বিত্ত মন্ত্ৰালয়
অৰ্থনৈতিক কাম-কাজৰ ক্ষেত্ৰত এক ‘ভি-ছেপড’ শক্তিশালী পুনৰুত্থানক প্ৰতীয়মান কৰিছে ‘আইআইপি’ তথ্যাৱলীয়ে
‘আইআইপি’ আৰু ৮টা মুখ্য সূচকে প্ৰাক-ক’ভিড পৰ্যায়লৈ ক্ৰমাত্ হোৱা উথ্থানৰ গতিক প্ৰতীয়মান কৰিছে
২০২০ৰ এপ্ৰিল মাহৰ (-)৫৭.৩শতাংশ অৱনমনৰ তুলনাত ২০২০ৰ নৱেম্বৰ মাহত (-)১.৯শতাংশৰ উথ্থানৰ পৰিণতিয়ে ‘আইআইপি’-ৰ বিস্তৃত পুনৰুথ্থানক প্ৰতীয়মান কৰে
ভাৰতৰ ‘জিডিপি’-ৰ ১৫শতাংশ পৰিমানৰ ‘উত্সাহমূলক পেকেজ’কে ধৰি ‘নিদান আৰু সংস্কাৰমূলক পেকেজ’(আত্মনিৰ্ভৰ ভাৰত অভিযান)ৰ সুবাদতে সম্ভৱ হৈছে পুনৰুথ্থান
‘স্বস্তিৰে বাণিজ্য কৰা’ৰ ক্ষেত্ৰ(ইঅ’ডিবি)ত ২০১৮ৰ ৭৭সংখ্যক স্থানৰ পৰা ২০১৯ত ভাৰতৰ স্থান-ক্ৰমাংক উন্নীত হয় ৬৩লৈ
ক’ভিড-ৰ পিচতো ‘এফডিআই’ আহৰণৰ ক্ষেত্ৰত উথ্থানৰ ধাৰা; ১৯বিত্তীয় বৰ্ষৰ ৪৪.৪৭ বিলিয়ন মাৰ্কিন ডলাৰৰ তুলনাত ২০বিত্তীয় বৰ্ষত ৪৯.৯৮বিলিয়ন মাৰ্কিন ডলাৰ পৰিমানৰ ‘এফডিআই’-ৰ প্ৰবহন, ২১বিত্তীয় বৰ্ষ(২০২০ৰ ছেপ্টেম্বৰ পৰ্যন্ত) এই পৰিমান আছিল ৩০.০বিলিয়ন ডলাৰ
ক’ভিড-১৯ৰ সংকটৰ মাজতো ‘এফডিআই’ৰ প্ৰবহণৰ শক্তিশালী পুনৰুথ্থানে ভাৰতৰ অৰ্থনৈতিক উন্নয়ণ-গাঁথাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় আস্থাকে প্ৰতিপন্ন কৰিছে
১.৪৬ লাখ কোটি টকা পৰিমানৰ সামগ্ৰিক ব্যয় সম্বলিত ‘প্ৰডাকশ্যন লিংকড ইনচেনটিভ’(পিএলআই) আঁচনিয়ে উত্পাদনী সামৰ্থ্য আৰু ৰপ্টা
Posted On:
29 JAN 2021 3:28PM by PIB Guwahati
ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা অভুতপূৰ্ব পৰিস্থিতি আৰু ইয়াৰ হাত ধৰি অহা প্ৰত্যাহ্বানৰ পিচতো ভাৰতীয় অৰ্থনীতিৰ ঔদ্যোগীক আৰু আন্তঃগাঁথনি খণ্ডই ‘ভি-ছেপড’ পুনৰুথ্থানৰ দিশে আগবঢ়াৰ প্ৰচণ্ড ইংগিত বহণ কৰিছে বুলি আজি সংসদত দাখিল কৰা ‘অৰ্থনৈতিক সমীক্ষা’ত উল্লেখ কৰা হৈছে। এনে ‘ভি-ছেপড’ দ্ৰুত অৰ্থনৈতিক পুনৰুথ্থানৰ কথা পৰৱৰ্তি সময়ত ‘আইআইপি’-ৰ তথ্যাৱলীয়েও নিশ্চিত কৰিছে। কেন্দ্ৰীয় ‘বিত্ত তথা ক’ৰ্পোৰেট পৰিক্ৰমা বিভাগ’ৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি সংসদত এই বছৰৰ বাবে যুগুতোৱা ‘অৰ্থনৈতিক সমীক্ষা’ৰ প্ৰতিবেদনখন দাখিল কৰে।
‘আইআইপি’ আৰু ৮টা মুখ্য সূচকে প্ৰাক-ক’ভিড পৰ্যায়লৈ ক্ৰমাত্ হোৱা উথ্থানৰ গতিক প্ৰতীয়মান কৰিছে বুলি সমীক্ষাত উল্লেখ কৰা হয়। ২০২০ৰ এপ্ৰিল মাহৰ (-)৫৭.৩শতাংশ অৱনমনৰ তুলনাত ২০২০ৰ নৱেম্বৰ মাহত (-)১.৯শতাংশৰ উথ্থানৰ পৰিণতিয়ে ‘আইআইপি’-ৰ বিস্তৃত পুনৰুথ্থানকে প্ৰতীয়মান কৰে।
