তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

৫১ সংখ্যক আইএফএফআই ত প্ৰৱীণ অভিনেতা আৰু পৰিচালক বিশ্বজিৎ চেটাৰ্জীলৈ আগবঢ়োৱা হৈছে বৰ্ষটোৰ ভাৰতীয় ব্যক্তিত্ব বঁটা

Posted On: 16 JAN 2021 4:45PM by PIB Guwahati

হিন্দী আৰু বাঙালী চলচ্চিত্ৰৰ প্ৰৱীণ অভিনেতা, প্ৰযোজক, পৰিচালক আৰু গায়ক শ্ৰী বিশ্বজিৎ চেটাৰ্জীলৈ ৫১ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱাই বৰ্ষটোৰ ভাৰতীয় ব্যক্তিত্ব বঁটা আগবঢ়াইছে। মহোৎসৱভাগিৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় তথ্য ও সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰে বঁটাটি ঘোষণা কৰে।

এই ঘোষণা আগবঢ়াই, কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে ২০২১ ৰ মাৰ্চত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদানৰ অনুষ্ঠানতে এই বঁটাটি তেওঁক প্ৰদান কৰা হ’ব।

বিশ্বজিৎ চেটাৰ্জীয়ে বিছ চাল বাদত কৰা কুমাৰ বিজয় সিং, কহ্ৰাত কৰা ৰাজা অমিত কুমাৰ সিং, এপ্ৰিল ফুলত কৰা অশোক, মেৰে চনমত কৰা ৰমেশ কুমাৰ, নাইট ইন লণ্ডনত কৰা জীৱন, ড’ কলীয়ানত কৰা শেখৰ আৰু কিছমতত কৰা ভিকীৰ চৰিত্ৰৰ বাবে সৰ্বজনবিদিত। তেওঁ প্ৰায়েই বিশিষ্ট অভিনেত্ৰী আশা পাৰেখ, ৱাহিদা ৰেহমান, মুমতাজ, মালা সিনহা আৰু ৰাজশ্ৰীৰ সৈতে অভিনয় কৰিছিল। তেখেতৰ উল্লেখযোগ্য বাঙালী চলচ্চিত্ৰসমূহ হৈছেঃ চৌৰিঙ্গী (১৯৬৮) আৰু উত্তম কুমাৰৰ সৈতে গৰ নাছিমপুৰ আৰু কুহেলী আৰু পৰৱৰ্তী সময়ত শ্ৰী পৃথ্বিৰাজ (১৯৭৩), জয় বাবা তাৰকনাথ (১৯৭৭) আৰু অমৰ গীতি (১৯৮৩)। ১৯৭৫ত, বিশ্বজিতে তেওঁৰ নিজা চলচ্চিত্ৰ কেহতে হ্যে মুজক’ ৰাজা প্ৰযোজনা আৰু পৰিচালনা কৰে। অভিনয় আৰু পৰিচালনাৰ ওপৰিও, তেওঁ এজন গায়ক আৰু প্ৰযোজকো আছিল।

***

DJM/PIB IFFI – 7/PM/SB



(Release ID: 1689219) Visitor Counter : 126