বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

আজি ষ্টাৰ্টআপসমূহৰে মত-বিনিময় আৰু ‘প্ৰাৰম্ভঃ ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

“প্ৰাৰম্ভ- ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন”ৰ প্ৰথম দিনা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা ত্বৰান্বিতকৰণৰ অৰ্থে বিশ্বৰ শ্ৰেষ্ঠ কৌশলী ভাৱনাৰ অৱতাৰণা

২৫ ৰোধিক দেশ আৰু ২০০ ৰোধিক বৈশ্বিক বিশিষ্ট বক্তাৰ অংশগ্ৰহণেৰে, সন্মিলনখনি হৈছে ২০১৬ ত ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ শুভাৰম্ভণিৰেপৰা ভাৰত চৰকাৰৰদ্বাৰা আয়োজিত সৰ্ববৃহৎ ষ্টাৰ্টআপ সমাৱেশ

Posted On: 16 JAN 2021 9:41AM by PIB Guwahati

ষ্টাৰ্টআপ বাতাবৰণৰ বৰ্ধনৰ অৰ্থে ৰাষ্ট্ৰসমূহৰ মাজত এক-কেন্দ্ৰাভিমুখতা আৰু সহযোগিতাৰ গুৰুত্ব অনুধাৱনৰ লক্ষ্যৰে, কালি প্ৰাৰম্ভঃ ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ১ম দিনা একেখন মঞ্চতে সমগ্ৰ বিশ্বৰ উত্তম ভাৱনাসমূহৰ সমাৱেশ সাধন কৰা হয়। তেওঁলোকে প্ৰযুক্তি, উদ্ভাৱন, বলিষ্ঠ নীতি আৰু প্ৰচেষ্টাৰ দৃষ্টিকোণেৰে প্ৰসংগ আৰু বিষয়বস্তু সন্দৰ্ভত বিচাৰ-বিবেচনা কৰে। ই চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক যুৱ উদ্ভাৱক আৰু উদ্যোগীসকলৰ তেজস্বী মনলৈ তেওঁলোকৰ ধাৰণা আগবঢ়াবলৈ সক্ষম কৰি তোলে। ২য় দিনাৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে বাণিজ্য ও উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰোৎসাহন বিভাগে। আজি বিয়লি ৫ বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ষ্টাৰ্টআপসমূহৰ সৈতে মত-বিনিময় আৰু সন্মিলনখনি সম্বোধন কৰিব।

কালি এই দু-দিনীয়া সন্মিলনখন উদ্বোধন কৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে য’ত তেওঁ বিমষ্টেক দেশসমূহকে ধৰি ভাৰত আৰু সমগ্ৰ বিশ্বৰ উদ্ভাৱক, উদ্যোগী, বিনিয়োগকাৰী, নিয়ন্ত্ৰক, উদ্যোগ পতি আৰু শৈক্ষিকভাৱে বিদ্বান লোকসকলৰ সমাৱেশ সম্বোধন কৰে আৰু তদুপৰি ভাৰ্চুৱেল ষ্টাৰ্টআপ শ্ব’কেছ শুভাৰম্ভ কৰে।

সন্মিলনখনিৰ ১ম দিনটোত ১,২০,০০০ ৰোধিক পঞ্জীয়ন সম্পন্ন হয় আৰু আয়োজক অভ্যাগতসকল আৰু বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ আছিল আশাব্যঞ্জক। এই সন্মিলনখনিত বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ ষ্টাৰ্টআপ সমাজৰ বিশিষ্ট প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে য’ত তেওঁলোকে বহুপক্ষীয় আলোচনাত মিলিত হয় আৰু তেওঁলোকৰ উদ্ভাৱনসমূহৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰে। তদুপৰি দিনটোত ৭৫ বিনিয়োগকাৰীসহ ৫৪ এন্টাৰপ্ৰাইজিং ষ্টাৰ্টআপৰদ্বাৰা বিৰামহীন আহ-যাহ পৰিলক্ষিত হয়।

সত্ৰসমূহৰ এটা মাৰাথন সম্পন্ন কৰা হয় যাৰ লক্ষ্য আছিল বৈশ্বিক শ্ৰেষ্ঠ অনুশীলনৰ ভিন্ন দৃষ্টিকোণ আৰু শক্তিশালী ষ্টাৰ্টআপ বাতাবৰণৰ লালন, বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰপৰা বিশেষজ্ঞ/ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকসকলক একত্ৰিত কৰা, ধাৰণাক ধাৰণাৰ প্ৰমাণলৈ কিদৰে পৰ্যবসিত কৰিব লাগে, সেই সন্দৰ্ভত যুৱ প্ৰজন্মক তেওঁলোকৰ অভিজ্ঞতা অৱগত কৰা আৰু তেওঁলোকক পথ নিৰ্দেশনা আগবঢ়োৱা, বলিষ্ঠ ‘গ’-টু-মাৰ্কেট’ কৌশল প্ৰস্তুত কৰা আৰু সামাজিক উদ্ভাৱনৰ উত্তোলন কৰা। বাতাবৰণটোৰ মুখ্য প্ৰতিনিধিসকলে তদুপৰি সফল ইনকিউবেশ্যন প্ৰগ্ৰেম গ্ৰহণ আৰু ষ্টাৰ্টআপসমূহৰ অৰ্থে ক্ৰয় ও বজাৰ লাভৰ কাৰণে অধিক উপায়ৰ পথ প্ৰশস্ত কৰি তুলিবলৈ কৌশল সম্পৰ্কে আলোচনা কৰে।

