পঞ্চায়তীৰাজ মন্ত্ৰালয়

পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ ২০২০ বৰ্ষান্তৰ পৰ্যালোচনা

Posted On: 08 JAN 2021 11:47AM by PIB Guwahati

২০২০ৰ সময়ছোৱাত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ উল্লেখযোগ্য পদক্ষেপসমূহ এনেধৰণৰঃ

স্বামীত্ব (Survey of Villages and Mapping with Improvised Technology in Village Areas)

গ্ৰামাঞ্চলৰ বাসিন্দাসকলক স্ব-নিৰ্ভৰশীল কৰি তুলিবলৈ তথা তেওঁলোকক আৰ্থ-সামাজিকভাৱে সৱলীকৃত কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে Survey of Villages and Mapping with Improvised Technology in Village Areas চমুকৈ স্বামীত্ব শীৰ্ষক এক আঁচনিৰ প্ৰণয়ন কৰে৷

এই আঁচনিটোৰ পাইলট পৰ্যায় ২০২০-২১ৰ সময়ছোৱাত সম্পন্ন কৰা হৈছে য’ত মহাৰাষ্ট্ৰ, কৰ্ণাটক, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু মধ্য প্ৰদেশ তথা পাঞ্জাৱ আৰু ৰাজস্থানৰ সীমান্ত কাষৰীয়া গাঁওসমূহক ধৰি মুঠ ১ লাখখন গাঁও সামৰি লোৱা হৈছে৷ উক্ত আঁচনিটোৱে ২০২৩-২৪ৰ ভিতৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশ সামৰি ল’ব৷

২০২০ চনৰ নৱেম্বৰ মাহ পৰ্যন্ত ৮,৮৩৭ খন গাঁৱত ড্ৰোণৰ দ্বাৰা সমীক্ষা চলোৱা হৈছে৷ ৬ খন পাইলট ৰাজ্যৰ ৭৬৩ খন গাঁৱৰ প্ৰায় এক লাখ পৰিয়ালক সম্পত্তি কাৰ্ড বিতৰণ কৰা হৈছে৷ সৱিশেষ তলত দিয়া ধৰণেঃ

 

ক্ৰমিক নং

ৰাজ্য

সম্পত্তি কাৰ্ড/টাইটল ডীড

গাওঁ

সম্পত্তি কাৰ্ডৰ গৰাকী

1

হাৰিয়ানা

টাইটল ডীড

221

40,000

2

কৰ্ণাটক

ৰুৰেল প্ৰ’পাৰ্টী অউনাৰশ্বিপ ৰেকৰ্ড (আৰপিঅ’আৰ)

2

121

3

মধ্য প্ৰদেশ

অধিকাৰ অভিলেখ

44

3,132

4

মহাৰাষ্ট্ৰ

সন্নদ

100

14,000

5

উত্তৰাখণ্ড

স্বামীত্ব অভিলেখ

50

6,587

6

উত্তৰ প্ৰদেশ

ঘাৰাউনি

346

36,880

 

মুঠ

 

763

1,00,720

ই-গ্ৰাম স্বৰাজ ই-বিত্তীয় ব্যৱস্থাপনা প্ৰণালী

পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানত ই-শাসন সৱলীকৃত কৰিবলৈ ২৪ এপ্ৰিল ২০২০ তাৰিখে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে ই-গ্ৰাম স্বৰাজ শীৰ্ষক এক সৰল কৰ্মভিত্তিক গাণনিক এপ্লিকেচন মুকলি কৰা হৈছিল৷ 

প্ৰশিক্ষণ আৰু সামৰ্থ নিৰ্মাণ

পঞ্চায়তী ৰাজ মন্ত্ৰালয় সংবিধানৰ ৭৩তম সংশোধনী প্ৰণয়নৰ বাবে তথা নিৰীক্ষণৰ বাবে দায়ৱদ্ধ৷ মন্ত্ৰালয়ে এই প্ৰয়াসৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকিত আঁচনি ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ জৰিয়তে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহত প্ৰশিক্ষণ আৰু সামৰ্থ নিৰ্মাণৰ প্ৰক্ৰিয়া সৱলীকৃত কৰিছে৷ মন্ত্ৰালয়ে ০৮.১২.২০২০ তাৰিখ পৰ্যন্ত ৩৪ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বাৰ্ষিক কাৰ্য পৰিকল্পনা মুকলি কৰিছে আৰু ১৭ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ ৩২৪.৪২ কোটি টকা মুকলি কৰি দিছে৷

অডিট অনলাইনঃ পঞ্চায়ত একাউণ্টসমূহৰ অনলাইন অডিট

গুৰুত্বপূৰ্ণ আনুষ্ঠানিক সংস্কাৰৰ দিশত আগবাঢ়ি মন্ত্ৰালয়ে ১৫ এপ্ৰিল ২০২০ তাৰিখে এক অডিট অনলাইন এপ্লিকেচন মুকলি কৰে যাৰ দ্বাৰা পঞ্চায়ত একাউণ্টৰ অনলাইন অডিট সম্পন্ন কৰিব পৰা হ’ব৷

সম্পত্তিসমূহৰ জিঅ’ টেগিং

কাৰ্যকৰী নিৰীক্ষণৰ বাবে কামসমূহৰ কায়িক পৰ্যায়ত নিৰীক্ষণ কৰাটো অতিশয় আৱশ্যক৷ এই প্ৰণালীৰ সৱলীকৰণৰ বাবে মন্ত্ৰালয়ে এমএকচনছ’ফ্ট শীৰ্ষক এক ম’বাইল এপ্লিকেচন মুকলি কৰে যাৰ দ্বাৰা জিঅ’ টেগৰ সৈতে সম্পত্তিসমূহৰ আলোকচিত্ৰ গ্ৰহণ কৰিব পাৰি৷

গ্ৰাম পঞ্চায়ত স্থানীয় বিকাশ পৰিকল্পনাৰ পদক্ষেপ

পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে অন্ধ্ৰ প্ৰদেশ, অসম, চট্টিশগড়, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগৰ দুখনকৈ গাঁও পঞ্চায়তত গ্ৰাম পঞ্চায়ন স্থানীয় বিকাশ পৰিকল্পনাৰ উদ্যোগ গ্ৰহণ কৰিছে৷

ক’ভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰাত পঞ্চায়তসমূহৰ ভূমিকা

দেশত ক’ভিড-১৯ মহামাৰীয়ে জুৰুলা কৰাৰ সময়ত পঞ্চায়তসমূহে ইয়াৰ সৈতে মোকাবিলা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ বিভিন্ন প্ৰতিৰোধী পদক্ষেপ গ্ৰহণ কৰি পঞ্চায়তৰ বিভিন্ন সদস্যই ২৪ এপ্ৰিল ২০২০ তাৰিখে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা সন্মানিতও হৈছে৷

 

***************

 

APS/MS/MANN



(Release ID: 1687269) Visitor Counter : 521