প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰাণসীত ক’ভিড টিকাকৰণৰ হিতাধিকাৰী আৰু ভেকচিনেটৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ

Posted On: 22 JAN 2021 5:57PM by PIB Guwahati

হৰ হৰ মহাদেৱ

বাৰাণসীৰ সকলোকে বাৰাণসীৰ সেৱকৰ প্ৰণাম৷ এই কাৰ্যসূচীৰ সৈতে সংযুক্ত হোৱা সকলো বিশিষ্ট চিকিসক, চিকিসা কৰ্মী, পেৰামেডিকেল ষ্টাফ, হাস্পতালত যিসকলে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কৰে, চাফাই কৰ্মী, সকলো ভাই-ভনী, ক’ৰোনা ভেকচিনৰ সৈতে জড়িত লোকসকল, ক’ৰোনা ভেকচিন লাভ কৰা ব্যক্তিসকল, মই আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছো৷ আচলতে এই সময়ত মই আপোনালোকৰ মাজত থাকিব লাগিছিল৷ কিন্তু এনে পৰিস্থিতিত হৈছে যে আমি ভাৰ্চুৱেলী মিলিত হ’বলৈ বাধ্য হৈছো৷ কিন্তু এই কথা সঁচা যে কাশীত মই সাধ্য অনুসৰি সদায় কাম কৰি আছো৷

বন্ধুসকল,

২০২১ বৰ্ষৰ আৰম্ভণি একাধিক শুভ সংকল্পৰে হৈছে৷ কাশীৰ বিষয়ে কোৱা হয় যে কাশীৰ চৰণ স্পৰ্শ কৰিলেই শুভ কাম সিদ্ধলৈ পৰিণত হয়৷ এই সিদ্ধিৰ ফলতে আজি বিশ্বৰ সৰ্ববৃহ টিকাকৰণ অভিযান আমাৰ দেশত চলি আছে৷ ইয়াৰ প্ৰথম দুটা পৰ্যায়ত ৩০ কোটি ভাৰতীয়ক টিকাকৰণ কৰা হ’ব৷ আজি দেশত এনে পৰিৱেশ সৃষ্টি হৈছে যে এনে ইচ্ছাশক্তি আছে যে দেশে নিজে নিজৰ ভেকচিন প্ৰস্তুত কৰিছে৷ তাকো এটা নহয়, দুটা মেড ইন ইণ্ডিয়া ভেকচিন৷ আজি দেশত প্ৰস্তুত কৰা এনে ভেকচিন দেশৰ চুকে কোনে ক্ষিপ্ৰতাৰে প্ৰেৰণ কৰা হৈছে আৰু বিশ্বৰ এই অত্যাৱশ্যকীয় সামগ্ৰী লৈ ভাৰত সম্পূৰ্ণ ৰূপে আত্মনিৰ্ভৰ হৈছে৷ ইমানেই নহয়, ভাৰতে বিভিন্ন দেশকো সহায় কৰিছে৷

বন্ধুসকল,

বিগত ৬ বছৰত বাৰাণসী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত চিকিসা আন্তঃগাঁথনিত যিমান পৰিৱৰ্তন হৈছে, তাৰ জৰিয়তে পূৰ্বাঞ্চলত ক’ৰোনাৰ সময়ত সহায় হৈছে৷ এতিয়া বাৰাণসীত ভেকচিনৰ বাবে সেই গতিৰেই আগবাঢ়িছে৷ মোক জনাইছে যে প্ৰথম অৱস্থাত বাৰাণসীত প্ৰায় ২০,০০০তকৈ অধিক স্বাস্থ্য কৰ্মীক টিকাকৰণ কৰা হ’ব৷ ইয়াৰ বাবে ১৫টা টিকাকৰণ কেন্দ্ৰ গঢ় দিয়া হৈছে৷ মই এই সম্পূৰ্ণ অভিযানৰ বাবে সকলো চিকিসক, নাৰ্ছ আৰু চিকিসা কৰ্মীসকলক অভিনন্দন জ্ঞাপন কৰিছো, যোগীজীৰ চৰকাৰক অভিনন্দন জনাইছো, সকলো বিভাগৰ সতীৰ্থসকলক অভিনন্দন জনাইছো৷

বন্ধুসকল,

এই বাৰাণসীত আপোনালোকৰ কেনে অনুভৱ, টিকাকৰণত কোনো সমস্যা হৈছেনেকি সেই বিষয়ে জানিবলৈ আজি আপোনালোকৰ মাজলৈ আহিছো৷ ভাৰ্চুৱেলী আমি কথা পাতিম৷ মই আজি কোনো ভাষণ দিবলৈ অহা নাই৷ মই ভাৱো মোৰ কাশী আৰু মোৰ কাশীবাসী, তেওঁলোকৰ যি মতামত মোৰ লগতে আনৰো কামত আহিব৷ আপোনালোকে নিজে টিকা লৈছে আৰু টিকাকৰণ অভিযানতো জড়িত হৈ আছে৷ অৰ্থা সকলো ধৰণৰ লোক আছে৷ মোক জনোৱামতে সৰ্বপ্ৰথমে যাৰ সৈতে মোৰ বাৰ্তালাপ হ’ব তেওঁ সম্ভৱতঃ বাৰাণসী জিলা মহিলা হাস্পতালৰ মেট্ৰ’ন ভনী পুষ্পা জী৷

