বিত্ত মন্ত্ৰালয়
আত্ম নিৰ্ভৰ ভাৰতৰ সৈতে ৰজিতা খুৱাই আৰ্থিক নীতি
একেৰাহে ৩ য় মাহৰ বাবে মাহিলী মুঠ ৰাজহ জিএছটি সংগ্ৰহে অতিক্ৰম কৰিলে ১ লাখ কোটিৰ সীমা
২০২০ ৰ এপ্ৰিলৰপৰা ডিচেম্বৰলৈ মূলধন ব্যয় ৩.১৪ লাখ কোটি যাৰ পৰিমাণ যোৱা বৰ্ষৰ একে সময়ৰ তুলনাত ২৪% অধিক
ৰাজ্যসমূহৰ যোগ্যতা জিএছডিপিৰ ২% হ’লেও অধিক ধাৰ ল’ব পাৰিব
Posted On:
29 JAN 2021 3:35PM by PIB Guwahati
অৰ্থনৈতিক সমীক্ষাই উল্লেখ কৰিছে যে চৰকাৰখনৰ আৰ্থিক নীতিয়ে ‘আত্ম নিৰ্ভৰ ভাৰত’ ৰ অধীনত চাহিদা আৰু যোগান পক্ষৰ নীতিৰ সংমিশ্ৰণক সিদ্ধ কৰিছে। ইয়াৰ লক্ষ্য় হৈছে মহামাৰীৰ প্ৰতিবন্ধকতা দূৰ কৰি অৰ্থনৈতিক পুনৰুদ্ধাৰক ইন্ধন যোগোৱা। আজি সংসদত কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে অৰ্থনৈতিক সমীক্ষা ২০২০-২১ উত্থাপন কৰে। সমীক্ষাটোত এইবুলি উল্লেখ কৰা হয় “মহামাৰীটোৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ আৰ্থিক নীতি গ্ৰহণ আন ৰাষ্ট্ৰসমূহতকৈ স্পষ্ট আছিল। আন ৰাষ্ট্ৰসমূহে তেওঁলোকৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিবলৈ ফ্ৰন্ট-ল’ডেড গ্ৰেণ্ড উদ্দীপনা পেকেজ বাছনি কৰাৰ বিপৰীতে ভাৰত চৰকাৰে পৰ্যায়ক্ৰমিক প্ৰচেষ্টা গ্ৰহণ কৰে।”
এই অৰ্থনৈতিক সমীক্ষাই উল্লেখ কৰে যে চৰকাৰখনে বিশ্বৰ সৰ্ববৃহৎ খাদ্য অভিযান, জন ধন একাউন্টধাৰীলৈ প্ৰত্যক্ষ হস্তান্তৰ, ক্ৰেডিটৰ অৰ্থে চৰকাৰী নিশ্চিতি ইত্যাদি গ্ৰহণ কৰে।
কেন্দ্ৰীয় চৰকাৰৰ বিত্ত
প্ৰাক বাজেট সমীক্ষাটোত উল্লেখ যে “২০১৯-২০ ৰ বাবে আৰ্থিক ঘাটি জিডিপিৰ ৪.৬ শতাংশ, ২০১৯-২০ আৰই এ নিৰ্ধাৰণ কৰা আৰ্থিক ঘাটিতকৈ ইয়াৰ পৰিমাণ ০.৮ শতাংশ অধিক আৰু ২০১৮-১৯ ত আৰ্থিক ঘাটিতকৈ ১.২ শতাংশ অধিক।” ২০১৮-১৯ ৰ তুলনাত ২০১৯-২০ পিএত ৰাজহ ঘাটি জিডিপিৰ ১ শতাংশ বৃদ্ধি হৈ জিডিপিৰ ২.৪ শতাংশ হৈ পৰে।
সমীক্ষাটোত উল্লেখ যে ২০১৯-২০ পিএত কৰ্প’ৰেট আৰু ব্যক্তিগত আয় কৰ অৱনমিত হৈ পৰে। ইয়াৰ মূল কাৰণ হৈছে কৰৰ হাৰ কৰ্তনৰ দৰে গাঁথনিগত সংস্কাৰসমূহৰ ৰূপায়ণ আৰু বিকাশৰ সন্তুলন। কিন্তু ৰাজহৰ দৃষ্টিকোণেৰে পুনৰুদ্ধাৰ প্ৰত্যক্ষ কৰা যায়। কিয়নো একেৰাহে যোৱা ৩ য় মাহৰ বাবে মাহিলী মুঠ ৰাজহ জিএছটি সংগ্ৰহে অতিক্ৰম কৰিলে ১ লাখ কোটিৰ সীমা। ২০১৯ ৰ ডিচেম্বৰত জিএছটি ৰাজহ ১২ শতাংশ বৃদ্ধি হোৱাৰ পাছত ২০২০ ৰ ডিচেম্বৰ মাহত মাহিলী জিএছটি ৰাজহ হয় ১.১৫ লাখ কোটি টকা। এয়া হৈছে জিএছটি প্ৰৱৰ্তনৰপৰা সৰ্বাধিক মাহিলী ভিত্তিক জিএছটি সংগ্ৰহ।
