প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে আহমেদাবাদ মেট্রো ৰে'ল প্রকল্পৰ দ্বিতীয় পর্যায় আৰু ছুৰাট মেট্রো ৰে'লৰ ভূমিপুজন কৰিছে

যোৱা দুই দশক ধৰি ছুৰাট আৰু গান্ধীনগৰৰ পৰিৱর্তনে দেখুৱাইছে কেনেদৰে যুৱ সম্প্রদায় সহ মানুহ পৰিকল্পিত নগৰায়ণৰ পৰা উপকৃত হ'ব পাৰে : প্রধানমন্ত্রী

গুজৰাটৰ গ্রামাঞ্চলৰ পৰিৱর্তন সকলোৱে চোৱা উচিত : প্রধানমন্ত্রী

শক্তিশালী এমএছএমই দেশৰ প্রগতিৰ বাবে গুৰুত্বপূর্ণ : প্রধানমন্ত্রী

Posted On: 18 JAN 2021 2:02PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত আহমেদাবাদ মেট্রো ৰে'ল প্রকল্পৰ দ্বিতীয় পর্যায় তথা ছুৰাট মেট্রো ৰে'ল প্রকল্পৰ ভূমিপুজন কৰিছে। এই অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল, কেন্দ্রীয় গৃহ মন্ত্রী, গুজৰাটৰ মুখ্যমন্ত্রী আৰু কেন্দ্রীয় নগৰোন্নয়ন তথা আবাসন মন্ত্রী উপস্থিত আছিল।

 

এই উপলক্ষ্যে প্রধানমন্ত্রীয়ে আহমেদাবাদ আৰু ছুৰাট চহৰৰ নাগৰিকসকলক অভিনন্দন জনাইছে। দেশৰ দুটা গুৰুত্বপূর্ণ বাণিজ্য কেন্দ্রত মেট্রো পৰিসেৱাৰ মাধ্যমত উন্নত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিব। তেওঁ কেভাডিয়াৰ বাবে নতুন ট্রেইন আৰু ৰে'ল লাইন চালু হোৱাত গুজৰাটৰ জনসাধাৰণক অভিনন্দন জনাইছে। ইয়াৰ মাজত আহমেদাবাদৰ পৰা কেভাডিয়া পর্যন্ত অত্যাধুনিক জনশতাব্দী এক্সপ্রেছ আছে। প্রধানমন্ত্রীয়ে জনাইছে আজি ১৭ হাজাৰ কোটি টকাৰ পৰিকাঠামো প্রকল্পৰ কাম আৰম্ভ হ'ল। ইয়াৰ মাজেৰে এই কথা প্রতিফলিত যে কোভিডৰ সময়তো পৰিকাঠামো উন্নয়নৰ উদ্যোগ লোৱা হৈছে আৰু সি গতি পাইছে। সম্প্রতি হাজাৰ হাজাৰ কোটি টকাৰ পৰিকাঠামোগত প্রকল্পবিলাকৰ কাম শেষ হৈছে, নাইবা কাম চলিছে।

 

আত্মনির্ভৰতাৰ বাবে আহমেদাবাদ আৰু ছুৰাট চহৰৰ অবদানৰ কথা উল্লেখ কৰি আহমেদাবাদত যেতিয়া মেট্রো ৰে'ল চালু হৈছিল সেই সময়ৰ উৎসাহ উদ্দীপনাৰ কথা প্রধানমন্ত্রীয়ে স্মৰণ কৰিছে। কেনেকৈ আহমেদাবাদে নিজৰ স্বপ্ন পূৰণ কৰিছে আৰু মেট্রো পৰিসেৱাৰ সৈতে যুক্ত হৈছে প্রধানমন্ত্রীয়ে সেই কথাও জনাইছে। আহমেদাবাদৰ দ্বিতীয় পর্বৰ মেট্রো প্রকল্প চহৰৰ নতুন নতুন এলেকাৰ সৈতে যুক্ত হ'ব। মানুহ ইয়াৰ পৰা উপকৃত হ'ব, কাৰণ আৰামপ্রদ গণ-পৰিবহণৰ সুযোগ তেওঁলোকে বেছিকৈ পাব। একেদৰে ছুৰাট চহৰেও উন্নত যোগাযোগ ব্যৱস্থাৰ সুবিধা পাব। ভৱিষ্যতৰ কথা মনত ৰাখিয়েই এই প্রকল্পবিলাকৰ পৰিকল্পনা কৰা হৈছিল।

