স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাষ্ট্ৰপতিয়ে ২০২১ৰ দেশজোৰা পালছ পলিঅ’ অভিযান মুকলি কৰে

কাইলৈ ‘পলিঅ’ দেওবাৰ’ৰ সময়ছোৱাত ১৭ কোটিৰো অধিক শিশুক পলিঅ’ৰ টোপাল প্ৰদান কৰা হ’ব

পলিঅ’ মুক্ত হোৱাৰ এটা দশক, ২০১১ত অন্তিমটো পলিঅ’ আক্ৰান্তৰ ঘটনা পোৱা গৈছিলঃ ড০ হৰ্ষ বৰ্ধন

“ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, স্বাস্থ্যসেৱা কৰ্মী, স্বেচ্ছাসেৱক, নাগৰিক সমাজ সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাই ভাৰতক তিনি দশকধৰি পলিঅ’ মুক্ত কৰি ৰাখিছে”

Posted On: 30 JAN 2021 6:26PM by PIB Guwahati

ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দে আজি ৰাষ্ট্ৰপতি ভৱনত পাঁচ বছৰৰ তলৰ শিশুক পলিঅৰ টোপাল খুৱাই ২০২১ৰ বাবে পালছ পলিঅ অভিযান মুকলি কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেও অনুষ্ঠানত উপস্থিত থাকে।

ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দ আৰু ফাৰ্ষ্ট লেডী শ্ৰীমতী সবিতা কোবিন্দে ৩১ জানুৱাৰীত দেশজুৰি পালন কৰিবলগীয়া পলিঅ ৰাষ্ট্ৰীয় টিকাকৰণ দিৱসৰ প্ৰাক সন্ধিয়া শিশুক পলিঅৰ টোপাল প্ৰদান কৰে। এই দিনটো পলিঅ দেওবাৰ হিচাপেও জনপ্ৰিয়। দেশক পলিঅ মুক্ত কৰি ৰখাৰ লক্ষ্যৰে চৰকাৰে চলোৱা এই অভিযানৰ অংশ হিচাপে পাঁচ বছৰৰ তলৰ ১৭ কোটিৰো অধিক শিশুক পলিঅৰ টোপাল আগবঢ়োৱা হব। দেশজোৰা অভিযানত সহায়ৰ হাত আগবঢ়াব ২৪লাখ স্বেচ্ছাসেৱক, ১.৫ লাখ ছুপাৰভাইজাৰ আৰু হু, ইউনেস্ক, ৰোটাৰী আদিৰ দৰে বহুতো সামাজিক সংগঠনে। স্বাস্থ্যসেৱা কৰ্মীয়ে প্ৰায় ২কোটি পৰিয়াল ভ্ৰমণ কৰিব, যাতে কোনো শিশু পলিঅ ভেকচিনৰ পৰা বাদ পৰি নাযায়।

মুকলি অনুষ্ঠানত ড০ হৰ্ষ বৰ্ধনে ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীক তেওঁলোকৰ সদয় উপস্থিতিৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

পলিঅৰ বিৰুদ্ধে যুঁজৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিচাপে তেওঁৰ ব্যক্তিগত যাত্ৰা সোঁৱৰণ কৰি ড০ হৰ্ষ বৰ্ধনে কয় যে পালছ পলিঅ টিকাকৰণ অভিযানৰ ধাৰণাটো ১৯৯৩ৰ ডিচেম্বৰত গ্ৰহণ কৰা হৈছিল আৰু ১৯৯৪ৰ ২ অক্টোবৰত প্ৰথমটো শিশুক পলিঅৰ টোপাল খুওৱা হৈছিল। দেশৰ প্ৰায় ৪০০০ কেন্দ্ৰত অতিকমেও ১২লাখ শিশুক এদিনতে পলিঅৰ টোপাল দিয়া হৈছিল। ১৯৯৫ত দিল্লীত পালছ পলিঅ অভিযানৰ প্ৰভাৱ দৃশ্যমান হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়তো একেই প্ৰভাৱ দেখা গৈছিল। এবছৰ পিছত দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশে এই কৌশল অৱলম্বন কৰে আৰু পালছ পলিঅ অভিযান মুকলি কৰে। দক্ষিণ আফ্ৰিকাত আনকি শ্ৰীমান নেলছন মেণ্ডেলাই কিক পলিঅ আউট অফ আফ্ৰিকা নামেৰে এক অভিযান মুকলি কৰিছিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এইদৰে স্মৰণ কৰে।

এই অভিযানৰ সফলতাৰ কথা উল্লেখ কৰি ড০ হৰ্ষ বৰ্ধনে কয়, পলিঅ অভিযান মুকলি হোৱাৰ পূৰ্বে সমগ্ৰ বিশ্বৰ মুঠ পলিঅআক্ৰান্তৰ ৬০ শতাংশ ভাৰতত আছিল। কিন্তু যোৱা এটা দশকধৰি দেশ পলিঅমুক্ত হৈ আছে। ১৩জানুৱাৰী,২০১১ত হাওৰাত ভাৰতৰ অন্তিমটো পলিঅৰ ঘটনা পোহৰলৈ আহিছিল।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে উনুকিয়ায় দিয়ে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বজনীন টিকাদান আঁচনিৰ লক্ষ্য হল সকলো শিশুক বেমাৰৰ পৰা সুৰক্ষিত কৰা আৰু কেইবাটাও নতুন ভেকচিন প্ৰস্তুত কৰা। আমাৰ শিশুসকলক অতিৰিক্ত সুৰক্ষা দিবলৈ ভাৰত চৰকাৰে ইয়াৰ নিয়মীয়া টিকাকৰণ অভিযানত ইনজেক্টেবল ইনএক্টিভেটেড পলিঅ ভেকচিন অন্তৰ্ভুক্ত কৰিছে।,” কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়।

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণ, অতিৰিক্ত সচিব(স্বাস্থ্য) ড০ মনোহৰ অগনানী, বিশ্ব স্বাস্থ্য সংস্থাৰ দেশীয় প্ৰতিনিধি ড০ ৰড্ৰিকো অৰফিন, ইউনিচেফৰ দেশীয় প্ৰতিনিধি ড০ য়াছমিন আলী হক আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়ববীয়াসকল অনুষ্ঠানত উপস্থিত থাকে।

 

*****

MV/SJ/MS



(Release ID: 1693666) Visitor Counter : 187