মোদী জী- পুষ্পা জী নমস্তে৷

পুষ্পা জী নমস্তে-প্ৰণাম মাননীয় প্ৰধানমন্ত্ৰী জী৷ মোৰ নাম পুষ্পা দেৱী৷ মই জিলা মহিলা হাস্পতালত মেট্ৰ’ন পদত কাম কৰো আৰু মই এবছৰৰ পৰা মেট্ৰ’নৰ কামত তদাৰকৰ কৰি আছো৷

মোদী জী- আজি সৰ্বপ্ৰথমে মই আপোনাক অভিনন্দন জনাইছো, কাৰণ আপুনি সেইসকলৰ ভিতৰত আছে, যিসকলে প্ৰথম পৰ্যায়ত টিকা লৈছে৷ এটা সময় আছিল যেতিয়া ক’ৰোনাৰ নাম শুনিলেই মানুহে ভয় খাইছিল৷ এতিয়া মই পুস্পাজীৰ পৰা জানিব বিচাৰিছো আপুনি মোক আৰু দেশবাসীক কি ক’ব বিচাৰিব৷

পুস্পাজী-মই ক’ৰোনাৰ ভেকচিনৰ বাবে আপোনাক প্ৰথমতে আমাৰ স্বাস্থ্যকৰ্মীসকলৰ হৈ বহুত বহুত ধন্যবাদ জনাব বিচাৰিছো৷ কাৰণ সৰ্বপ্ৰথমে আপুনি স্বাস্থ্য বিভাগৰ বাছনি কৰিলে আৰু প্ৰথম পৰ্যায়ত ১৬ জানুৱাৰীত প্ৰথমে মোক টিকাকৰণ কৰিলে৷ মই টিকা লাভ কৰিলো আৰু সেইবাবে মই নিজকে ভাগ্যবান বুলি ভাৱো৷ ভেকচিন পোৱাৰ পাছত মই নিজকে সুৰক্ষিত অনুভৱ কৰিছো আৰুনিজৰ পৰিয়ালক সুৰক্ষিত কৰি ৰাখিব পাৰিছো, সমাজে সুৰক্ষিত অনুভৱ কৰিছে৷ তদুপৰি, মহাশয় মই যিসকল নাৰ্ছিং ষ্টাফ, পেৰামেডিকেল ষ্টাফ, সকলোকে এই ভেকচিন গ্ৰহণৰ বাবে আহ্বান জনাইথো, কৈছো ইয়াৰ পৰা মোৰ কোনো পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই৷ মই ভেকচিনৰ পৰা কোনো ধৰণৰ অসুবিধা পোৱা নাই৷ যিদৰে অন্যান্য বেজী দিয়া হয়, তেনেকুৱাই মোৰ অনুভৱ হৈছে৷ সেয়েহে, আপোনালোক সকলোৱে ই ভেকচিন ল’বলৈ আগুৱাই আহক, যাতে আপোনালোক সুৰক্ষিত থাকে, আপোনালোকৰ পৰিয়াল সুৰক্ষিত থাকে আৰু আপোনাৰ সমাজ সুৰক্ষিত হয়৷

মোদী জী-পুস্পাজী আপোনালোকৰ দৰে লাখ-কোটি যোদ্ধা আৰু ১৩০ কোটি ভাৰতীয়ৰ সফলতাত মেড ইন ইণ্ডিয়া ভেকচিন আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা৷ এতিয়া কওঁকছোন যেনেকৈ আপুনি ক’লে আপুনি কোনো অসুবিধা পোৱা নাই, কোনো মানসিক চিন্তা হোৱা নাই অৰ্থা আপুনি সম্পূৰ্ণ বিশ্বাসেৰে ক’লে সেয়া একেবাৰে উত্তম অভিজ্ঞতা?

পুষ্পা জী-হয়৷

মোদী জী- কওক পুষ্পা জী

পুষ্পা জী- চাৰ?

মোদী জী- শুনিছেনে মোক কথা?