 

প্রধানমন্ত্রীয়ে বর্তমান চৰকাৰৰ সৈতে পূর্বৰ চৰকাৰৰ মানসিকতাৰ পৰিৱর্তনৰ বিষয়টো উল্লেখ কৰিছে। এই প্রসঙ্গত তেওঁ মেট্রো ৰে'লৰ সম্প্রসাৰণৰ কথা জনাইছে। ২০১৪ চনৰ পূৰ্বে ১০-১২ বছৰত দেশত মাত্র ২০০ কিলোমিটাৰ পথত মেট্রো ৰে'ল চলাচল কৰিছিল। যোৱা ৬ বছৰত এই পৰিমাণ ৪০০ কিলোমিটাৰ হৈছে। চৰকাৰে ২৭খন চহৰত মুঠ ১ হাজাৰ কিলোমিটাৰ মেট্রো লাইনৰ কাম কৰিছে। ইয়াৰ আগতে সুসংহত আধুনিক চিন্তাধাৰাৰ অভাবৰ বিষয়ে তেওঁ ক্ষোভ প্রকাশ কৰে। মেট্রোক লৈ তেতিয়া কোনো জাতীয় নীতি নাছিল। তাৰ ফলত বিভিন্ন চহৰত মেট্রো পৰিসেৱাৰ ক্ষেত্রত প্রযুক্তি তথা ব্যৱস্থাপনাত কোনো মিল নাছিল। আৰু এটা ডাঙৰ সমস্যা আছিল সেই চহৰসমূহৰ ভিন্ন পৰিবহণ ব্যৱস্থাৰ মাজত সমন্বয়ৰ অভাব আছিল। আজি এইসমূহ চহৰত সুসংহতভাৱে পৰিবহণ ব্যৱস্থা গঢ়ি তোলা হৈছে; য'ত মেট্রো পৰিসেৱা পৃথকে নহয়, অন্যান্য পৰিবহণৰ সৈতেই সক্রিয় আছে। সম্প্রতি নেচনেল কমন মোবিলিটি কার্ডৰ সূচনা কৰা হৈছে যাৰ মাধ্যমত এই সমন্বয় আৰু বৃদ্ধি পাব বুলি প্রধানমন্ত্রীয়ে জনাইছে।

 

ছুৰাট আৰু গান্ধীনগৰৰ উদাহৰণ উল্লেখ কৰি শ্রী মোদীয়ে কৈছে, ভৱিষ্যতৰ চাহিদাৰ কথা মনত ৰাখি চৰকাৰে ইয়াত নগৰায়ণৰ কাম সক্রিয়ভাৱে কৰিছে। এটা সময়ত ছুৰাট প্লেগৰ কেন্দ্র হিচাপে পৰিচিত আছিল- উন্নয়নৰ বাবে নহয়। চৰকাৰে শিল্পোদ্যোগৰ উৎসাহক এতিয়া কামত লগাইছে। আৰু সেয়েহে আজি এই চহৰ জনসংখ্যাৰ নিৰিখত ভাৰতৰ অষ্টম বৃহত্তম চহৰ তথা বিশ্বত চতুর্থ দ্রুত বিকাশশীল চহৰ। ১০টা হীৰা কাটিলে তাৰ মাজত ৯-টাই ছুৰাটত কাটি পালিছ কৰা হয়। একেদৰে দেশৰ ৪০ শতাংশ হস্তচালিত বস্ত্র বয়ন শিল্পৰ কাম ছুৰাটতে হয় আৰু ৩০ শতাংশ হাতে প্ৰস্তুত সুতাও ইয়াতেই উৎপাদিত হয়। প্রধানমন্ত্রীয়ে দৰিদ্রসকলৰ বাবে আবাসন, যানজঁটৰ ব্যৱস্থাপনা, পয়ঃনিষ্কাশন ব্যৱস্থা আৰু হাস্পতালৰ পৰিকাঠামো বৃদ্ধিৰ কথা উল্লেখ কৰি কৈছে এইবিলাকৰ মাজেৰে চহৰৰ জীৱনযাত্রা সহজ হ'ব। উন্নত পৰিকল্পনা আৰু সর্বাঙ্গীন ভাবনাৰ কাৰণে এইসমূহ সম্ভব হৈছে, আৰু ছুৰাট ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ আদর্শ উদাহৰণ হৈ উঠিছে কাৰণ ছুৰাট দেশৰ সকলো অংশৰ শিল্পোদ্যোগী আৰু শ্রমিকসকলৰ কেন্দ্র হৈ উঠিছে।

