গৃহ মন্ত্ৰালয়

বৰ্ষান্তিক পৰ্যালোচনা, ২০২০: গৃহ পৰিক্ৰমা মন্ত্ৰালয়

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মূল সিদ্ধান্ত/পদক্ষেপৰ উদ্ধৃতি

Posted On: 07 JAN 2021 8:03PM by PIB Guwahati

পাতনি

এই বৰ্ষৰ আৰম্ভণিৰেপৰা ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱ আৰু ভাৰতৰ ভিন্ন প্ৰান্তলৈ ইয়াৰ দ্ৰুত সংক্ৰমণে গৃহ পৰিক্ৰমা মন্ত্ৰালয় (MHA) ৰ কাম-কাজত প্ৰভাৱ পেলায়।

২০২০ ত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মূল ক্ৰিয়া-কলাপ এই বৰ্ষটোত গুৰুত্বপূৰ্ণ অগ্ৰগতিসমূহৰ সাৰাংশ তলত উল্লেখ কৰা হৈছেঃ

জম্মু ও কাশ্মীৰ আৰু লাডাখ – কেন্দ্ৰৰ সৈতে নতুন কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংহতিৰ অৰ্থে পৰৱৰ্তী পদক্ষেপ

  • কেন্দ্ৰীয় শাসিত জম্মু ও কাশ্মীৰ আৰু কেন্দ্ৰীয় শাসিত লাডাখত কেন্দ্ৰীয় আইন আৰু ৰাজ্যিক আইন আৰোপণ
  • কেন্দ্ৰীয় শাসিত জম্মু ও কাশ্মীৰত ৪৮ কেন্দ্ৰীয় আইন আৰু ১৬৭ ৰাজ্যিক আইন প্ৰৱৰ্তনৰ অৰ্থে নিৰ্দেশনা জাৰি
  • তদুপৰি কেন্দ্ৰীয় শাসিত লাডাখত ৪৪ কেন্দ্ৰীয় আইন আৰু ১৪৮ ৰাজ্যিক আইন প্ৰৱৰ্তনৰ অৰ্থে অধিসূচনা জাৰি কৰা হয়
  • ৩১-০৩-২০২০ ত জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন (জটিলতাসমূহৰ অপসাৰণ) অৰ্ডাৰ, ২০২০ জাৰি কৰা হয়। ই জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাবে উমৈহতীয়া উচ্চ ন্যায়ালয়ত নতুন ন্যায়াধীশ নিযুক্তিৰ বাবে শপতবাক্য পাঠ কৰাবলৈ জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ ৰ ৭৫ নং দফা সংক্ৰান্ত্ৰীয় জটিলতাসমূহ দূৰ কৰে।
  • ০৮-০৬-২০২০ ত জম্মুত কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধীকৰণৰ এখনি বিচাৰপীঠ প্ৰতিষ্ঠা কৰা হয়।
  • ২৭-০৯-২০২০ ত জম্মু-কাশ্মীৰ চৰকাৰী ভাষা আইন, ২০২০ ৰ অধিসূচনা জাৰি কৰা হয়। ২৯-০৯-২০২০ ৰপৰা এই আইন কাৰ্যকৰী হয়। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত কাশ্মিৰী, ডোগ্ৰী, উৰ্দু, হিন্দী আৰু ইংৰাজী চৰকাৰী ভাষা হৈ পৰে।
  • ২০২০ ৰ ১৫ নৱেম্বৰলৈকে ২০১৯ ৰ একে সময়ৰ তুলনাত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৬৩.৯৩ শতাংশলৈ হ্ৰাস পায়। তদুপৰি, ২০২০ ৰ ১৫ নৱেম্বৰলৈকে ২০১৯ ৰ একে সময়ৰ তুলনাত বিশেষ বাহিনীসমূহৰ জোৱানৰ হতাহতৰ সংখ্যা ২৯.১১ আৰু নাগৰিকৰ মৃত্যুৰ ঘটনা ১৪.২৮ শতাংশলৈ হ্ৰাস পায়।
  • প্ৰধান মন্ত্ৰী উন্নয়ন পেকেজৰ অধীনত পাক অধিকৃত জম্মু-কাশ্মীৰ আৰু চাম্বৰপৰা স্থানান্তৰিত ৩৬,৩৮৪ পৰিয়ালৰ প্ৰত্যেকলৈ ৫.৫ লাখ টকাৰ এক-কালীন আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হয়।
  • প্ৰতিনিধিবৰ্গক কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এই নিশ্চিত প্ৰদান কৰে যে লেহ আৰু কাৰ্গিলৰ লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ (LAHDC) ৰ সৱলীকৰণৰ অৰ্থে ভাৰত চৰকাৰ অংগীকাৰবদ্ধ আৰু কেন্দ্ৰীয় শাসিত লাডাখৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বদ্ধপৰিকৰ।
  • কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদ (DDC) ৰ নিৰ্বাচন
  • জম্মু-কাশ্মীৰৰ প্ৰতিখন জিলাত জিলা উন্নয়ন পৰিষদ (DDC) গঠনৰ অৰ্থে ভাৰত চৰকাৰে ১৬-১০-২০২০ ত জম্মু-কাশ্মীৰ পঞ্চায়তী ৰাজ আইন, ১৯৮৯ ৰ সংশোধন ঘটায়। ডিডিচি গঠন আছিল ৭৩ সংখ্যক সাংবিধানিক সংশোধনী, ১৯৯২ ৰ অধীনত বাধ্যতামূলক অনুসৰি কেন্দ্ৰীয় শাসিত জম্ম-কাশ্মীৰত সম্পূৰ্ণ কাৰ্যক্ষম পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ অৰ্থে অন্তিম আৰু চূড়ান্ত পদক্ষেপ।

