বিত্ত মন্ত্ৰালয়

আৰ্থিক সমীক্ষাত নিয়ম আৰু প্ৰক্ৰিয়াগত সংস্কাৰৰ সৰলীকৰণৰ পৰামৰ্শ

সমস্যা কম কৰাৰ প্ৰচেষ্টাৰ ফলস্বৰূপে কেতিয়াবা অধিক জটিল নিয়মৰ সৃষ্টি হয়, যাৰবাবে অধিক অপাৰদৰ্শী নিয়মৰ সৃষ্টি হয়

নিৰ্ণিত পাৰদৰ্শিতা, সম্ভাৱ্য পূৰ্বানুমান আধাৰিত ভৱিষ্যতৰ ঘটনাৱলী আৰু ঘটনাৰ আগতীয়া সমাধান বাহিৰ কৰা প্ৰণালীৰ লগতে সন্তুলন কৰাৰ প্ৰয়োজনীয়তা

Posted On: 29 JAN 2021 3:29PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি সংসদত অৰ্থনৈতিক সমীক্ষা, ২০২০-২১ উত্থাপন কৰে৷ অৰ্থনৈতিক সমীক্ষাত বাস্তৱিক বিশ্বজনীন দৃশ্যপটত অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত নিয়ন্ত্ৰণ প্ৰক্ৰিয়াসমূহ সৰল কৰাৰ পৰামৰ্শ দিছে৷

সমীক্ষাত কোৱা হৈছে যে ভাৰতত প্ৰশাসনিক প্ৰক্ৰিয়া কেতিয়া প্ৰক্ৰিয়াগত বিলম্ব আৰু নিৰ্ণয় লোৱাৰ প্ৰক্ৰিয়াত নিয়ম সম্বন্ধীয় অন্যান্য জটিলতাৰ সন্মুখীন হয়, যাৰবাবে ই সকলো সহযোগিতাৰ বাবে প্ৰভাৱহীন আৰু কঠিন হৈ পৰে৷ সমীক্ষাত এই সমস্যাক প্ৰতিফলিত কৰিছে আৰু এই প্ৰশাসনিক প্ৰত্যাহ্বানৰ সমাধান বিচৰাৰ ধৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে৷

সমীক্ষাত কোৱা হৈছে যে সমস্যাৱলীৰ সমাধান উলিয়াবলৈ বিষয়াসকলে কেতিয়াবা জটিল নিয়মত হাত দিয়ে, যাৰবাবে ইয়াৰ প্ৰতিকূল প্ৰভাৱহে পৰে আৰু অধিক অপাৰদৰ্শী দিশবোৰ ধৰা পৰে৷

অৰ্থনৈতিক সমীক্ষাৰ মতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৰা তুলনাই এইটো প্ৰদৰ্শিত কৰে যে ভাৰতৰ প্ৰশাসনিক প্ৰক্ৰিয়াসমূহত সমস্যা প্ৰক্ৰিয়া অথবা নিয়ামক মানকৰ পালন নকৰাৰ তুলনাত অধিক নিয়ম বনোৱাৰ ফলতহে উৎপন্ন হয়৷

সমীক্ষাত কোৱা হৈছে যে এনে নিয়ম হোৱাটো অসম্ভৱ, যি কেৱল বিশ্বৰ সকলো অনিশ্চয়তা আৰু সকলো সম্ভাৱনাপূৰ্ণ পৰিণাম লিখিত থাকে৷ এইটো সত্য যে ভাৰতৰ অৰ্থনীতি অধিক নিয়মৰ দ্বাৰা পৰিচালিত৷ ইয়াৰ ফলত প্ৰক্ৰিয়া ভালদৰে পালন কৰাৰ সলনি নিয়মসমূহৰ প্ৰভাৱ পৰিলক্ষিত নহয়৷

শৈক্ষিক তত্বৰ উদ্ধৃতি দি অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে বাস্তৱিক বিশ্বৰ নিয়ম নিম্নোলিখিত কাৰকৰক বাবে অসম্পূৰ্ণ হৈ আছেঃ

১৷ অপ্ৰত্যাশিত স্থিতিসমূহৰ বাবে যুক্তিসংগত নিৰ্ণয় লোৱা

২৷ অনুমান কৰা আৰু ‘পূৰ্ণ’ সূচী প্ৰস্তুত কৰাৰ অন্তৰ্ভূক্ত জটিলতাসমূহ, যি সকলো সম্ভাৱনাপূৰ্ণ বাস্তৱিক স্থিতি সম্পূৰ্ণ ৰূপে সকলো বাধ্যবাধকতাক স্পষ্ট কৰে৷

৩৷ সিদ্ধান্তৰ অপৰ্যাপ্ত পুষ্টিৰ বাবে এই দুটা দিশ তৃতীয় পক্ষৰ বাবে উৎপন্ন হয়৷

অৱশ্যে, বাস্তৱিক বিশ্বৰ নিয়ম অসম্পূৰ্ণ৷ নিয়ামকে ব্যৱস্থাৰ জটিলতা বৃদ্ধি কৰি পুষ্টিৰ সম্ভাৱনাক কম কৰে আৰু নিৰীক্ষকক সিদ্ধান্ততকৈ অধিক অধিকাৰ প্ৰদান কৰে আৰু সেইদৰে অত্যাধিক সিদ্ধান্তৰ ঘটনাৰ দ্বাৰা পূৰ্ব সমাধানৰ সন্ধানৰ ব্যৱস্থাৰ জন্ম দিয়ে৷

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে সমাধান অধিক জটিল নিয়মাৱলীৰ লগতে নিৰীক্ষণৰ পৰা বাছিব লাগিব৷ অন্তিম সমাধানৰ সৰল নিয়ম প্ৰস্তুত কৰিব লাগিব, যি পাৰদৰ্শী সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত৷ চৰকাৰৰ নীতি নিৰ্ধাৰণকাৰীক বিবেকাধিকাৰ প্ৰদান কৰাৰ লগতে এইটো প্ৰয়োজন যে তেওঁলোকক তিনিটা কথাৰে সন্তুলিত কৰা হওকঃ

১৷ উন্নত পাৰদৰ্শিতা

২৷ সম্ভাৱিত পূৰ্বানুমানৰ আধাৰিত ভৱিষ্যতৰ ঘটনাৱলীক শক্তিশালী প্ৰণালী আৰু

৩৷ ঘটনাৰ দ্বাৰা আগতীয়া সমাধান বিচাৰি উলিওৱাৰ ব্যৱস্থা৷

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে য’ত কেতিয়াবা এনে নিয়ামক প্ৰক্ৰিয়াক সৰল কৰা হ’ব, তেতিয়া ব্যৱসায়ৰ সুগমতাত পৰ্যাপ্ত সংস্কাৰ আহিব৷ এই অধ্যায়ত কোৱা হৈছে যে এইধৰণৰ দ্বাৰা চৰকাৰৰ নতুন ই-মাৰ্কেট প্লেচে চৰকাৰী ক্ৰয়ত মূল্য নিৰ্ধাৰিত কৰাত পাৰদৰ্শিতা বৃদ্ধি কৰিছে৷ ই কেৱ ক্ৰয় মূল্য হ্ৰাস নকৰে, বৰঞ্চ দায়বদ্ধ চৰকাৰী বিষয়াৰ বাবে সিদ্ধান্ত লোৱাটো সহজ কৰি দিলে৷

*************

RM/DJN/DB


(Release ID: 1693460) Visitor Counter : 203