 

একেদৰেই প্রধানমন্ত্রীয়ে গান্ধীনগৰৰ কথা উল্লেখ কৰে। এসময়ৰ চৰকাৰী কর্মচাৰী আৰু অবসৰপ্রাপ্ত কর্মচাৰীসকলৰ চহৰৰ অভিধা আঁতৰাই আজি এই চহৰ তৰুণ প্রাণৱন্ত চহৰত পৰিণত হৈছে। আইআইটি, নেচনেল ল ইউনিভাৰ্ছিটি, এনআইএফটি, নেচনেল ফৰেন্সিক ছায়েন্স ইউনিভাৰ্ছিটি, পন্ডিত দীনদয়াল পেট্রোলিয়াম ইউনিভাৰ্ছিটি, ইন্ডিয়ান ইন্সটিটিউট অফ টিচাৰ এডুকেশ্যন, ধীৰুভাই আম্বানী ইন্সটিটিউট অফ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনোলজি, নেচনেল ইন্সটিটিউট অফ ডিজাইন, ৰক্ষা শক্তি বিশ্ববিদ্যালয়ৰ দৰে বিখ্যাত প্রতিষ্ঠানসমূহ এই চহৰত গঢ়ি উঠিছে। এই প্রতিষ্ঠানসমূহে কেৱল এই চহৰৰ শিক্ষা ব্যৱস্থালৈ পৰিৱর্তনেই অনা নাই, ডাঙৰ ডাঙৰ সংস্থাসমূহে ইয়ালৈ আৰু সংস্থাক লৈ আহিছে। যাৰ ফলত কর্মসংস্থানৰ সুযোগ বাঢ়িছে।

 

শ্রী মোদীয়ে মহাত্মা মন্দিৰৰ কথা উল্লেখ কৰিছে, যি সন্মিলিত পর্যটনৰ প্রসাৰ ঘটাব। অত্যাধুনিক ৰে'ল ষ্টেচন, গিফ্ট ছিটি, সবৰমতী নদী তীৰৰ সৌন্দর্য্যায়ন, কাকাৰিয়া হ্রদৰ সৌন্দর্য্যায়ন, দ্রুত পৰিবহণৰ বাবে ৱাটাৰ অ্যাৰোড্রাম, মোতেৰাত বিশ্বৰ বৃহত্তম ষ্টেডিয়ামআৰু ৬ লেনৰ গান্ধীনগৰ মহাপথৰ দৰে প্রকল্পসমূহ আহমেদাবাদৰ পৰিচিতিৰ নিদর্শন হৈ উঠিছে। এই চহৰে তাৰ পুৰণা বৈশিষ্ট্যবিলাক বজাই ৰাখি আধুনিক হৈ উঠিছে।

 

শ্রী মোদীয়ে আহমেদাবাদে বিশ্ব ঐতিহ্যশালী চহৰৰ অভিধা পোৱাৰ কথা জনাইছে। ধোলেৰাত নতুন বিমান বন্দৰ তৈয়াৰ কৰা হ'ব। এই বিমান বন্দৰৰ সৈতে আহমেদাবাদ চহৰক যুক্ত কৰাৰ বাবে মনো ৰে'ল প্রকল্পই অনুমোদন পাইছে। আহমেদাবাদ আৰু ছুৰাটৰ সৈতে দেশৰ অর্থনৈতিক ৰাজধানী মুম্বাইক যুক্ত কৰাৰ বাবে বুলেট ট্রেইন চলোৱাৰ কাম চলিছে।

 

প্রধানমন্ত্রীয়ে গ্রামাঞ্চলৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰিছে। যোৱা ২ দশকত গুজৰাটত ৰাস্তাঘাট, বিদ্যুৎ আৰু জলৰ সংযোগ সহজে পোৱাৰ ব্যৱস্থা কৰা হৈছে। আদিবাসীসকলৰ গাঁওসমূহতো ভাল ৰাস্তা বনোৱা হৈছে। আজি জল জীৱন মিছনৰ আওতাত এই ৰাজ্যত ৮০ শতাংশ ঘৰত নলবাহিত পানী পৌঁছাই দিয়া হৈছে। ১০ লক্ষ জলৰ সংযোগ পৌঁছাই দিয়া হৈছে। খুব শীঘ্রেই গুজৰাটৰ প্রতিটো ঘৰতে নলৰ মাধ্যমত পানী সৰবৰাহ কৰা হ'ব।