পুষ্পা জী-হয় চাৰ৷

মোদী জী- কথাটো এনেধৰণৰ যে যেতিয়া আপুনি কৈছে নিয়মমতে এটা ভেকচিন থাকে, তেনেকুৱাই হৈছে৷ একাংশ লোকৰ মনত অলপ চিন্তা থাকে৷ আপুনি চিকিসা খণ্ডৰ সৈতে জড়িত আৰু আপুনি নিজেও টিকা লৈছে৷ সেয়েহে জনসাধাৰণৰ বিশ্বাস জন্মাকৈ কিছু কথা কওক৷

পুষ্পা জী- জনসাধাৰণৰ মই বিশ্বাসেৰে কও যে আপোনালোকৰ বাবে এই ভেকচিন অতি গুৰুত্বপূৰ্ণ৷ আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা ৯ মাহৰ ভিতৰতে এই ভেকচিন উপলব্ধ হৈছে, যিটো সৰ্বপ্ৰথমে ভাৰতত ভেকচিন প্ৰদানৰ কাম আৰম্ভ হৈছে৷ এই ভেকচিন লৈ আপোনালোকৰ সম্পূৰ্ণ সুৰক্ষিত থাকিব আৰু ভেকচিন ললে পাৰ্শ্বক্ৰিয়া হব বা কোনো ধৰণৰ ক্ষতি হব বুলি আপোনালোকে মনত কোনো ধৰণৰ শংকা নানিব৷ সেয়েহে ভেকচিন লওক আৰু মনৰ পৰা ভয় আঁতৰাওক৷

মোদী জী- ঠিক আছে পুষ্পা জী, আপুনি একেবাৰে সঁচা কথা কৈছে৷ যিকোনো ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমাৰ বৈজ্ঞানিকসকলৰ যথেষ্ট পৰিশ্ৰম হয় আৰু ইয়াৰ সম্পূৰ্ণ বৈজ্ঞানিক প্ৰক্ৰিয়া হয়ষ আপোনালোকে নিশ্চয় শুনিছে আৰম্ভণিতে মোৰ ওপৰত যথেষ্ট চাপ পৰিছিল, ভেকচিন কিয় শীঘ্ৰে অহা নাই? ভেকচিন কেতিয়া প্ৰদান কৰিব? ৰাজনীতিত একেটা কথাকে ইফাল সিফাল কৰে, সেয়েহে তেওঁলোকক এটাই উত্তৰ দিছো ভাই বৈজ্ঞানিকে যি কব আমি তাকে কৰিম৷ এয়া আমাৰ ৰাজনীতিসকলে সিদ্ধান্ত লোৱাটো কাম নহয়৷ আৰু যিদৰে আমাৰ সকলো বৈজ্ঞানিক আৰু তেওঁলোকৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আহিছে, তেতিয়া কলো আমি এতিয়া কৰ পৰা আৰম্ভ কৰিম? তেতিয়া আমি প্ৰথমতে সেইসকল লোকৰ বাবে ভাৱিলো, যিসকলৰ সদায় ৰোগীৰ সৈতে কাম হয়৷ সেইসকল যি সুৰক্ষিত হৈ যায়, সঠিকভাৱে থাকে, তেতিয়াহলে সমাজৰ বাকী সকলোৱেই নিশ্চিন্ত থাকিব৷ ইমান সময়ৰ জটিল প্ৰক্ৰিয়া আৰু বৈজ্ঞানিক গৱেষণাৰ পাছত এতিয়া যেতিয়া ভেকচিন আহিছে, তেতিয়া সৰ্বপ্ৰথমে সকলো স্বাস্থ্য খণ্ডৰ সৈতে জড়িত লোক, যিসকলক আমি অগ্ৰাধিকাৰ দিও, একাংশ লোক মোক বেয়া পাইছে যে চাহাব আমাৰ বাবে সোনকালে আৰম্ভ কৰক, কিন্তু মোৰ মত এই যে সৰ্বপ্ৰথমে আপোনালোকৰ হৈ যাওক৷ যিমান পাৰি সোনকালে এই কাম হৈ যাওক৷ কেইবা পৰ্যায়ৰ পৰীক্ষাৰ পাছত এইটো নিশ্চিত কৰা হৈছে যে এই ভেকচিনৰ কোনো পাৰ্শ্বক্ৰিয়া নাই, সেয়েহে আৰম্ভ কৰা হওক৷ সেয়েহে দেশবাসীয়ে আমাৰ বৈজ্ঞানিক আু চিকিসকৰ ওপৰত ভৰসা কৰক আৰু আপোনালোকৰ দৰে মেডিকেল ফেকাল্টীয়ে যেতিয়া জনসাধাৰণক কল তেতিয়া তেওঁলোকৰ বিশ্বাস জন্মে৷ পুষ্পা জী আপোনাক বহুত বহুত অভিনন্দন৷ আপুনি সুস্থ থাকক আৰু সেৱাও কৰি থাকক৷

মোদী জী-ৰাণী জী নমস্তে৷

ৰাণী কুঁৱৰ শ্ৰীবাস্তৱ-নমস্তে চাৰ৷ মাননীয় প্ৰধানমন্ত্ৰী জীক মই সমগ্ৰ কাশীবাসীৰ হৈ কোটি কোটি প্ৰণাম জনাইছো৷ চাৰ, মোৰ নাম ৰাণী কুঁৱৰ শ্ৰীবাস্তৱ৷ মই জিলা মহিলা হাস্পতালৰ এনএনএম পদত ছবছৰ ধৰি কাম কৰি আছো৷

মোদী জী-এই ছবছৰত এতিয়ালৈকে আপুনি কিমান ভেকচিন প্ৰদান কৰিছে৷ এদিনত কিমান দিয়ে?