বাজেটৰ বিপৰীতে ২০২০ ৰ নৱেম্বৰলৈকে ৰাজহ সংগ্ৰহৰ পৰিমাণ তলত উল্লেখ কৰা হৈছেঃ
|
বাজেট প্ৰাককলন (২০২০-২১)
|
প্ৰকৃত সিদ্ধি (নৱেম্বৰ, ২০২০)
|
নেট কৰ ৰাজহ
|
১৬.৩৬ লাখ কোটি
|
৪২.১% বিই (৬.৮৮ লাখ কোটি)
|
অনা কৰ ৰাজহ
|
৩.৮৫ লাখ কোটি
|
৩২.৩% বিই
|
তদুপৰি প্ৰাক বাজেট সমীক্ষাটো অনুসৰি, ২০২০-২১ বিইত নন-ডেব্ট কেপিটেল ৰিচিপ্ট ২.৩ লাখ কোটি টকা নিৰ্ধাৰণ কৰা হয় যি হৈছে জিডিপিৰ ১ শতাংশ। ব্যয়ৰ দৃষ্টিকোণেৰে, ২০২০-২১ বাজেটে ৩০.৪২ লাখ কোটি টকা মুঠ ব্যয় নিৰ্ধাৰণ কৰে। ইয়াত ৰাজহ ব্যয় ২৬.৩ লাখ কোটি টকা আৰু মূলধন ব্যয় ৪.১২ লাখ কোটি টকা। জিডিপিৰ শতাংশ অনুসৰি, ২০১৯-২০ পিএৰ তুলনাত ২০২০-২১ বিইত মুঠ ব্যয়ৰ প্ৰত্যাশিত বৃদ্ধি হৈছে জিডিপিৰ ০.৩ শতাংশ যি ৰাজহ আৰু মূলধন ব্যয় উভয়ৰে জিডিপিৰ ০.১৫ শতাংশৰ সমতুল্য।
সমীক্ষাটোৰ মতে, ২০২০ ৰ এপ্ৰিলৰপৰা নৱেম্বৰলৈকে মুঠ চৰকাৰী ব্যয় আছিল বাজেট প্ৰাককলনৰ ৬২.৭ শতাংশ। ইয়াৰ তুলনাত ২০১৯ ৰ এপ্ৰিলৰপৰা নৱেম্বৰলৈকে ইয়াৰ হাৰ আছিল ৬৫.৩ শতাংশ। ২০২০ ৰ এপ্ৰিলৰপৰা ডিচেম্বৰলৈকে মূলধন ব্যয় আছিল ৩.১৭ লাখ কোটি টকা, যি আছিল পূৰ্ববৰ্তী বছৰৰ একে সময়ৰ মূলধন ব্যয়তকৈ ২৪ শতাংশ অধিক। মুঠ ব্যয়ো বছৰভিত্তিক ১১ শতাংশ বিকাশেৰে অভিলেখসংখ্যক হৈ পৰে।
ইয়াৰোপৰি, ৰাজহ ব্যয়ো ২০১৯-২০ পিএৰ তুলনাত ২০২০-২১ বিই ত ১১.৯ শতাংশ বৃদ্ধি নিৰ্ধাৰণ কৰা হৈছে। এয়া হৈছে ২০১৮-১৯ ৰ তুলনাত ২০১৯-২০ পিএত ৰাজহ ব্যয়ৰ ১৭ শতাংশ বৃদ্ধিৰে সম্পৰ্কীয় পৰিমিত বৃদ্ধিৰ হাৰ। প্ৰধান ৰাজসাহাৰ্য্যত ব্যয় ২০২০-২১ বিইত জিডিপিৰ ১.০ শতাংশ নিৰ্ধাৰণ কৰা হৈছে, যি ২০১৯-২০ পিএতকৈ ২.১ শতাংশ পৰিমিত বৃদ্ধি।
মুঠ ব্যয়ত মূলধন ব্যয়ৰ অংশ এটা স্তৰত থাকিছে। অৰ্থনৈতিক সমীক্ষাটোৱে কয় যে ২০১৯-২০ পিএতকৈ ২০২০-২১ বিইত প্ৰায় এক শতাংশ পইন্ট বৃদ্ধিৰ অনুমান কৰা হৈছে। সমীক্ষাটোৱে তদুপৰি উল্লেখ কৰে যে ২০১৬-১৭ ৰপৰা ২০১৯-২০ লৈ এক্সট্ৰা বাজেটেৰী ৰিচ’ৰ্ছ (EBR) ১.৩৫ লাখ কোটিলৈ বৃদ্ধি হয়। ২০২০-২১ বিইত ইবিআৰ ৪৯,৫০০ কোটি টকা বৃদ্ধিৰ অনুমান কৰা হৈছে যি জিডিপিৰ ০.২২ শতাংশ।
