বিত্ত মন্ত্ৰালয়
অৰ্থনৈতিক সমীক্ষা অনুসৰি, সকাহ সমাপ্ত হোৱাৰ পিছতে, সম্পত্তি (এছেট)ৰ মানদণ্ড পৰ্যবেক্ষণ কৰোৱা দৰকাৰ
বেংক ঋণৰ ওপৰত থকা নিয়ামক সকাহ কোভিড মহামাৰীৰ কাৰণে দিয়া হৈছিল
নিয়ামক সকাহ সংকটকালীন উপায়ঃ অৰ্থনৈতিক সমীক্ষা
Posted On:
29 JAN 2021 3:30PM by PIB Guwahati
অৰ্থনৈতিক সমীক্ষা অনুসৰি, সকাহ সাহায্য প্ৰদান কৰাৰ সময়ত জন্ম হোৱা বিনিয়ামক আৰু বেংকৰ মাজত অস্পষ্ট তথ্যৰ সমস্যাৰ বাবে সকাহ সাহায্য সমাপ্ত হোৱাৰ পিছতে, সম্পত্তি (এছেট)ৰ মানদণ্ড পৰ্যবেক্ষণ কৰোৱা দৰকাৰ। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত অৰ্থনৈতিক সমীক্ষা, ২০২০-২১ দাখিল কৰে। সমীক্ষা অনুসৰি, ঋণৰ ৱাপোচৰ বাবে আইনী কাঠামো শক্তিশালী কৰা দৰকাৰ। সম্পত্তিৰ পুনৰ গঠনৰ বাবে নিয়ম সহজ কৰা বেংকসমূহৰ বাবে নিয়ামক সকাহ প্ৰদান কৰাৰ কাৰণে এতিয়া তেওঁলোকৰ সম্পত্তিসমূহক ডুব গৈ থকা ঋণৰ শ্ৰেণীত ৰখা নহ'ব আৰু তেওঁলোকৰ সম্পত্তি ডুব গৈ থকা সম্পত্তিৰ ৰূপত বৰ্গীকৃত কৰা নহ'ব।
অৰ্থনৈতিক সমীক্ষা অনুসৰি, কোভিড-১৯ মহামাৰীৰ ফলত অহা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বজুৰি বিত্তীয় সংস্থাসমূহে নিয়ামক সকাহ প্ৰদান কৰে আৰু ভাৰতত এই সন্দৰ্ভত কোনো অপবাদ নাই। সমীক্ষা অনুসৰি, বিত্তীয় ক্ষেত্ৰৰ পৰা নিৰ্মাণ ক্ষেত্ৰলৈকে, সংকটৰ পৰা মুক্তি পাবলৈ সংকটকালীন উপায়বিলাকৰ জৰিয়তে সকাহ প্ৰদান কৰা হয়। সেয়ে, নীতি নিৰ্মাতাসকলৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰাটো সংকটকালীন ঔষধৰ দৰে ব্যৱহাৰ কৰাৰ দৰে। সমীক্ষা অনুসৰি, যিহেতু সকাহ প্ৰদান কৰাটো এটা সংকটকালীন ঔষধৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি, সেয়ে অৰ্থনৈতিক স্থিতিলৈ সংশোধন অহাৰ লগে লগে এই সাহায্য সমাপ্ত কৰা দৰকাৰ। অৰ্থনৈতিক সমীক্ষা ২০২০-২১ৰ অনুসৰি, এনেকুৱা সকাহ সাহায্য কেইবা বছৰ ধৰি জাৰি ৰাখিব নোৱাৰি।
সমীক্ষাত লগতে কোৱা হৈছে যে বৈশ্বিক অৰ্থনৈতিক সংকটৰ সময়ত, ঋণ পাওঁতাসকলৰ বাবে সকাহ সাহায্যৰ জৰিয়তে কোভিড মহামাৰীৰ কাৰণে জন্ম হোৱা সংকটৰ সময়ত ডাঙৰ সহায় হ'ল আৰু ইয়াৰ ফলত বৃহৎ সংখ্যক লোকে সকাহ পালে। সম্প্ৰতি, সমীক্ষা অনুসৰি, সকাহ সাহায্য প্ৰদান কৰাৰ ফলত বেংক, কোম্পানী আৰু অৰ্থনৈতিক ব্যৱস্থাৰ বাবে নেতিবাচক পৰিণাম সন্মুখলৈ আহিছে।
কোভিড-১৯ মহামাৰীৰ কাৰণে বেংক ঋণৰ ওপৰত বৰ্তমান নিয়ামক সকাহ সাহায্য প্ৰদান কৰা আৱশ্যকীয় হৈ পৰিছিল। সকাহ সাহায্যৰ নিয়মৰ বেংকসমূহে ঋণৰ পুনৰ গঠনৰ বাবে অপপ্ৰয়োগ কৰে আৰু নিজৰ একাউণ্টবিলাক ব্যৱস্থিত কৰে। পৰিণাম স্বৰূপে অৰ্থনৈতিক ব্যৱস্থাত মানসম্পন্ন বিনিয়োগৰ লোকচান হয়। ইয়াৰ জৰিয়তে পোৱা লাভক বেংকসমূহে শ্বেয়াৰ ধাৰকক বৰ্ধিত লাভাংশ প্ৰদান কৰাত কৰে। ৰাজহুৱা ক্ষেত্ৰৰ বেংকসমূহে এই লাভ চৰকাৰক প্ৰদান কৰে। ইয়াৰ পৰিণাম স্বৰূপে বেংকসমূহৰ ওচৰত ধনৰ নাটনি হয়। ইয়াৰ ফলত অৰ্থনৈতিক ব্যৱস্থাত থকা মানসম্পন্ন বিনিয়োগৰ লোকচান হয়। বেংকসমূহৰ পৰা লাভাংশ পোৱা কোম্পানীসমূহে নিজৰ ধন বজাৰত অন্য অসম্ভৱ যেন দেখা পৰিকল্পনাত বিনিয়োগ কৰে। অনুচিত ধৰণেৰে ঋণ প্ৰদান কৰা আৰু সোলোকঢোলোক তত্বাৱধান ব্যৱস্থাৰ কাৰণে ঋণ দিয়া কোম্পানীৰ মুনাফা অৱনমিত হয় আৰু ইয়াৰ ফলত কোম্পানীৰ স্থিতি বেয়া হয়।
*********
RM/RKJ/RC
(Release ID: 1693436)
Visitor Counter : 146