ৰাণী কুঁৱৰ শ্ৰীবাস্তৱ-চাৰ, এদিনত ১০০ বেজী, ১০০ ভেকচিন প্ৰদান কৰো৷

মোদী জী- তেতিয়াহলে এতিয়ালৈকে আপোনাৰ যি অভিলেখ আছিল, এই কৰোনাৰ সময়ত সেয়া ভংগ হব৷ কাৰণ এতিয়া আপুনি বহুসংখ্যক লোকক বেজী দিব লাগিব৷

ৰাণী কুঁৱৰ শ্ৰীবাস্তৱ-চাৰ, এই কথাত মই অতিশয় আনন্দিত হৈছো, মই নিজকে সৌভাগ্যবান বুলি ভাবিছো যে মই কভিড-১৯ৰ দৰে ভয়াবহ ৰোগৰ ভেকচিন প্ৰদানৰ সুযোগ পাইছো৷

মোদী জী- জনসাধাৰণেও নিশ্চয় আপোনালক আশীৰ্বাদ দিছে?

ৰাণী কুঁৱৰ শ্ৰীবাস্তৱ-হয় চাৰ, বহুত আশীৰ্বাদ পাইছো৷ মোৰ লগতে চাৰ আটাইতকৈ বেছি আপোনাক আশীৰ্বাদ দিছে, কিয়নো ইমান সোনকালে, ১০ মাহৰ ভিতৰতে কৰোনাৰ ভেকচিন শুভাৰম্ভ কৰিছে৷

মোদী জী-চাওক, ইয়াৰ কৃতিত্ব মোৰ নহয়৷ ইয়াৰ প্ৰথম কৃতিত্ব আপোনালোকৰ, কিয়নো ইমান চিন্তা, অনিশ্চিয়তা কি হ’ব, ঘৰলৈ ক’ৰোনাটো লৈ নাযাও? ইয়াৰ মাজতো আপোনালোকে দৃঢ়তা দেখুৱাই কাম কৰিলে, লাগি থাকিল, ৰোগীৰ সেৱা কৰিলে৷ বাকীসকল হৈছে আমাৰ বৈজ্ঞানিকসকল, যিসকলে সম্পূৰ্ণ বিশ্বাসেৰে এন অজ্ঞাত শত্ৰুৰ বিৰুদ্ধে গৱেষণাগাৰত দিনে-ৰাতিয়ে যুঁজ দিলে৷ বৈজ্ঞানিকসকলেই আধুনিক যুগৰ ঋষি৷ তেওঁলোকে যি কাম কৰিলে, তাৰ ফলতে এই ভেকচিন প্ৰস্তুত হ’ল৷ সেইবাবে ইয়াৰ কৃতিত্ব মোৰ নহয়, আপোনালোক সকলোৰে৷ যি নহওক আপুনি অতি বিশ্বাসেৰে কোৱাৰ বাবে সুখী হ’লো৷ জনতাৰ বিশ্বাস গঢ় দি কাম কৰি যাওক৷ ৰাণী জীক বহুত বহু শুভকামনা জনালো৷ ধন্যবাদ৷

ৰাণী কুঁৱপ শ্ৰীবাস্তৱ-ধন্যবাদ চাৰ, নমস্কাৰ৷

মোদী জী-নমস্কাৰ ডাক্তৰ

ডা০ ভি. শুক্লা-প্ৰণাম চাৰ৷ মই ডা০ ভি. শুক্লা, মুখ্য চিকিসা অধীক্ষক, পণ্ডিত দীনদয়াল উপাধ্যায় বাৰাণসীৰ পৰা আমাৰ চিকিসালয়ৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী জীক সাদৰ প্ৰণাম জনাইছো৷

মোদী জী- হয় শুক্লা জী, কেনে লাগিছে, অলপ কওক, আমাৰ কাশীবাসী সুখেৰে আছে নে?