 

চর্দাৰ সৰোবৰ সৌনি প্রকল্পৰ আওতাত সিঞ্চনৰ কামত গতি আহিছে। শুখা অঞ্চলত সিঞ্চনৰ পানী গ্রীডৰ মাধ্যমত পৌঁছাই দিয়া হৈছে। নর্মদাৰ পানী কচ্ছত পৌঁছিছে। তাত ক্ষুদ্র সিঞ্চন প্রকল্পৰ কাম হৈছে। গুজৰাটত বিদ্যুৎ আন এটা সফল উদ্যোগ। সৌৰশক্তিৰ মাধ্যমত বিদ্যুৎ সৰবৰাহৰ ক্ষেত্রত ৰাজ্য প্রথম শাৰীত আছে। সম্প্রতি বিশ্বৰ বৃহত্তম সৌৰশক্তি উৎপাদন কেন্দ্র কচ্ছত গঢ়ি তোলাৰ বাবে কাম চলিছে। সর্বোদয় যোজনাত সিঞ্চনৰ কামত পৃথক বিদ্যুতৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে গুজৰাটে দেশৰ ভিতৰত প্রথম পৃথক ব্যৱস্থা লৈছে।

 

প্রধানমন্ত্রীয়ে স্বাস্থ্যক্ষেত্রত বিভিন্ন উল্লেখযোগ্য পদক্ষেপৰ কথা উল্লেখ কৰিছে। আয়ুষ্মান ভাৰত প্রকল্পৰ মাধ্যমত ৰাজ্যত ২১ লক্ষ মানুহ উপকৃত হৈছে। ৫০০টা জনৌষধি কেন্দ্রৰ সাহায্যত স্থানীয় মানুহে ১০০ কোটি টকা বচাব পাৰিছে। পিএম আবাস-গ্রামীণৰ আওতাত ২.৫ লক্ষ গৃহ নিৰ্মাণ কৰা হৈছে। স্বচ্ছ ভাৰত মিছনত ৰাজ্যত ৩৫ লক্ষ শৌচাগাৰ নির্মিত হৈছে।

 

প্রধানমন্ত্রীয়ে আশ্বাস দি কৈছে, ভাৰতে বিভিন্ন ক্ষেত্রত গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে আৰু সেইবিলাক দ্রুত বাস্তবায়িত কৰিছে। ভাৰতে বৃহৎ প্রকল্পৰ পৰিকল্পনাই কৰা নাই সেইবিলাক সুন্দৰভাবে সম্পাদনা কৰিছে। বিশ্বৰ উচ্চতম মূর্তি, বিশ্বত বৃহত্তম ব্যয় সাশ্রয়ী আবাসন প্রকল্প, স্বাস্থ্য পৰিসেৱা, ৬ লক্ষ গাঁৱত ইন্টাৰনেট পৰিসেৱা পৌঁছাই দিয়া আৰু সম্প্রতি পৃথিৱীৰ বৃহত্তম টিকাকৰণ কর্মসূচীৰ দৰে বিভিন্ন বিষয়ৰ কথা তেওঁ উল্লেখ কৰিছে।

 

শ্রী মোদীয়ে, হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-প্যাক্স ফেৰী পৰিসেৱা আৰু গিৰনাৰত ৰোপওৱে প্রকল্পৰ কাম দ্রুত শেষ হোৱাৰ কথা উল্লেখ কৰিছে। এইবিলাকৰ মাধ্যমত স্থানীয় মানুহৰ জীৱনযাত্রালৈ পৰিৱর্তন আহিছে। ঘোঘা আৰু হাজিৰাৰ মাজত দূৰত্ব ফেৰী পৰিসেৱাৰ কাৰণে ৩৭৫ কিলোমিটাৰৰ পৰা হ্ৰাস হৈছে ৯০ কিলোমিটাৰ। এই প্রকল্পহমূহে ইন্ধন আৰু সময় দুয়োটাই ৰাহি কৰিছে। যোৱা ২ মাহত ৫০ হাজাৰ মানুহ আৰু ১৪ হাজাৰ যানবাহনে এই ফেৰী পৰিসেৱা ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত এই অঞ্চলৰ কৃষিকৰ্ম আৰু পশুপালনৰ ক্ষেত্রত সুবিধা হৈছে। একেদৰে যোৱা আঢ়ৈ মাহত ২ লক্ষ মানুহে গিৰনাৰ ৰোপওৱে ব্যৱহাৰ কৰিছে।

