প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আজি কেৱাড়িয়া বিশ্ব পৰ্যটনৰ আকৰ্ষণৰ প্ৰধান কেন্দ্ৰবিন্দু হিচাপে পৰিচিত হৈ উঠিছেঃ প্ৰধানমন্ত্ৰী মোদী

Posted On: 17 JAN 2021 2:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেৱাড়িয়া পূৰ্বৰ দুৰ্গম অঞ্চলৰ পৰা ৰূপান্তৰিত হৈ বিশ্বৰ ভিতৰতে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে বুলি মন্তব্য কৰে৷ কেৱাড়িয়ালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আঠখন ৰে’লৰ যোগাযোগ ব্যৱস্থাৰ ফ্লেগ অফ কৰাৰ পিছত শ্ৰী মোদীয়ে তেওঁৰ ভাষণত এই কথা উল্লেখ কৰে৷

কেৱাড়িয়াৰ নিৰন্তৰ উন্নয়ন সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ষ্টেচু অব্ ইউনিটীয়ে ষ্টেচু অব্ লিবাৰ্টীতকৈ অধিক সংখ্যক লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ইয়াক মুকলি কৰাৰ পিছত এই পৰ্যন্ত ৫০ লক্ষাধিক দৰ্শকৰ এই স্থানলৈ সমাগম হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱাড়িয়া হ’ল অৰ্থনীতিৰ পৰিকল্পিত উন্নয়নৰ এক উৎকৃষ্ট উদাহৰণ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বে কেৱাড়িয়াত পথ, বিদ্যুৎ, ৰে’ল, পৰ্যটকৰ বাবে সুবিধা নাছিল৷ এতিয়া কেৱাড়িয়া এক নতুন ৰূপত উদ্ভাসিত হৈছে৷ ষ্টেচু অব্ ইউনিটীৰ উপৰিও চৰ্দাৰ সৰোবৰ, চৰ্দাৰ পেটেল জুলজিকেল পাৰ্ক, আৰোগ্য বন আৰু জাংগল ছাফাৰী তথা পোষণ পাৰ্ক, গ্ল’ গাৰ্ডেন, একতা ক্ৰুজ আৰু জল ক্ৰীড়াৰ দৰো আমোদ-প্ৰমোদৰো ব্যৱস্থা কেৱাড়িয়াত কৰা হৈছে৷ একতা মলত স্থানীয় হস্ততাঁত কলাৰ নতুন সুবিধাও প্ৰদান কৰা হৈছে৷ তেওঁ আদিবাসী গাঁওসমূহত ২০০ হোম ষ্টে’ৰ সুবিধা বিকশিত কৰা হৈছে বুলি জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ৰে’লৱেৰ লক্ষ্যকেন্দ্ৰিক প্ৰয়াসৰ ৰূপান্তৰণৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে পৰম্পৰাগত যাত্ৰীবাহী আৰু সামগ্ৰী পৰিবহণৰ উপৰিও ৰে’লৱেয়ে প্ৰত্যক্ষভাৱে পৰ্যটনস্থলী আৰু ধৰ্মীয়স্থানসমূহলৈ যোগাযোগৰ ব্যৱস্থা কৰিছে৷ আহমেদাবাদ-কেৱাড়িয়া জনশতাব্দীত আকৰ্ষণীয় ‘ভিষ্টা-ডম কোচেচ’ থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে৷

******

DS/MANN



(Release ID: 1689591) Visitor Counter : 214