৰাস কৰিবলৈ বিবাদ নিষ্পত্তি কমিটি গঠন কৰা হ’ব বুলি ব্যক্ত কৰে। ফেছলেছ মূল্যায়ন আৰু ফেছলেছ আপিল প্ৰৱৰ্তন কৰা, এনআৰআইলৈ শিথিলকৰণৰ কথা কয়।

DIRECT TAX

শ্ৰীমতী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত কয় যে মহামাৰী-পৰৱৰ্তী সময়ত এখনি নতুন বিশ্বৰ অনুক্ৰম প্ৰত্যক্ষ কৰা হৈছে আৰু ইয়াত ভাৰতে এটা উল্লেখনীয় ভূমিকা পালন কৰিবলৈ আগবাঢ়িছে।

পৰোক্ষ কৰৰ প্ৰস্তাৱ

পৰোক্ষ কৰৰ প্ৰস্তাৱ প্ৰসংগত, মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা কেইটামান মাহত অভিলেখ সংখ্যক জিএছটি সংগ্ৰহ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে জিএছটিক সৰলীকৃত কৰিবলৈ এলানি পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিএছটিএন প্ৰণালীৰ সামৰ্থ্য ঘোষণা কৰা হৈছে।

শুল্ক নীতিৰ সন্দৰ্ভত, বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ঘৰুৱা মূল্য় সংযোজনক প্ৰোৎসাহিত কৰিবলৈ শুল্ক হাৰ হ্ৰাস কৰা হৈছে। ইলেকট্ৰনিক আৰু ম’বাইল ফোন উদ্যোগৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে চাৰ্জাৰৰ কিছু অংশ আৰু ম’বাইলৰ কিছু উপাংশৰ ওপৰত কেতবোৰ ৰেহাই আঁতৰ কৰা হৈছে। ম’বাইলৰ কিছু অংশৰ শুল্ক শূন্যৰপৰা ২.৫% লৈ সংশোধনী কৰা হৈছে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ছ’লাৰ চেল আৰু ছ’লাৰ পেনেলৰ অৰ্থে পৰ্যায়ক্ৰমিক মেনুফেক্সাৰিং প্লেন ঘোষণা কৰা যাব। বাজেটখনিত এমএছএমই ক লাভান্বিত কৰিবলৈ কেতবোৰ নিৰ্দিষ্ট সংশোধনী ঘটোৱা হৈছে। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে ষ্টীল স্ক্ৰিউ আৰু প্লাষ্টিক বিল্ডাৰ ৱেৰৰ ওপৰত শুল্ক ১৫% লৈ বৃদ্ধি কৰা হৈছে।

***

RM/BB/YB/SNC/SB



(Release ID: 1694606) Visitor Counter : 3660