ডা০ ভি. শুক্লা-ছাৰ বহুত আনন্দ লাগিছে৷ সকলো যথেষ্ট উসাহিত হৈ আছে৷ ইমান কম সময়তে আমি এখন উন্নয়নশীল দেশ হৈও বিকশিত দেশৰ তুলনাত তেওঁলোকতকৈ ভেকচিনৰ দিশত আগুৱাই গৈছো৷ আমাৰ চিকিসক সমূদায় আৰু স্বাস্থ্যকৰ্মীসকলক অধিক গৌৰৱান্বিত, কিয়ো আপুনি প্ৰথমে তেওঁলোকক টিকাকৰণৰ বাবে বাছনি কৰিলে৷ সেই বাবে আমি গৌৰৱান্বিত হৈছো আৰু আপোনাৰ প্ৰতি কৃতজ্ঞতা জনাইছো৷

মোদী জী-মইও আপোনালোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো, কিয়নো আপোনালোকে সঁচাকৈয়ে অদ্ভূত কাম কৰিলে৷ ইমান বৃহ সংকটৰ পৰা দেশক ৰক্ষা কৰাত ক’ৰোনা যোদ্ধাসকলৰ বৃহ ভূমিকা আছে আৰু সেই কথা মই বাৰে বাৰে কৈ আহিছো৷ হয়, শুক্লা জী কওক৷

ডা০ ভি. শুক্লা-ছাৰ ইমান বৃহ স্বাস্থ্য বিভাগক আপুনি যি বিশ্বাস দিলে যে প্ৰথমে এই লোকসকলক টিকাকৰণ কৰা হ’ব, তাৰ জৰিয়তে আমাৰ মাজত এক উসাহৰ সঞ্চাক হৈছে আৰু দুগুন উসাহেৰে নিজৰ কাম কৰিবলৈ লাগি গ’লো আু জনসাধাৰণৰ প্ৰতি এই বাৰ্তাও গৈ আছে যে যেতিয়া আমাৰ প্ৰধানমন্ত্ৰীয়ে বৈজ্ঞানিকসকলৰ সৈতে আলোচনা কৰি নিজে কয় যে যিসকলে ৰোগীৰ সৈতে পোনপটীয়াকৈ লাগি থাকে, তেওঁলোকক প্ৰথমতে টিকাকৰণ কৰা হ’ব৷ ইয়াৰ জৰিয়তে এই ভেকচিনৰ সুৰক্ষা নিজে নিজে প্ৰতিপন্ন হ’ল৷

মোদী জী-চাওক, এটা হৈছে আমাৰ ওপৰত ঈশ্বৰৰ কৃপা। আমি বিগত ৪-৫ বছৰ ধৰি যি স্বচ্ছতা অভিযান চলাই আছো, বিশুদ্ধ খোৱা পানীৰ অভিযান চলাইছো, শৌচালয় নিৰ্মাণৰ অভিযান চলাইছো-এইবোৰে আমাৰ দেশৰ অত দৰিদ্র লোকসকলৰ জীৱনক ৰোগৰ বিৰুদ্ধে যুঁজাৰ শক্তি বৃদ্ধি কৰিছে। এই অভিযানৰ জৰিয়তে আমাৰ যি পৰোক্ষ লাভ হৈছে, তা হ’ল দেশৰ দৰিদ্র নাগৰিকসকলৰ লগতে জ্যেষ্ঠ নাগৰিকসকলক ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্রতো যথেষ্ট প্রতিৰোধ গঢ়ি তুলিব পাৰিছে৷ সেই বাবে আমাৰ দেশত মৃত্যুৰ হাৰ যথেষ্ট কম হৈছেস্বচ্ছতা বৃদ্ধি, শৌচালয়ৰ ব্যৱহাৰ বৃদ্ধি, বিশুদ্ধ খোৱা পানী সেৱন কৰা-এই সকলোৰ ফলতে এই প্রতিৰোধ ক্ষমতা বৃদ্ধি পাইছেশুক্লা জী আপুনিতো এগৰাকী নেতা। আপোনাৰ নেতৃত্বত এক বৃহ দলে কাম কৰিছে। বিভিন্ন স্তৰৰ মানুহে কাম কৰিছে৷ এইবোৰৰ পৰা সকলোৰে মনত কেনে আস্থা জাগিছে?