উত্তৰ-পূবঃ শান্তি স্থাপন

  • ২০১৪ ৰ পৰা উত্তৰ পূবৰ ৰাজ্যসমূহত নিৰপত্তাজনিত পৰিস্থিতিৰ লক্ষ্যণীয় অগ্ৰগতি সাধন হৈছে। যোৱা ছটা বছৰত বিদ্ৰোহী ঘটনাসমূহ বিশেষভাৱে হ্ৰাস পাইছে। ২০২০ বৰ্ষটোতো বিদ্ৰোহী ঘটনাসমূহৰ হ্ৰাসৰ ধাৰা অব্যাহত থাকে।
  • যোৱা ছটা বছৰত নিৰাপত্তাজনিত পৰিস্থিতিৰ অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত, মেঘালয় আৰু ত্ৰিপুৰাত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হয় আৰু অৰুণাচল প্ৰদেশত ইয়াৰ প্ৰয়োগ হ্ৰাস কৰা যায়।
  • ১৬ জানুৱাৰীঃ ব্ৰু-ৰিয়াং শৰণাৰ্থী সংকট দূৰ কৰিবলৈ ঐতিহাসিক চুক্তিৰ স্বাক্ষৰ
  • ২৭ জানুৱাৰীঃ বড়ো চুক্তি

গুৰুত্বপূৰ্ণ আইনসমূহৰ সংশোধনী

  • ফৰেইন কন্ট্ৰিবিউশ্যন (ৰেগুলেশ্যন) এক্ট, ২০১০ ৰ সংশোধনী
  • ৯ ছেপ্টেম্বৰঃ শ্ৰী হৰমন্দিৰ চাহিবলৈ এফচিআৰএ অপসাৰণ
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে শ্ৰী হৰমন্দিৰ চাহিবলৈ এফচিআৰএ অপসাৰণৰ যুগান্তকাৰী আৰু ঐতিহাসিক সিদ্ধান্তক আদৰণি জনায়।
  • ২৯ ছেপ্টেম্বৰঃ এই ভূমিত আইনৰ অস্বীকাৰকৰণৰ বাবে মানৱ অধিকাৰ খৰ্ব কৰিব নোৱাৰিব- গৃহ পৰিক্ৰমা মন্ত্ৰালয়
  • ২৪ ফেব্ৰুৱাৰীঃ অস্ত্ৰ আইন, ১৯৫৯ আৰু অস্ত্ৰ বিধি, ২০১৬ ৰ সংশোধনী জাৰি
  • ৮ জানুৱাৰীঃ অপৰাধ প্ৰসংগত পাৰস্পৰিক আইনী সাহাৰ্য্যৰ সংশোধিত নীতি-নিৰ্দেশনা
  • ১৯ মাৰ্চঃ এনচিচি চাৰ্টিফিকেটধাৰীসকলক অৰ্ধসামৰিক বাহিনীসমূহত যোগদানৰ অৰ্থে উৎসাহিত কৰি তুলিবলৈ মোদী চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে

ইউএপিএ আইনৰ অধীনত সন্ত্ৰাসবাদীৰ নাম

  • ১ জুলাইঃ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে শিখ সন্ত্ৰাসবাদী সংগঠনেৰে জড়িত ন লোকৰ নাম ঘোষণা কৰে আৰু ইউএপিএ আইনৰ অধীনত সন্ত্ৰাসবাদী বুলি ঘোষণা আগবঢ়ায়
  • ২৭ অক্টোবৰঃ বেআইনী ক্ৰিয়া-কলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ ৰ অধীনত পাকিস্তানৰ আৰু ওঠৰ লোকক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হয়

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নতুন পদক্ষেপসমূহ – নিৰাপদ ও সুৰক্ষিত ভাৰতৰ অৰ্থে

১০ জানুৱাৰীঃ গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত ইণ্ডিয়ান চাইবাৰ ক্ৰাইম

’অৰ্ডিনেশ্যন চেন্টাৰ (I4C) উদ্বোধন; নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপ’ৰ্টিং পৰ্টেল উৎসৰ্গা কৰে

  • ২৯ জানুৱাৰীঃ সন্ধানহীন ব্যক্তিৰ অনুসন্ধান আৰু যান-বাহনৰ এনঅ’চি সৃষ্টিৰ অৰ্থে এনচিআৰবিয়ে দুটা অনলাইন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেৱা শুভাৰম্ভ কৰে
  • ১ মাৰ্চঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কলকাতাত এনএছজি আঞ্চলিক কেন্দ্ৰৰ চৌহদ উদ্বোধন কৰে
  • ২ ডিচেম্বৰঃ প্ৰথমবাৰলৈ ভাৰ্চুৱেল ম’ডত অনুষ্ঠিত কৰা ৫৫ সংখ্যক বাৰ্ষিক ডিজিপি/আইজিপি সন্মিলনৰ উদ্বোধনী সমাৰোহ সম্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে
  • ৪ মাৰ্চঃ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এনচিআৰবিৰদ্বাৰা অট’মেটেড ফেচিয়েল ৰিকগনিশ্যন চিষ্টেমৰ ৰূপায়ণত অনুমোদন জনালে, এই ব্যৱস্থাই অপৰাধী, অচিনাক্ত মৃতদেহ আৰু সন্ধানহীন/সন্ধান লাভ কৰা শিশু আৰু লোকৰ উত্তম চিনাক্তকৰণ সহজতৰ কৰি তুলিব
  • ১২ মাৰ্চঃ ক্ৰাইম মাল্টি এজেন্সী চেন্টাৰ (Cri-MAC) আৰু নেশ্যনেল চাইবাৰক্ৰাইম ট্ৰেইনিং চেন্টাৰ (NCTC)ৰ শুভাৰম্ভ এনচিআৰবিৰ
  • ১৩ অক্টোবৰঃ এনচিআৰবিৰ ইচাইবাৰ লেব উদ্বোধন
  • ১৫ ডিচেম্বৰঃ ‘গুড প্ৰেকটিচ ইন চিচিটিএনএছ এণ্ড আইচিজেএছ’ সন্দৰ্ভত ২য় সন্মিলন

ছেফ চিটি প্ৰকল্প – মহিলাকে প্ৰমুখ্য কৰি নাগৰিকসকলৰ অৰ্থে সুৰক্ষিত বাতাবৰণ

দিল্লীৰ বিপ্লৱ – গৃহমন্ত্ৰীৰ পদক্ষেপ

সীমান্ত অঞ্চল উন্নয়ন – সীমান্ত বিকাশ উৎসৱঃ সীমান্ত অঞ্চলসমূহৰ উন্নয়ন ত্বৰান্বিতকৰণ আৰু স্থানীয় লোকসকলক ৰাষ্ট্ৰীয় নিৰাপত্তা সন্দৰ্ভত তেওঁলোকৰ ভূমিকা সন্দৰ্ভত সজাগ কৰি তুলিবলৈ এটি একক প্লেটফৰ্ম

ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ চিএপিএফৰ অংগীকাৰ –স্বদেশীৰ প্ৰোৎসাহনঃ

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) ৰদ্বাৰা গছ পুলি ৰোপণ অভিযান

  • ১২ জুলাইঃ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে চিএপিএফৰ ৰাষ্ট্ৰজোৰা গছ পুলি ৰোপণ অভিযান শুভাৰম্ভ কৰে।
  • ৩০ নৱেম্বৰ, ২০২০ লৈকে, এই বাহিনীৰ ২৭ ৰাজ্য আৰু ৭ কেন্দ্ৰীয় শাসিত অঞ্চলজুৰি ১,২১৬ স্থানত ১.৪৭ কোটি গছ পুলি ৰোপণ কৰা হয়। বাহিনীসমূহে ৰোপণ কৰা গছ পুলিৰ সৱিশেষ তলত উল্লেখ কৰা হ’লঃ-