 

প্রধানমন্ত্রীয়ে কৈছে, নতুন ভাৰতৰ লক্ষ্য হ'ল মানুহৰ চাহিদা তথা উচ্চাকাঙ্খা উপলব্ধি কৰি দ্রুত কাম শেষ কৰা। এই প্রসঙ্গত তেওঁ ‘প্রগতি’ ব্যৱস্থাপনাৰ কথা উল্লেখ কৰিছে। দেশত বিভিন্ন কাম দ্রুত কৰাৰ ক্ষেত্রত প্রগতিয়ে নতুন গতিৰ সঞ্চাৰ কৰিছে। কাৰণ প্রধানমন্ত্রীয়ে নিজেই প্রগতিৰ বৈঠকত পৌৰোহিত্য কৰে। বিভিন্ন সমস্যাৰ সমাধানৰ বাবে সংশ্লিষ্ট সকলৰ সৈতে পোনপটীয়াকৈ কথা পতা হয়। যোৱা ৫ বছৰত ১৩ লক্ষ কোটি টকাৰ বিভিন্ন প্রকল্পৰ পর্যালোচনা কৰা হৈছে বুলি প্রধানমন্ত্রীয়ে জনাইছে।

 

ছুৰাটৰ দৰে চহৰসমূহত নতুন উদ্যোগ সঞ্চাৰৰ বাবে দীর্ঘদিনৰ বকেয়া প্রকল্পসমূহ শেষ কৰাৰ বিষয়ত উদ্ভুত সমস্যাৰ সমাধানৰ ওপৰত তেওঁ জোৰ দিয়ে। অতিক্ষুদ্র ক্ষুদ্র আৰু মজলীয়া শিল্পোদ্যোগ (এমএছএমই)সহ আমাৰ শিল্পসংস্থাসমূহে এতিয়া আত্মবিশ্বাস অর্জন কৰিছে। তেওঁলোকে যেতিয়া আন্তর্জাতিক স্তৰত প্রতিযোগিতাত নামিব তেতিয়া উন্নত পৰিকাঠামোৰ সহায় পাব সেই বিশ্বাস তেওঁলোকৰ আহিছে। আত্মনির্ভৰ ভাৰত অভিযানৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে জনাইছে সৰু সৰু শিল্পসমূহক সাহায্যৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে। সংকটৰ পৰা ওলাই অহাৰ বাবে তেওঁলোকৰ হাজাৰ হাজাৰ কোটি টাকাৰ সহজে ঋণৰ ব্যৱস্থা কৰা হৈছে। এমএছএমই-ৰ সংজ্ঞাৰ পৰিৱর্তন ঘটোৱাত এই প্রতিষ্ঠানসমূহে নতুন নতুন সুযোগ পাইছে। লগতে ব্যৱসায়ীসকল এমএছএমই-ৰ সুযোগ হেৰুউৱাৰ ভয়ৰ পৰা চিন্তামুক্ত হৈছে। চৰকাৰে তেওঁলোকৰ বাবে বিভিন্ন বিধি-নিষেধ প্ৰত্যাহাৰ কৰাৰ ফলত এই সংস্থাসমূহে নতুন নতুন সুযোগ পাইছে। নতুনকৈ সংজ্ঞা নির্ধাৰিত হোৱাত উৎপাদন ক্ষেত্ৰত আৰু পৰিসেৱা ক্ষেত্রৰ মাজত ব্যৱধান দূৰ কৰা হৈছে। পৰিসেৱা ক্ষেত্রত নতুন নতুন সুযোগ প্ৰস্তুত হৈছে। চৰকাৰে এমএছএমইসমূহৰ পৰা বেছিকৈ পণ্য সংগ্রহ কৰিছে। সৰু সৰু শিল্প প্রতিষ্ঠানসমূহে যাতে আৰু বেছি সুযোগ পায় চৰকাৰ সেই বিষয়ত অঙ্গীকাৰবদ্ধ। এই প্রতিষ্ঠানসমূহে আৰু ভাল সুযোগ পালে ইয়াত কর্মৰত শ্রমিকসকলৰ জীৱনযাত্রা উন্নত হ'ব বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰিছে।

*******

 

DS



(Release ID: 1689955) Visitor Counter : 112