ৰাজ্যসমূহলৈ হস্তান্তৰ
অৰ্থনৈতিক সমীক্ষাটোৱে নিৰীক্ষণ কৰে যে “২০১৯-২০ ৰ সময়ছোৱাত মুঠ কৰ ৰাজহ সংগ্ৰহ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত, ২০১৮-১৯ ৰ তুলনাত ২০১৯-২০ আৰইত কেন্দ্ৰীয় কৰত ৰাজ্যসমূহৰ অংশত এটা সন্তুলন প্ৰত্যক্ষ কৰা যায়। ২০২০-২১ বাজেটে ২০১৯-২০ আৰইত জিডিপিৰ ৫.৭ শতাংশৰপৰা ২০২০-২১ বিইত জিডিপিৰ ৬ শতাংশলৈ ৰাজ্যসমূহৰ বাবে মুঠ হস্তান্তৰৰ প্ৰতিক্ষেপণ নিৰ্ধাৰণ কৰে।”
ৰাজ্যৰ বিত্ত
সমীক্ষাটোৰ মতে, “ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বে ৰাজ্যসমূহৰ বাজেটত উপস্থাপন কৰা অনুসৰি এইসমূহলৈ গড় মুঠ আৰ্থিক ঘাটি বাজেট প্ৰাককলন আছিল জিএছডিপিৰ ২.৪ শতাংশ, ইয়াৰ বিপৰীতে লকডাউন-পৰৱৰ্তী বাজেট উপস্থাপনৰ বাবে গড় আছিল জিএছডিপিৰ ৪.৬ শতাংশ।” মূলধন ব্যয়ৰ ওপৰত ৰাজ্যসমূহৰ আৰ্থিক নীতিৰ দৃষ্টিভংগী-পৰিৱৰ্তনেৰে, কেন্দ্ৰীয় চৰকাৰে ২০২১ বিত্তীয় বৰ্ষত মূলধন ব্যয়ৰ অৰ্থে ৰাজ্যসমূহলৈ বিশেষ সাহাৰ্য্যৰ আঁচনি ঘোষণা কৰে। তদুপৰি, ৰাজ্যসমূহৰ যোগ্যতা অবিহনেই, ২০১৯-২০ বৰ্ষৰ বাবে ০.৫৯ কোটি টকা পৰিমাণৰ অতিৰিক্ত ধাৰৰ অনুমতি প্ৰদানৰদ্বাৰা ৰাজ্যসমূহলৈ এক-কালীন বিশেষ বিতৰণ আগবঢ়োৱা যায়। ৰাজ্যসমূহলৈ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) ৰ ২ শতাংশলৈকে অতিৰিক্ত ধাৰৰ অনুমতি প্ৰদান কৰা হয়, যাৰ ১% ৰাজ্যিক পৰ্যায়ৰ সংস্কাৰ সাধনত ব্যৱহাৰৰ চৰ্ত আৰোপ কৰা হয়।
সাধাৰণ চৰকাৰ বিত্ত
অৰ্থনৈতিক সমীক্ষাটোৱে নিৰীক্ষণ কৰে যে বিশ্ব মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত, কেন্দ্ৰীয় চৰকাৰ (কেন্দ্ৰ যোগ ৰাজ্যসমূহ) খনে ৰাজহ ঘাটি আৰু অধিক ব্যয় প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত আৰ্থিক ঘাটিৰ আশংকা ঘনীভূত হয়। ভাৰতৰদ্বাৰা গ্ৰহণ কৰা পৰ্যায়ক্ৰমিক প্ৰচেষ্টাই অহা বছৰসমূহত আৰ্থিক ঘাত নিয়ন্ত্ৰণ কৰিব।
*****
RM/AA/SB
(Release ID: 1693494)
Visitor Counter : 256