ভাৰতৰ ‘জিডিপি’-ৰ ১৫শতাংশ পৰিমানৰ ‘উত্সাহমূলক পেকেজ’কে ধৰি নিদান আৰু সংস্কাৰমূলক পেকেজ(আত্মনিৰ্ভৰ ভাৰত অভিযান)ৰ সুবাদতে সম্ভৱ হৈছে এই পুনৰুথ্থান। ‘অৰ্থনৈতিক সমীক্ষা’ই ‘ভাৰতৰ অৰ্থনৈতিক উথ্থানৰ এক সমৃদ্ধিশালী যুগৰ এয়া এক শুভ আৰম্ভণী’ বুলিহে পুনৰুথ্থানৰ এই ধাৰাটোক অভিহিত কৰিছে। দেশৰ চৰকাৰে গ্ৰহণ কৰা নীতি, বিভিন্ন উদগণিমূলক পদক্ষেপ, আঁচনিসমূহৰ সুবাদত আগন্তুক সময়ত ঔদ্যোগীক কৰ্ম-কাণ্ডৰ দ্ৰুত উত্তৰণ-উন্নয়ণ তথা প্ৰসাৰ হোৱাৰ লগতে চৰকাৰে আগবঢ়োৱা মূলধনী সহযোগিতাসমূহৰ সুবাদত এই ধাৰাই আৰু অধিক গতি লাভ কৰিবলৈ সুযোগ পাব বুলি সমীক্ষাত উল্লেখ কৰা হৈছে।
ইফালে, ‘ডুয়িং বিজনেছ ৰিপ’ৰ্ট’(ডিবিআৰ) ২০২০ৰ তথ্য মতে পৃথিৱীৰ ১৯০খন দেশৰ মাজত চলোৱা সমীক্ষাৰ আধাৰত ‘স্বস্তিৰে বাণিজ্য কৰা’ৰ ক্ষেত্ৰ(ইঅডিবি)ত ২০১৮ৰ ৭৭সংখ্যক স্থানৰ পৰা ২০১৯ত ভাৰতৰ স্থান-ক্ৰমাংক উন্নীত হৈছে ৬৩লৈ। এই ক্ষেত্ৰত বিবেচিত ১০টা সূচকৰ ভিতৰত ৭টাতে ভাৰতে লক্ষণীয় উত্তৰণ সম্ভৱ কৰাৰ সুবদতে স্থান-ক্ৰমাংকৰ উন্নয়ণ সম্ভৱ হৈছে। ভাৰতে শেহতীয়া সময়ছোৱাত গ্ৰহণ কৰা বিশ্বমানৰ অনুশীলনীসমূহৰ সুবদতে এই সাফল্য লাভ কৰিব পাৰিছে। প্ৰণিধানযোগ্য যে, স্বস্তিৰে বাণিজ্য কৰাৰ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত মাত্ৰ তিনিটা বছৰতে ৬৭টা স্থানৰ বৃহত্ দেওনা অতিক্ৰমী স্থান-ক্ৰমাংক উন্নীত কৰোতা ভাৰতে শ্ৰেষ্ঠ ১০খন দেশৰ ভিতৰত স্থান লাভ কৰিছে বুলি ‘ডিবিআৰ ২০২০’য়ে তথ্য প্ৰকাশ কৰিছে। উল্লেখ্য, ২০১১ৰ পৰা কোনো এখন বৃহত দেশে স্থান-ক্ৰমাংকৰ উথ্থানৰ ক্ষেত্ৰত মৰা এইটোৱেই সৰ্বাধিক দীঘল জাপৰ নিদৰ্শন বুলি ‘ডিবিআৰ’-ত তথ্য প্ৰকাশ কৰা হৈছে।
ক’ভিড-ৰ পিচতো ‘এফডিআই’ আহৰণৰ ক্ষেত্ৰত ভাৰতে উথ্থানৰ ধাৰা অব্য়াহত ৰাখিবলৈ সক্ষম হৈছে। ১৯বিত্তীয় বৰ্ষৰ ৪৪.৪৭ বিলিয়ন মাৰ্কিন ডলাৰৰ তুলনাত ২০বিত্তীয় বৰ্ষত ৪৯.৯৮বিলিয়ন মাৰ্কিন ডলাৰ পৰিমানৰ এফডিআই-ৰ প্ৰবহন সম্ভৱ কৰিছে ভাৰতে। ২১বিত্তীয় বৰ্ষ(২০২০ৰ ছেপ্টেম্বৰ পৰ্যন্ত) এই পৰিমান আছিল ৩০.০বিলিয়ন ডলাৰ।
ক’ভিড-১৯ৰ সংকটৰ মাজতো ‘এফডিআই’ৰ প্ৰবহণৰ শক্তিশালী পুনৰুথ্থানে ভাৰতৰ অৰ্থনৈতিক উন্নয়ণ-গাঁথাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰিমণ্ডলে প্ৰদৰ্শন কৰা আস্থাকে প্ৰতিপন্ন কৰিছে বুলি সমীক্ষাত উল্লেখ কৰা হৈছে।
ইপালে, ১.৪৬ লাখ কোটি টকা পৰিমানৰ সামগ্ৰিক ব্যয় সম্বলিত ‘প্ৰডাকশ্যন লিংকড ইনচেনটিভ’(পিএলআই) আঁচনিয়ে দেশৰ উত্পাদনী সামৰ্থ্য আৰু ৰপ্টানীক উত্সাহিত কৰিব বুলি উল্লেখ কৰা হৈছে সমীক্ষাত।
***
RM/DJN/KB
(Release ID: 1693593)
Visitor Counter : 227