ডা০ ভি. শুক্লা-যথেষ্ট ভাল। সকলোৱেই সন্তুষ্ট। কাৰোৰে মনত কোনো ভয় নাই। টিকাকৰণ আৰম্ভ হোৱাৰ পূৰ্বে আমি এক সিদ্ধান্ত লৈছো আৰু সকলোৰে মনত এই ভাৱ জাগি উঠিছে যে আমি আগুৱাই যাম, সমাজক এইটো ক’ম যে দীর্ঘদিন ধৰি যেনেকৈ টিকাকৰণ হৈছে, এয়াও সেই ধৰণৰে এক টিকাকৰণ অভিযান। অন্যান্য টিকাকৰণৰ ক্ষেত্রতো কিছুমান লোকৰ সৰু-সুৱা পার্শ্বক্রিয়া হয় যেনে সামান্য বিষ বা জ্বৰ, চর্দি-কাঁহ, এইটো কোনো ডাঙৰ কথা নহয়। এই টিকাকৰণৰ পাছত এনেধৰণৰ লক্ষণ কাৰোবাৰ হ’ব পাৰে। আমাৰো হ’ব পাৰে। তাৰবাবে চিন্তা কৰাৰ কোনো প্রয়োজন নাই। সেই বাবে কোনো লোকৰ মনত যদি কোনো আশংকা আছে, সেয়া দূৰ কৰিবলৈ আমি সেই দিনা সৰ্বপ্ৰথমে আমাৰ নিজৰ কেন্দ্রৰ কর্মীসকলক টিকা দিছো৷ সেই দিনাই আমাৰ ৮২ শতাংশ টিকা প্ৰদান সম্পন্ন হৈছে৷ মানুহৰ মনত আত্মবিশ্বাস বৃদ্ধি যে সকলোৱে আগুৱাই আহি প্রচাৰ কৰিছে৷

মোদী জী-চাওক, মই যদি কও যে চিন্তা নকৰিব, টিকা লৈ লওক, তেতিয়া হ’লে যি ফল পাব, সেই ঠাইত আপানোলোৰ দৰে ব্যক্তিয়ে যদি এটা শব্দও কয়, চিকিসা বৃত্তিৰ সৈতে জড়িত লোকসকলে  যেতিয়া ক’ব, তেতিয়া ৰোগীৰ মনত আস্থা বৃদ্ধি পায়, নাগৰিকৰ মনত আস্থা বৃদ্ধি পায়সেইবাবে সকলোৱেই হয়তো আপোনালোকক বিভিন্ন প্রশ্ন সুধিছে৷ আপোনালোকে কিদৰে সেইবোৰ প্রশ্ন উত্তৰ দিয়ে?

ডা০ ভি, শুল্কা-ছাৰ, সৰু-সুৰা প্রভাৱটো প্রত্যেক টিকাৰ পাছতে হয়। এইটো আমি সকলোৱে জানো৷ এতিয়া যিসকলে টিকা লৈছে, মানে কালিলৈকে আমাৰ দেশত ইতিমধ্যে ১০ লাখ লোকৰ টিকাকৰণ হৈছে, তেওঁলোকৰ মাজত খুব কমসংখ্যক লোকৰে সামান্য পার্শ্বক্রিয়া হৈছে। আমি ইয়াত যিমানজনক টিকা দিছো সেই টিকা লোৱাৰ পাছত সকলোকে ৩০ মিনিট অপেক্ষা কৰিবলগীয়া হৈছে। তাৰপাছত সকলোৱে নিজৰ নিজৰ কামত আকৌ লাগি গৈছে। আমাৰ ইয়াৰ চাফাইকর্মীসকলেও টিকাকৰণৰ ৩০ মিনিট পাছতে আকৌ নিজৰ কাম আৰম্ভ কৰে দিছে৷ আমিও সেয়া কৰিছো। এতিয়া যিসকলে কোনো কঠিন ৰোগত ভুগিছে, হৃদৰোগ বা শ্বাস-প্ৰশ্বাসজনিত কোনো সমস্যা, কেন্সাৰ ৰোগী, তেওঁলোককেও টিকা ল’ব লাগিবএতিয়া এই টিকা লোৱাৰ পাছত তেওঁলোকৰ স্বাভাৱিকতে যদি কোনো দুর্ঘটনা হয়, কোটি কোটি লোকৰ মাজত এক-আধজনৰ এনে হয়, সেইটোক টিকাকৰণৰ বাবে হৈছে বুলি ভবাটো উচি নহয়। এইটো এটা সাধাৰণ প্রক্রিয়া। কোনো ধৰণৰ কোনো টিকা কোনো মানুহকে অমৰত্ব প্রদান নকৰে৷ সেয়েহে কোনো মৃত্যুক এই টিকাকৰণৰ সৈতে জড়ি কৰিলে ভুল হ’বএই টিকা সম্পূর্ণ নিৰাপদ। আমাৰ দেশত ইতিমধ্যে ইয়াৰ প্রয়োগ সফল হৈছে। একেবাৰে নিৰাপদ আছে৷ এয়া আমাৰ বাবে অত্যন্ত সৌভাগ্যৰ বিষয়। আৰু ইয়াৰ জৰিয়তে আমি বিশ্ববাসীক এটা বার্তাও দিব পাৰিছো যে ইমান ডাঙৰ টিকাকৰণ অভিযানত ভাৰতক বাদ দি অন্য কোনো দেশে এই সাফল্য এতিয়ালৈকে পোৱা নাই

