স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কোভিড-১৯ টীকাকৰণৰ আপডেট

দেশজুৰি ১৫ লাখতকৈ অধিক স্বাস্থ্য কৰ্মীক টীকাকৰণ কৰা হৈছে

টীকাকৰণ অভিযানৰ ৮ম দিনা ৬ বজালৈকে ১,৪৬,৫৯৮ সুফলভোগীক টীকাকৰণ কৰা হৈছে

টীকাকৰণৰ বিপৰীতে মাত্ৰ ০.০০০৭% লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ তথ্য

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা চলোৱা ভাৰতীয় টীকা ব্যৱহাৰ কৰা ১৩খন বিদেশী ৰাষ্ট্ৰৰ ইমিউনাইজেচন প্ৰগ্ৰেম মেনেজাৰৰ প্ৰশিক্ষণ

Posted On: 23 JAN 2021 7:31PM by PIB Guwahati

অষ্টম দিনাও দেশজুৰি কোভিড-১৯ টীকাকৰণ কাৰ্যক্ৰম সফলতাৰে সম্পন্ন কৰা হৈছে।

 

কোভিড-১৯ৰ বিৰুদ্ধে টীকাকৰণ কৰা স্বাস্থ্য কৰ্মীৰ মুঠ সংখ্যাই আজি ১৫ লাখ অতিক্ৰম কৰিলে। প্ৰভিজনেল ৰিপ'ৰ্ট অনুসৰি, ২৭,৭৭৬খন বৈঠকৰ জৰিয়তে মুঠ ১৫,৩৭,১৯০জন সুফলভোগীক (আজি সন্ধিয়া ৬ বজালৈকে) টীকাকৰণ কৰা হৈছে। আজি সন্ধিয়া ৬ বজালৈকে ৩,৩৬৮খন বৈঠক অনুষ্ঠিত হয়।

 

আজি দেশজুৰি চলা কোভিড-১৯ টীকাকৰণৰ অষ্টম দিনা সন্ধিয়া ৬ বজালৈকে ১,৪৬,৫৯৮জন সুফলভোগীক টীকাকৰণ কৰা হয়। দিনটোৰ চূড়ান্ত প্ৰতিবেদন নিশালৈ সম্পূৰ্ণ হৈ উঠিব।

 

ক্ৰঃ নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

ভেকচিন লোৱা সুফলভোগী (প্ৰভিজনেল ডাটা)

 

১০

১১

১২

১৩

১৪

১৫

১৬

১৭

১৮

১৯

২০

২১

২২

২৩

২৪

২৫

২৬

২৭

আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ

অন্ধ্ৰপ্ৰদেশ

অৰুণাচল প্ৰদেশ

বিহাৰ

চণ্ডীগড়

ছত্তিশগড়

দাদৰা আৰু নগৰ হাভেলি

দমন আৰু দিউ

দিল্লী

গোৱা

গুজৰাট

হাৰিয়ানা

হিমাচল প্ৰদেশ

জম্মু আৰু কাশ্মীৰ

কৰ্ণাটক

কেৰালা

লাডাখ

লাক্ষাদ্বীপ

মহাৰাষ্ট্ৰ

মণিপুৰ

মেঘালয়

মিজোৰাম

উৰিষ্যা

পুডুচেৰী

পঞ্জাৱ

ৰাজস্থান

তামিলনাডু

৫৩০

 

১১,৫৬২

৫২৫

১২,১৬৫

৩৪৫

৮,১৩৮

৮৩

১৮৯

৬,১১১

৬১৫

২২,০৬৩

৯,১৮৮

৩,৯৩৫

১,৮২০

৩,৬৬৯

৬,০১২

১৫৭

৮১

২১,৭৫১

৩৯৬

১৫৮

৩২২

১৪,৮৯২

৩৮১

৮,৯৬৮

৭,৯০০

৪,৬৪২

 

সৰ্ব ভাৰত

১,৪৬,৫৯৮

 

টীকাকৰণ অভিযানৰ অষ্টম দিনা সন্ধিয়া ৬ বজালৈকে ১২৩টা এইএফআইয়ে তথ্য দাখিল কৰিছে।

 

বৰ্তমানলৈকে মুঠ ১১জন লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ০.০০০৭% লোকক টীকাকৰণৰ বিপৰীতে হাস্পতালত ভৰ্তি কৰোৱাৰ তথ্য নথিভুক্ত হৈছে। যোৱা ২৪ ঘণ্টাত, অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰৰ চৰকাৰী হাস্পতালত এজন লোকক ভৰ্তি কৰোৱা হৈছে যাক ২০ জানুৱাৰী ২০২১ত টীকাকৰণ কৰা হৈছিল।

 

বৰ্তমানলৈকে ৬টা মৃত্যুৰ খবৰ পোৱা গৈছে। যোৱা ২৪ ঘণ্টাত, হাৰিয়ানাৰ গুৰুগ্ৰামৰ বাসিন্দা ৫৬ বছৰ বয়সৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে। মৰণোত্তৰ পৰীক্ষাই নিশ্চিত কৰিছে যে কাৰ্ডিঅ'-পালমনেৰী অসুস্থতা তেওঁৰ মৃত্যুৰ কাৰণ আৰু ই টীকাকৰণৰ সৈতে জড়িত নহয়। এই মৃত্যুবিলাকৰ কোনোটোৱেই কোভিড-১৯ টীকাকৰণৰ সৈতে সম্পৰ্কযুক্ত নহয়।

 

১৩খন বিদেশী ৰাষ্ট্ৰৰ (বাহৰেইন, বাংলাদেশ, ভূটান, ব্ৰাজিল, মালদ্বীপ, মৰিছাছ, মংগোলিয়া, মৰক্কো, ম্যানমাৰ, নেপাল, ওমান, ছীচিলি আৰু শ্ৰীলংকা) ইমিউনাইজেচন প্ৰগ্ৰেম মেনেজাৰৰ এটা প্ৰশিক্ষণ ২ দিন ধৰি ভাৰতীয় ভেকচিন ব্যৱহাৰ কৰা সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা চলোৱা হয় য'ত টীকাকৰণ অভিযানৰ সকলো দিশ সামৰি লোৱা হয়।

 

সম্প্ৰতি কোভাক্সিন ব্যৱহাৰ কৰি থকা ১২খন ৰাজ্যৰ অতিৰিক্তভাৱে, সাতখন নতুন ৰাজ্যত অহা সপ্তাহৰ পৰা কোভাক্সিন দিয়া হ'ব, সেইকেইখন হৈছে-ছত্তিশগড়, গুজৰাট, ঝাৰখণ্ড, কেৰালা, মধ্যপ্ৰদেশ, পঞ্জাৱ আৰু পশ্চিমবংগ। এই ৭খন ৰাজ্যৰ সকলো প্ৰগ্ৰেম মেনেজাৰৰ ব্যৱস্থাপনা আজি আইচিএমআৰ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰূপায়ণৰ সকলো দিশ সামৰি সম্পন্ন কৰে।

*************

 

MV/SJ



(Release ID: 1691781) Visitor Counter : 161