এখনি ৰুদ্ধদ্বাৰ ঘূৰণীয়া মেজমেলো অনুষ্ঠিত কৰা হয়। য’ত বৈশ্বিক ভেন্সাৰ ফাণ্ডসমূহৰ অৰ্থে ইজ অৱ ডুয়িং বিজনেছৰ প্ৰোৎসাহনৰ বিপৰীতে ভাৰতীয় ষ্টাৰ্টআপসমূহৰ বাবে গ্ল’ৱেল কেপিটেল চালিতকৰণ আৰু ষ্টাৰ্টআপসমূহৰ বাবে আন্তঃৰাষ্ট্ৰীয়কৰণত গুৰুত্ব আৰোপ কৰা হয়। এই ঘূৰণীয়া মেজমেলত উপস্থিত থাকে মূল-মূল ভাৰতীয় নিয়ন্ত্ৰক, নীতি নিৰ্ধাৰণ কৰোতা, মন্ত্ৰালয় আৰু বৈশ্বিক ভিচি ফাণ্ডসমূহ।

১ম দিনা সমগ্ৰ বিশ্বৰ বিস্তৃত উদ্ভাৱন আৰু উদ্যোগশীলতা বাতাবৰণৰ শীৰ্ষস্থানীয় উদ্যোগপতিসকলে অংশগ্ৰহণ কৰে। তেওঁলোক হৈছে শ্ৰী ক্ৰিছ গোপালাকৃষ্ণণ (অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক, এক্সিলৰ ভেন্সাৰ), শ্ৰী শুভানা কামিনেনী (কাৰ্যনিৰ্বাহক উপাধ্যক্ষ, এপল’ হাস্পতাল এন্টাৰপ্ৰাইজ), শ্ৰী দীপ কালৰা (প্ৰতিষ্ঠাপক আৰু গ্ৰুপ চিইঅ’, মেক মাই ট্ৰিপ), শ্ৰী মনোজ কোহলী (কান্ট্ৰি হেড – ছফ্টবেংক ইণ্ডিয়া), শ্ৰী কুনাল বাহাল (চিইঅ’ ও সহ-প্ৰতিষ্ঠাপক, স্নেপডীল) আৰু বহুতো।

ইয়াত চিএনবিচি টিভি-১৮ ৰ পৰিচালন সম্পাদক শ্ৰী চিৰেণ ভানৰ সৈতে “ষ্টাৰ টকছ” শীৰ্ষক এখনি বিশেষ সত্ৰ অনুষ্ঠিত হয় য’ত তেওঁ চিচক’ৰ প্ৰাক্তন অধ্যক্ষ ও চিইঅ’ শ্ৰী জন চেম্বাৰ আৰু হিৰ’ এন্টাৰপ্ৰাইজৰ অধ্যক্ষ শ্ৰী সুনীল কান্ত মুঞ্জালৰে মত-বিনিময় কৰে। এই বিশেষ সত্ৰত তদুপৰি মোহময়ী অভিনেত্ৰী শ্ৰী প্ৰিয়ংকা চোপ্ৰাৰে বিশেষ বাৰ্তালাপকো সামৰি লোৱা হয়।

২০১৬ ৰ ১৬ জানুৱাৰীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ পঞ্চম বাৰ্ষিকী উদযাপনাৰ্থে প্ৰাৰম্ভঃ ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনি অনুষ্ঠিত কৰা হৈছে। ইয়াত ২০১৬ ত গ্ৰহণ কৰা ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ ১৯-দফীয়া কাৰ্য পৰিকল্পনাৰ জৰিয়তে আধাৰ নিৰ্মাণ কৰা হয়।

এই কাৰ্যসূচীলৈ সহযোগিতা আগবঢ়াইছে উদ্যোগ সংস্থা ইনভেষ্ট ইণ্ডিয়া, এফআইচিচিআই, ইণ্ডিয়ান এঞ্জেল নেটৱৰ্ক, আইভিচিএ, টিআইই দিল্লী এনচিআৰ, চিআইআই, এনএএছএছচিঅ’এম, এছআইডিবিআই, টিআইই গ্ল’ৱেলেণ্ড ইন্টাৰনেশ্যনেল ফাইনেন্স কৰ্প’ৰেশ্যন।

****

YB/SS/SB



(Release ID: 1689217) Visitor Counter : 198