মোদী জী-ঠিক আছে, শুক্লাজি, আপোনাৰ আত্মবিশ্বাস ইমান প্রৱল আৰু আপোনাৰ নেতৃত্ব ইমান ভালো, আৰু যিদৰে আপোনালোকে আপোনালোকৰ হাস্পতালৰ সকলো কর্মচাৰীৰ টিকাকৰণ কৰিছে, আপোনালোকক অনুসৰণ কৰি আমি দেশৰ সকলো হাস্পতালৰ কর্মচাৰীক অনুৰোধ কৰিম যে আপোনালোকেও ঠিক কৰক যে আপোনালোকৰ হাস্পতালত ১০০ শতাংশ কর্মচাৰীক যিমান সোনকালে পাৰি টিকা প্ৰদান কৰক৷ প্রতিযোগিতা আৰম্ভ কৰক, পৰিৱেশ গঢ়ি তোলক যে আমাৰ হাস্পতালত দ্রুতগতিত ১০০ শতাংশ টিকাকৰণ হ’ব লাগিব৷ তেতিয়াহে পৰৱর্তী পর্যায়ৰ কামো আমি দ্রুতগতিত আৰম্ভ কৰিব পাৰিম। ৫০ৰ ঊৰ্ধ্বৰ বয়স, তেওঁলোকৰ টিকাকৰণৰ কাম দ্রুতগতিত আৰম্ভ কৰিব পাৰিম। আপুনি যিদৰে নেতৃত্ব দি এই টিকাকৰণ কৰিছেন তাৰবাবে আপুনি অভিনন্দনৰ যোগ্য। আপোনাৰৰ পৰা প্রেৰণা লৈ অন্যান্য স্বাস্থ্য প্রতিষ্ঠান আৰু হাস্পতালসমূহে আমাৰ সকলো ক’ৰোনা যোদ্ধাৰ টিকাকৰণ সুনিশ্চিত কৰিলে যথেষ্ট ভাল হ’ব। শুক্লা জী আপোনাক আৰু আপোনাৰ টীমক বহুত বহুত অভিনন্দন জনাইছো। ধন্যবাদ৷

মোদী জী-ৰমেশ জী নমস্কাৰ।

ৰমেশ চন্দ ৰায় - প্রণাম ছাৰ। মই মাননীয় প্রধানমন্ত্রীজীকে সাদৰ প্রণাম জনাইছো। মই ৰমেশ চন্দ ৰায়, ছিনিয়ৰ লেব টেকনিছিয়ান, পণ্ডিত দীনদয়াল উপাধ্যায় চৰকাৰী হাস্পতালত কাম কৰো

মোদী জী- আপুনি টিকা লৈছেনে?

ৰমেশ চন্দ ৰায় – হয়, ছাৰ। এইটো মোৰ সৌভাগ্য যে প্রথম পৰ্যায়তে টিকা লোৱাৰ সুযোগ পালো।

মোদী জী-সুন্দৰ! এতিয়া আপোনালোকক দেখি আনৰো বিশ্বাস বৃদ্ধি পাবযেতিয়া এজন টেকনিছিয়ানে টিকা লৈ লয়, তেতিয়া আনৰ মনতো বিশ্বাস নিজতকৈ অধিক বৃদ্ধি পায়।

ৰমেশ চন্দ ৰায় – একেবাৰে সঠিক ছাৰ। মইতো সকলোকে এটাই কওঁ যে ভাই আপোনালোকে প্রথম পালি লৈ লওক৷ দ্বিতীয় পালি লোৱাৰ বাবে প্ৰস্তুত থাকক৷ আপোনালোক নিৰাপদ থাকক, আপোনালোকৰ পৰিয়ালক নিৰাপদে ৰাখক, সমাজক নিৰাপদ ৰাখক আৰু দেশকো নিৰাপদে ৰাখক।

মোদী জী-আপুনি আত্মবিশ্বাস বঢ়াই দিছেন। এতিয়া আপোনাৰ গোটেই টীম কিমান প্রভাৱিত হৈছে? তেওঁলোকৰ বিশ্বাস বাঢ়িছেনে?

ৰমেশ চন্দ ৰায় – ছাৰ বাঢ়িছেতেওঁলোক উসাহেৰে আগুৱাই আহিছে। প্রথম পৰ্যায়তে ৮১ জনে টিকা লৈছে। ১৯জনে সম্ভৱতঃ কিবা কাৰণত ক’ৰবালৈ গৈছে৷ আজিও আমাৰ ইয়াত পূর্ণগতিত টিকাকৰণ চলিছে ছাৰ।

মোদী জী-ঠিক আছে, ৰমেশজী, মই আপোনাকো বহুত শুভকামনা জনাইছো। আপোনাৰ গোটেই টীমক বহুত বহুত শুভকামনা জনাইছোআপোনালোকৰ সকলোকে বহুত বহুত ধন্যবাদ।

