সংসদীয় পৰিক্ৰমা

প্ৰধানমন্ত্ৰীয়ে সংসদৰ বাজেট অধিৱেশনৰ ওপৰত সৰ্বদলীয় বৈঠক সম্বোধন কৰে

কৃষি আইনৰ ওপৰত চৰকাৰৰ স্থিতি ২২ জানুৱাৰীত থকাৰ দৰে একেই আছে, আৰু কৃষি মন্ত্ৰীয়ে দিয়া প্ৰস্তাৱ এতিয়াও বাহাল আছেঃ প্ৰধানমন্ত্ৰী

সংসদৰ কাৰ্যকলাপ সুচাৰুৰূপে চলাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

বাজেট অধিৱেশনে ইয়াৰ ৩৩খন অধিৱেশনৰ সময়ত ৩৮ টা বিষয়বস্তু (৩৩ খন বিল আৰু ৫ টা বিত্তীয় সামগ্ৰী ) গ্ৰহণ কৰিব

Posted On: 30 JAN 2021 3:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জানুৱাৰী, ২০২১ তাৰিখে সংসদৰ বাজেট অধিৱেশনৰ ওপৰত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত সম্বোধন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীক তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কয় যে আমি তেওঁৰ সপোন পূৰণ কৰাৰ বাবে চেষ্টা কৰিব লাগিব। তেওঁ আজি ৰাতিপুৱা আমেৰিকা যুক্তৰাষ্ট্ৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ক্ষতি কৰা ঘটনাৰ নিন্দা কৰি কয় যে এনে ঘৃণাৰ পৰিৱেশ আমাৰ বিশ্বৰ বাবে আদৰণীয় নহয়।

 

প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে চৰকাৰে মুকলি মনৰে কৃষি আইনৰ বিষয়টোৰ ওচৰলৈ আহিছে। তেওঁ কয় যে চৰকাৰৰ স্থিতি ২২ জানুৱাৰীত থকাৰ দৰে একেই আছে আৰু কৃষিমন্ত্ৰীয়ে দিয়া প্ৰস্তাৱ এতিয়াও বাহাল আছে। তেওঁ পুনৰ কয় যে আলোচনা আগুৱাই নিবলৈ কৃষিমন্ত্ৰীগৰাকী কেৱল মাত্ৰ এটা ফোন কললৈ অপেক্ষাৰত ।

 

২৬ জানুৱাৰীত হোৱা দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে আইনে নিজৰ পথ ল'ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বৈঠকত নেতাসকলে উত্থাপন কৰা বিষয়বোৰৰ ওপৰত বিতং আলোচনাৰ বাবে চৰকাৰ প্ৰস্তুততেওঁ সংসদৰ কাৰ্যকলাপ সুচাৰুৰূপে চলাই নিয়া আৰু সদনৰ মজিয়াত ব্যাপক বিতৰ্কৰ গুৰুত্বৰ ওপৰত জোৰ দিয়েতেওঁ লগতে কয় যে সঘনাই বিঘ্নিত হোৱাৰ ফলত সৰু দলবোৰ ক্ষতিগ্ৰস্ত হয় কিয়নো তেওঁলোকে নিজকে পৰ্যাপ্তভাৱে প্ৰকাশ কৰিব নোৱাৰেতেওঁ কয় যে ডাঙৰ ৰাজনৈতিক দলসমূহে এয়া নিশ্চিত কৰিব লাগে যাতে সংসদৰ মজিয়াত কাম-কাজ সুচাৰুৰূপে সম্পন্ন হয়, কোনো বাধা নাথাকে আৰু এনেদৰে সৰু দলবোৰে সংসদত তেওঁলোকৰ মতামত ব্যক্ত কৰিবলৈ সক্ষম হয়।

 

প্ৰধানমন্ত্ৰীয়ে বহুতো খণ্ডত বৈশ্বিক ভালৰ বাবে ভাৰতে কিধৰণৰ ভূমিকা পালন কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰে। তেওঁ দেশবাসীৰ দক্ষতা আৰু সাহসৰ বিষয়ে উল্লেখ কৰে, যি বৈশ্বিক সমৃদ্ধি গুণাত্মক ৰূপত বৃদ্ধি কৰাৰ বাবে এক শক্তি হ'ব পাৰে।

 

ইয়াৰ আগতে, প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰক্ৰিয়া নিয়মৰ অধীনত অনুমোদিত যিকোনো বিষয়ত চৰকাৰে সদায় সংসদৰ মজিয়াত আলোচনা কৰিবলৈ সাজু। তেওঁ সকলো দলৰ নেতাক সংসদৰ সুচল কাৰ্যকলাপৰ বাবে তেওঁলোকৰ সহযোগিতাৰ বাবে অনুৰোধ জনাইছিল।

 

শ্ৰী প্ৰহ্লাদ যোশীয়ে জনাই যে ২০২১ চনৰ ২৯ জানুৱাৰী শুকুৰবাৰে আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশনে অধিৱেশনৰ সময়ত ৩৮ টা বিষয়বস্তু (৩৩ খন বিল আৰু ৫ টা বিত্তীয় সামগ্ৰী অন্তৰ্ভুক্ত)গ্ৰহণ কৰিব।

 

শ্ৰী যোশীয়ে লগতে কয় যে ২০২১-২২ ৰ কেন্দ্ৰীয় বাজেট সোমবাৰে, ১ ফেব্ৰুৱাৰী ২০২১ তাৰিখে পুৱা ১১.০০ বজাত লোকসভাত উথ্থাপন কৰা হ'ব।

 

সৰ্বদলীয় বৈঠকত সামাজিক ন্যায় মন্ত্ৰী শ্ৰী থাৱাৰ চান্দ গেহলট, সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী ভি মুৰলীধৰন আৰু শ্ৰী অৰ্জুন ৰাম মেঘৱালে ৰাজনৈতিক দলৰ অন্যান্য নেতাসকলৰ সৈতে অংশগ্ৰহণ কৰে। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে বৈঠকত কয় যে তেওঁলোকে বাজেট অধিৱেশনৰ সময়ত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিব।

 

******

 

 

YB/SS/KG



(Release ID: 1693665) Visitor Counter : 191