মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
দেশত আভিয়ান ইনফ্লুৱেঞ্জাৰ স্থিতি
Posted On:
12 JAN 2021 4:17PM by PIB Guwahati
১২ জানুৱাৰী ২০২১ তাৰিখ পৰ্যন্ত ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এইচচিএল-ক্ষেত্ৰী নগৰত মৃত গৰুত আভিয়ান ইনফ্লুৱেঞ্জা (এইচ৫এন৮)ৰ অতিৰিক্ত অৱস্থিতি পৰিলক্ষিত হৈছে৷ তাৰোপৰি উত্তৰ প্ৰদেশৰ কানপুৰৰ জুল’জিকেল উদ্যানত মৃত গৰু আৰু পেলিকানৰ শৰীৰতো আভিয়ান ইনফ্লুৱেঞ্জাৰ অৱস্থিতি ধৰা পৰিছে৷ আনহাতে হিমাচল প্ৰদেশ আৰু মধ্য প্ৰদেশৰো বিভিন্ন স্থানত এই ৰোগৰ অৱস্থিতি পৰিলক্ষিত হৈছে৷
পশুধন আৰু দুগ্ধপালন মন্ত্ৰালয়ে ৰাজ্যসমূহলৈ বিভিন্ন পৰীক্ষণ প্ৰট’কলৰ পৰামৰ্শ আগবঢ়াইছে৷ মহাৰাষ্ট্ৰত আভিয়ান ইনফ্লুৱেঞ্জাৰ অৱস্থিতি ধৰা পৰাৰ পিছত কেন্দ্ৰৰ এটা দল মহাৰাষ্ট্ৰ আৰু গুজৰাটলৈ ৰাওনা হৈছে৷
ৰাজ্যসমূহক পৰ্যাপ্ত পৰিমাণে পিপিই কিট আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহ মজুত ৰাখিবলৈ আহ্বান জনোৱা হৈছে৷
***
APS/MG/MANN
(Release ID: 1688142)
Visitor Counter : 163