চিএপিএফ

ৰোপণৰ অৰ্থে লক্ষ্য

৩০-১১-২০২০ লৈকে ৰোপণ কৰা গছ পুলিৰ মুঠ সংখ্যা

আছাম ৰাইফলছ

৭৫,৯৫,৩৫০

৭৬,৪২,৪৮৪

চিআৰপিএফ

২২,৯২,৪০৮

২৭,৮৬,৮০০

এছএছবি

১২,৩১,৮৩৭

১৪,২১,২৮৫

বিএছএফ

১১,৫২,০১৩

১১,৮২,৩৭৯

চিআইএছএফ

৭,৪৯,৮৪৮

৮,৯৮,৬৫৬

আইটিবিপি

৫,০০,০০০

৫,৪৫,৬৫২

এনএছজি

২,৫০,০০০

২,৫০,০২৯

মুঠ

১,৩৭,৭১,৪৫৬

১,৪৭,২৭,২৮৫

 

  • ২৩ জুলাইঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয়লা মন্ত্ৰালয়ৰ গছ পুলি ৰোপণ অভিযান- ২০২০ ৰ শুভাৰম্ভ কৰে

নতুন বিশ্ববিদ্যালয় – ৰাষ্ট্ৰীয় ফৰেণছিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় (RRU)

দুৰ্যোগ ব্যৱস্থাপনা – যথোপযুক্ত পৰিকল্পনা ও ক্ষীপ্ৰ সাহাৰ্য্য

আম্ফান ঘূৰ্ণীঃ

  • ১৮ মে’: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ইয়াত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল আৰু আইএমডি, এনডিএমএ আৰু এনডিআৰএফৰ বিষয়াসকল উপস্থিত থাকে।

নিসৰ্গ ঘূৰ্ণী ও নিয়ৰ ঘূৰ্ণী

  • ৰাজ্যিক দুৰ্যোগ দুৰ্ভাৱনা ব্যৱস্থাপনা পুঁজি (SDRMF)/ ৰাজ্যিক দুৰ্যোগ সাহাৰ্য্য পুঁজি (SDRF) ও ৰাষ্ট্ৰীয় দুৰ্যোগ সাহাৰ্য্য পুঁজি (NDRF) ৰপৰা পুঁজি মুকলি

মাণ্ডলিক পৰিষদ ও দ্বীপ উন্নয়ন সংস্থা (IDA) – বন্ধুত্বপূৰ্ণ ফেডাৰেল কাঠামোৰ প্ৰোৎসাহন

  • ২৮ জানুৱাৰীঃ চত্তীশগড়ৰ নতুন ৰায়পুৰত অনুষ্ঠিত কেন্দ্ৰীয় মাণ্ডলিক পৰিষদৰ ২২ সংখ্যক বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পৌৰহিত্য কৰে
  • ২৮ ফেব্ৰুৱাৰীঃ ভূৱনেশ্বৰত অনুষ্ঠিত পূব মাণ্ডলিক পৰিষদৰ ২৪ সংখ্যক বৈঠকত শ্ৰী অমিত শ্বাহে পৌৰহিত্য কৰে
  • ১৩ জানুৱাৰীঃ ‘নতুন শিখৰত আৰোহণৰ অৰ্থে দ্বীপসমূহৰ সেউজ উন্নয়ন’ত গুৰুত্ব আৰোপেৰে দ্বীপ উন্নয়ন সংস্থাৰ বৈঠকত শ্ৰী অমিত শ্বাহে পৌৰহিত্য কৰে।

কেন্দ্ৰীয় শাসিত অঞ্চল

  • চৰকাৰখনে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ জীৱন-নিৰ্বাহ, নাগৰিক সেৱা আৰু আন্তঃগাঁথনিৰ উচ্চতম মানদণ্ড নিশ্চিত কৰিব বিচাৰিছে যাতে এইসমূহ সু শাসন আৰু উন্নয়নৰ আৰ্হি হৈ উঠে যাক সমগ্ৰ দেশে অনুসৰণ কৰিব। আত্ম নিৰ্ভৰ ভাৰত অভিযান ৰ ঘোষণাৰ পাছতেই, ভাৰত চৰকাৰৰ উন্নয়ন কাৰ্যক্ৰমসমূহৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰি তুলিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হয়।

****

NW/RK/PK/AD/DDD/SB



(Release ID: 1687398) Visitor Counter : 179