প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৬ জানুৱাৰীত সমগ্ৰ ভাৰতত ক’ভিড-১৯ৰ টিকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

শুভাৰম্ভণিৰ সময়ছোৱাত ভাৰ্চুৱেলী সংযোজিত হ’ব সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩০০০ ৰোধিক ছাইট

শুভাৰম্ভণিৰ দিনটোত প্ৰতিটো ছাইটতে প্ৰায় ১০০ হিতাধিকাৰীক টিকাদান কৰা হ’ব

Posted On: 14 JAN 2021 6:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জানুৱাৰী, ২০২১ ৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ ভাৰতত ক’ভিড-১৯ৰ টিকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। এয়া হ’ব বিশ্বখনৰ সৰ্ববৃহৎ টিকাদান কাৰ্যক্ৰম যিয়ে দেশখনৰ ইমূৰৰপৰা সিমূৰলৈ সামৰি ল’ব। শুভাৰম্ভণিৰ সময়ছোৱাত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৩০০৬ ছেচন ছাইট ভাৰ্চুৱেলী সংযোজিত হব। শুভাৰম্ভণিৰ দিনটোত প্ৰতিটো ছেচন ছাইটতে প্ৰায় ১০০ হিতাধিকাৰীক টিকাদান কৰা হব।

এই টিকাদান কাৰ্যসূচী অগ্ৰাধিকাৰমূলক গ্ৰুপক টিকাদানৰ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আৰু আইচিডিএছ কৰ্মীকে ধৰি চৰকাৰী আৰু ব্যক্তিগত খণ্ড উভয়ৰে হেল্থ কেয়াৰ কৰ্মীয়ে এই পৰ্যায়ত ভেকচিন লাভ কৰিব।

এই টিকাদান কাৰ্যসূচীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যুগুত কৰি উলিওৱা অনলাইন ডিজিটেল প্লেটফৰ্ম ক’-উইন (Co-WIN) ব্যৱহাৰ কৰা হ’ব, যিয়ে ভেকচিনৰ মজুত, মজুত তাপমান আৰু ক’ভিড-১৯ৰ ভেকচিনৰ অৰ্থে হিতাধিকাৰীসকলৰ স্বতন্ত্ৰ ট্ৰেকিঙৰ সময়োচিত তথ্য লাভ সহজতৰ কৰি তুলিব। এই ডিজিটেল প্লেটফৰ্মে টিকাদান ছেচনসমূহ পৰিচালনাৰ সময়ছোৱাত সকলো স্তৰৰ প্ৰগ্ৰেম মেনেজাৰসকলক সহায় কৰিব।

তদুপৰি ক’ভিড-১৯ মহামাৰী, ভেকচিন প্ৰদান আৰু ক’-উইন ছফ্টৱেৰ সম্পৰ্কীয় প্ৰশ্নৰে মোকাবিলাৰ অৰ্থে এটা সমৰ্পিত ২৪X৭ কল চেন্টাৰ- ১০৭৫ স্থাপন কৰা হৈছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সক্ৰিয় সহযোগিতাত সমগ্ৰ দেশৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভিচিল্ড আৰু ক’ভাক্সিন উভয়ৰে যথোচিত পালি ইতিমধ্যে হস্তান্তৰ কৰা হৈছে। এইসমূহ জিলা/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে জিলাসমূহলৈ হস্তান্তৰ কৰিব। জন ভাগিদাৰী মন্ত্ৰৰে এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে।

***

DS/AKJ/SB



(Release ID: 1689638) Visitor Counter : 251