বিত্ত মন্ত্ৰালয়

জিএছটি ঘাটি পুৰণৰ বাবে ৰাজ্যসমূহলৈ ত্ৰয়োদশ কিস্তিৰ বাবদ ক্ষতিপুৰণৰ হিচাপে ৬,০০০ কোটি টকা মুকলি কৰা হয়

এই শিতানত এতিয়ালৈকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৭৮,০০০ কোটি টকা মুকলি কৰি দিয়া হৈছে

Posted On: 25 JAN 2021 12:42PM by PIB Guwahati

কেন্দ্রীয় বিত্ত মন্ত্ৰালয় ব্যয় বিভাগে জিএছটিৰ ঘাটি পূৰণৰ বাবে ক্ষতিপূৰণ হিচাপে ৰাজ্যসমূহক ত্ৰয়োদশ কিস্তিত ৬,০০০ কোটি টকা মুকলি কৰি দিছে। ইয়াৰ ভিতৰত ৫,৫১৬.৬০ কোটি টকা ২৩খন ৰাজ্যক দিয়া হৈছে আৰু ৪৮৩.৪০ কোটি টকা তিনিখন কেন্দ্রীয় শাসিত অঞ্চলক দিয়া হৈছেইয়াৰ ভিতৰত তিনি বিধানসভা দিল্লী, জম্মু-কাশ্মীৰ আৰু পুডুচেৰী আছে, যি জিএছটি পৰিষদৰ সদস্য। দেশৰ পাঁচখন ৰাজ্য অৰুণাচল প্রদেশ, মনিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমত জিএছটিক লৈ কোনো ঘাটি পূৰণ নাই।

এতিয়ালৈকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে বিধানসভা এলেকাত জিএছটি ঘাটিৰ ৭০শতাংশ ধন মুকলি কৰি দিয়া হৈছে। ইয়াৰে ৭১,০৯৯.৫৬ কোটি ৰাজ্যসমূহলৈ আৰু ৬,৯০০.৪৪ কোটি টকা তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বিধানসভা এলেকালৈ মুকলি কৰি দিয়া হৈছে।

উল্লেখ্য যে ভাৰত চৰকাৰে ২০২০ৰ অক্টোবৰত ১.১০ লাখ কোটি টকা ৰাজহ ঘাটিৰ পুৰণ কৰিবলৈ এক বিশেষ ঋণৰ ব্যৱস্থা কৰিছিল। ২০২০ৰ ২৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়াৰ ত্ৰয়োদশ কিস্তি ধন মুকলি কৰা হৈছে।

১৮.০১.২০২১লৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে বিশেষ ব্যৱস্থাৰে জিএছডিপিৰ অতিৰিক্ত ০.৫০শতাংশ ৰাশি বৃদ্ধি অনুমোদন দিয়া হৈছে। অসমে অতিৰিক্ত ০.৫০শতাংশ ৰাশি শিতানত ১,৮৬৯ কোটি আৰু বিশেষ পুঁজি আহৰণৰ জৰিয়তে ৭৭৯.০৮ কোটি টকা লাভ কৰিছে।

 

****

RM/KMN/DB



(Release ID: 1692440) Visitor Counter : 160