মোদী জী-শৃংখলাজী নমস্কাৰ।

শৃংখলা চৌহান–ছাৰ, মই শৃংখলা চৌহান, আপোনাক কোটি কোটি প্রণাম জনাইছো। ছাৰ চিএইচচি হাতীবাজাৰ, পিএএচচি সেৱাপুৰী, এইচডব্লিউচি বর্গী, এএনএম পদত মই কাম কৰো৷

মোদী জী-সৰ্বপ্ৰথমে আপোনাক মই বহুত বহুত ধন্যবাদ জনাইছোকাৰণ সঁচাকৈয়ে সেৱাপুৰীত সেৱা কৰি আপুনি সেৱাপুৰীৰ নাম সার্থক কৰিছে। নিজৰ পৰিয়ালৰ নামো উজ্জ্বলাই তুলিছে৷ আপুনি বহুত ডাঙৰ সেৱা কৰিছে৷ এই ধৰণৰ সংকটৰ সময়ত যি সেৱা কৰিছে সেয়া অত্যন্ত অমূল্য। ইয়াৰ কোনো মাপ কৰা সম্ভৱ নহয়। এতিয়া বিশ্বৰ সর্ববৃহ টিকাকৰণ অভিযান আপোনালোকৰ দৰে সেৱাপৰায়ণ লোকৰ জৰিয়তেই সফল হৈছে। এতিয়ালৈকে আপুনি কিমানজনক টিকা দিছে? এদিনত কিমানজনক দিছে?

শৃংখলা চৌহান–ছাৰ সৰ্বপ্ৰথমে প্রথম পৰ্যায়ত ১৬ জানুৱাৰীতে মই নিজে ক’ভিশ্বিল্ডৰ পালি লৈছোসেই দিনাই ভেক্সিনেটৰ ৰূপে ৮৭ জনক টিকা প্ৰদান কৰিছো৷

মোদী জী-আচ্ছা আচ্ছা, আপুনি যিদিনা টিকা লৈছেন সেই দিনাই আপুনি ইমান কাম কৰিছে?

শৃংখলা চৌহান –হয় ছাৰ।

মোদী জী-অতি সুন্দৰ! ৮৭ জনক টিকা দিয়াতো কম কথা নহয়। তেওঁলোক সকলোৱে নিশ্চয় আপোনাক আশীর্বাদ দিছে।

শৃংখলা চৌহান– হয় ছাৰ। আচলতে ছাৰ সেই দিন ডিউটিত ৮৭ জনক টিকা দিয়াৰ পাছত মই টিকা লৈছো৷

মোদী জী-আচ্ছা আচ্ছা, ঠিক আছে, আপোনাকো বহুত শুভকামনা জনাইছো। মোৰ দৃঢ় বিশ্বাস যে আপোনালোকৰ সকলোৰে পৰিশ্রমত অত্যন্ত ক্ষিপ্ৰতাৰে দেশৰ সকলো মানুহ নিৰাপদ হৈ যাব। সমাজৰ বাকী লোককো আপোনালোকে সহজে টিকাকৰণ অভিযানত সামৰি ল’ব৷ আজি আপোনালোকৰ সকলোৰে সৈতে কথা পতাৰ সৌভাগ্য হ’ল। মোৰ মনত সন্তুষ্টি আহিল যে এই টিকাকৰণ অভিযানো আমাৰ কাশীবাসীক সামৰি লৈছে, তেওঁলোকৰ সৈতে কথা পাতিব পাৰিছো, বিশেষকৈ স্বাস্থ্য বিভাগৰ মানুহৰ সৈতে যিসকলে প্রকৃতপক্ষে এই ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ নেতৃত্ব দিছেতেওঁলোকক নিজ চকুৰে দেখাৰ সৌভাগ্য হ’ল, তেওঁলোকৰ সৈতে কথা পতাৰ সৌভাগ্য হ’ল। মই পুনৰবাৰ কাশীবাসীক অনুৰোধ জনাও যে প্রথম পৰ্যায়ত যিসকলৰ বাবে টিকাকৰণৰ অভিযান চলিছে, তেওঁলোক সকলোৱেই ১০০ শতাংশ টিকা লয়, যাতে মই ক্ষিপ্ৰতাৰে দ্বিতীয় পৰ্যায়লৈ যাব পাৰো৷ ৫০ বছৰ ঊৰ্ধ্বৰ বাকী নাগৰিকসকলে টিকাকৰণৰ সুযোগ লাভ কৰে৷ মই অতি ক্ষিপ্ৰতাৰে এই কাম কৰিব বিচাৰো৷কাশীৰ সেৱক হিচাপে অৱশ্যে কও অতি ক্ষিপ্ৰতাৰে মই কাশীত এই অভিযান সম্পূর্ণ কৰিম

আপোনালোক সকলোকে মই বহুত বহুত শুভকামনা জনাইছো৷

ধন্যবাদ৷

*****

DS/VJ/BM/NS/DB



(Release ID: 1691640) Visitor Counter : 183