মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

দেশত এভিয়ান ইনফ্লুৱেঞ্জাৰ স্থিতি

Posted On: 27 JAN 2021 4:23PM by PIB Guwahati

২৭ জানুৱাৰী,২০২১লৈকে ৯খন ৰাজ্য(কেৰালা, হাৰিয়ানা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, উত্তৰাখণ্ড, গুজৰাট, উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱ)ত হাঁহ-কুকুৰাৰ মাজত আৰু ১২ খন ৰাজ্য(মধ্য প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, চত্তীশগড়, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, গুজৰাট, উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, জন্মু আৰু কাশ্মীৰ আৰু পাঞ্জাৱ)ত কাউৰী/পৰিভ্ৰমী পক্ষী/বনৰীয়া পক্ষীৰ মাজত এভিয়ান ইনফ্লুৱেঞ্জা(পক্ষী জ্বৰ)ৰ সংক্ৰমণ নিশ্চিত হৈছে।

 

মহাৰাষ্ট্ৰৰ নান্দেদ, চোলাপুৰ, পুনে, আহমেদনগৰ, বুলধনা, আকোলা, নাচিক আৰু হিংগোলি জিলাৰ লগতে গুজৰাটৰ ভাৱনগৰ জিলা আৰু চত্তীশগড়ৰ ধামতাৰী জিলাত কুকুৰাৰ নমুনাত এভিয়ান ইনফ্লুৱেঞ্জা নিশ্চিত কৰা হৈছে।

 

তদুপৰি, উত্তৰাখণ্ড(ৰুদ্ৰপ্ৰয়াগ বন বিভাগ)ত কাউৰী, জুনাগড়(গুজৰাট)আৰু বীড (মহাৰাষ্ট্ৰ)ত ময়ুৰৰ নমুনাত এভিয়ান ইনফ্লুৱেঞ্জা নিশ্চিত কৰা হৈছে।

 

মহাৰাষ্ট্ৰ,মধ্য প্ৰদেশ, চত্তীশগড়,পাঞ্জাৱ,উত্তৰ প্ৰদেশ,গুজৰাটৰ সংক্ৰমিত স্থানসমূহত নিয়ন্ত্ৰণ আৰু ৰোগ প্ৰতিৰোধ অভিযান আৰম্ভ কৰা হৈছে।

 

কৰ্ম পৰিকল্পনা অনুসৰি ৰাজ্যসমূহে কুকুৰা চৰাই, কণী আৰু কুকুৰাৰ আহাৰ নষ্ট কৰি পেলোৱা কৃষকসকলক ক্ষতিপূৰণ পৰিশোধ কৰিছেভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ জাত বিভাগে (ডিএএইচডি) ইয়াৰ এলএইচ আৰু ডিচি আঁচনিৰ এএছচিএডি উপাদানৰ অধীনত ৫০:৫০ অনুপাতত ভাগ বতৰাৰ ভিত্তিত ৰাজ্য/কেন্দ্ৰীয় কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পুঁজি প্ৰদান কৰিছেমহাৰাষ্ট্ৰ চৰকাৰে বাৰ্ড ফ্লু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত সংক্ৰমিত এলেকাৰ ১ কিলোমিটাৰ ব্যাসার্ধত ক্ষতিপূৰণ ব্যয়ৰ বাবে ১৩০ লাখ টকাৰ ক্ষতিপূৰণ পেকেজ অনুমোদন কৰিছে।

 

সকলো ৰাজ্যই এভিয়ান ইনফ্লুৱেঞ্জাৰ প্ৰস্তুতি, নিয়ন্ত্ৰণ আৰু ৰোগ প্ৰতিৰোধৰ বাবে সংশোধিত কাৰ্য পৰিকল্পনাৰ আধাৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰহণ কৰা নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে নিতৌ বিভাগক প্ৰতিবেদন দি আহিছে। বিভাগে টুইটাৰ, ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মকে ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে এভিয়ান ইনফ্লুৱেঞ্জাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে

 

 

 *********

APS/MG/KG



(Release ID: 1692861) Visitor Counter : 123