বিত্ত মন্ত্ৰালয়

মহিলা আৰু শিশুকে প্ৰমুখ্য কৰি অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকলৈ কল্যাণ আঁচনিৰ বাবে ১০০০ কোটি টকা

৩০০০ কোটিৰো অধিক টকাৰ ব্যৱস্থাৰে ৰাষ্ট্ৰীয় এপ্ৰেনটিছশ্বীপ প্ৰশিক্ষণ আঁচনি পুনৰ্যোজিত কৰা হ’ব

যুৱ সমাজৰ বাবে নিয়োগৰ সুযোগ বৃদ্ধিৰ অৰ্থে এপ্ৰেনটিছশ্বীপ আইনৰ সংশোধন কৰা হ’ব

Posted On: 01 FEB 2021 1:39PM by PIB Guwahati

চৰকাৰখনে বিশেষকৈ ক’ভিড-১৯ মহামাৰীটোৰ সময়ছোৱাত সমাজখনৰ দুৰ্বল আৰু অসহায় শ্ৰেণীটোক সুৰক্ষিত কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে। আজি সংসদত কেন্দ্ৰীয় বাজেট, ২০২১-২২ উপস্থাপন কৰি, কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে তিনি সপ্তাহ দিঘলীয়া সম্পূৰ্ণ লকডাউন ঘোষণাৰ ৪৮ ঘন্টাৰ ভিতৰত, প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা (PMGKY) ৰ কথা ব্যক্ত কৰিছিল। ২.৭৬ লাখ কোটি টকীয়া এই পিএমজিকেৱাই ৰ জৰিয়তে ৮০০ নিযুত লোকলৈ বিনামূলীয়া খাদ্য শস্য, ৮০ নিযুত পৰিয়াললৈ বিনামূলীয়া ৰন্ধন গেছ আৰু ৪০০ নিযুতৰো অধিক কৃষক, মহিলা, বৃদ্ধ, দৰিদ্ৰ আৰু অভাৱী লোকলৈ নগদ ধন আগবঢ়োৱা হয়।

দুৰ্বল শ্ৰেণীটোৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থাৰাজি সন্দৰ্ভত, বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে এছচি, এছটি আৰু মহিলাৰ বাবে ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ অধীনত ক্ৰেডিট প্ৰৱাহ অধিক সহজতৰ কৰি তুলিবলৈ, প্ৰান্তিক ধনৰ প্ৰয়োজনীয়তা ২৫% ৰপৰা ১৫% লৈ হ্ৰাস কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু কৃষিৰ সংযোগী কাৰ্য-কলাপৰ অৰ্থেও লোনক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ লোৱা যায়।

বিত্তমন্ত্ৰীগৰাকীয়ে অসম আৰু পশ্চিম বংগৰ মহিলা আৰু শিশুসকলকে প্ৰমুখ্য কৰি চাহ শ্ৰমিকসকলৰ কল্যাণৰ অৰ্থে ১,০০০ কোটি টকা আগবঢ়োৱাৰ প্ৰস্তাৱ ৰাখে যাৰ বাবে এটি বিশেষ আঁচনিৰ পৰিকল্পনা কৰা হ’ব।

শ্ৰীমতী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে জনজাতীয় অধ্যুষিত অঞ্চলসমূহত ৭৫০ খন একলৱ্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য হাতত লোৱা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এনে প্ৰতিখন বিদ্যালয়ৰ ইউনিট ব্যয় ২০ কোটি টকাৰপৰা ৩৮ কোটি টকা আৰু পাবৰ্ত্য আৰু প্ৰত্যন্ত এলেকাত ইউনিট ব্যয় ৪৮ কোটি টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ অৰ্থে বলিষ্ঠ আন্তঃগাঁথনি ব্যৱস্থা সৃষ্টিত ই সহায় আগবঢ়াব।

তেওঁ তদুপৰি কয় যে অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ অৰ্থে মেট্ৰিক পৰৱৰ্তী স্কলাৰশ্বীপ আঁচনি পুনৰাই যুগুত কৰা হৈছে আৰু ইয়াৰ বাবে কেন্দ্ৰীয় সাহাৰ্য্য বৃদ্ধি কৰা হৈছে। ২০২৫-২০২৬ পৰ্যন্ত ৬ বছৰৰ বাবে মুঠ ৩৫,২১৯ কোটি টকা আবন্টন দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ই ৪ কোটি অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীক লাভান্বিত কৰিব বুলি তেওঁ কয়।

বিত্তমন্ত্ৰীগৰাকীয়ে তদুপৰি কয় যে এই বৰ্ষত এমএছএমই খণ্ডটোৰ বাবে পৰিব্যয় ১৫,৭০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে, যাৰ পৰিমাণ চলিত বৰ্ষৰ বাজেট প্ৰাক্কলন (BE) তকৈ দুগুণৰো অধিক।

যুৱ সমাজৰ কৰ্মসংস্থান বৃদ্ধিৰ অৰ্থে ব্যৱস্থাৰাজি

যুৱ সমাজৰ অৰ্থে এপ্ৰেনটিছশ্বীপ সুযোগ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰখনে এপ্ৰেনটিছশ্বীপ আইনৰ সংশোধনীৰ চিন্তা-চৰ্চা কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা-পৰৱৰ্তী এপ্ৰেনটিছশ্বীপ, ইঞ্জিনিয়াৰিঙৰ স্নাতক আৰু ডিপ্লমাধাৰীসকলৰ প্ৰশিক্ষণ আগবঢ়াবলৈ বাহাল থকা ৰাষ্ট্ৰীয় এপ্ৰেনটিছশ্বীপ প্ৰশিক্ষণ আঁচনি (NATS) ৩,০০০ কোটিৰো অধিক টকাৰ ব্যৱস্থাৰে পুনৰ্যোজিত কৰা হ’ব।

শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে প্ৰত্যয়িত কৰ্মশক্তি নিয়োজনসহ উন্নত দক্ষতা মাপকাঠি, মূল্যায়ন আৰু প্ৰমাণপত্ৰদানৰ অৰ্থে সংযুক্ত আৰৱ আমিৰাত (UAE) ৰ সৈতে এটি প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। জাপানৰ ঔদ্যোগিক আৰু বৃত্তিমূলক দক্ষতা, কৌশল আৰু জ্ঞান হস্তান্তৰ সুচলতৰ কৰি তুলিবলৈ ভাৰত আৰু জাপানৰ মাজত সহযোগী প্ৰশিক্ষণ আন্তঃ প্ৰশিক্ষণ কাৰ্যক্ৰম (TITP) ৰ ব্যৱস্থা কৰা হৈছে। এনে প্ৰচেষ্টা আন বহু ৰাষ্ট্ৰৰ সৈতে আগবঢ়াই নিয়া হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

**********

RM/BB/NB/UD/SB



(Release ID: 1694017) Visitor Counter : 196