ৰেল মন্ত্ৰালয়

ৰে’ল মন্ত্ৰালয়ে পিআৰএছ কাউণ্টাৰৰ পৰা ক্ৰয় কৰা টিকট বাতিল কৰাৰ বাবে সময় সীমা ছয় মাহৰ অধিক বৃদ্ধি কৰে আৰু ২১.০৩.২০২০ ৰ পৰা ৩১.০৭.২০২০ সময়ছোৱাত ৰিজাৰ্ভেশ্যন কাউণ্টাৰত ক্ৰয় কৰা টিকটৰ ভাড়া ঘূৰাই দিয়া হয়

এয়া কেৱল নিয়মীয়াকৈ সময় মতে চলা বাতিল হোৱা ট্ৰেইনৰ ক্ষেত্ৰত প্ৰযোজ্য

प्रविष्टि तिथि: 07 JAN 2021 3:28PM by PIB Guwahati

ৰে'ল মন্ত্ৰালয়ে পিআৰএছ কাউণ্টাৰৰ পৰা ক্ৰয় কৰা টিকট বাতিল কৰাৰ সময়সীমা ছয় মাহৰ পৰা ন মাহলৈকে বৃদ্ধি কৰিছে। ২০২০ চনৰ ২১ মাৰ্চৰ পৰা ৩১ জুলাই পৰ্যন্ত যিসকলে টিকট ক্ৰয় কৰিছিল তেওঁলোকে ৰিজাৰ্ভেশ্যন কাউণ্টাৰৰ পৰা ধন ঘূৰাই পাব। ই ৰে'ল বিভাগে বাতিল কৰা নিয়মিত সময় অনুসৰি চলাচল কৰা ৰে'লসমূহৰ ক্ষেত্ৰতহে প্ৰযোজ্যযদিহে কোনোৱে ১৩৯ নাইবা আইআৰচিটিচি ৱেবছাইটৰ জৰিয়তে টিকট বাতিল কৰে তেনেক্ষেত্ৰত যাত্ৰাৰ তাৰিখৰ পৰা ন মাহৰ ভিতৰত উক্ত টিকট বাতিল কৰা হ’ব

 

যাত্ৰাৰ তাৰিখৰ পৰা ছয় মাহ উকলি যোৱাৰ পিছত বহু যাত্ৰীয়ে মাণ্ডলিক ৰে'লৱেৰ দাবী কাৰ্য্যালয়ত টিডিআৰৰ জৰিয়তে বা মূল টিকটৰ সৈতে সাধাৰণ আৱেদনৰ জৰিয়তে টিকটসমূহ জমা কৰিব পাৰে এনে পিআৰএছ কাউণ্টাৰ টিকটত সম্পূৰ্ণ ভাড়া ঘূৰাই দিয়াৰ অনুমতি দিয়া হ'ব পাৰে।

 

পূৰ্বে কভিড-১৯ পৰিস্থিতিৰ বাবে টিকট বাতিল আৰু ভাড়া ঘূৰাই দিয়াৰ বাবে ব্যাপক নিৰ্দেশনা জাৰি কৰা হৈছিলৰে'লৱেই বাতিল কৰা ৰে'লসমূহৰ বাবে নিৰ্দেশনা অনুসৰি, পিআৰএছ কাউণ্টাৰ টিকট দাখিল কৰাৰ সময়সীমা ৩ দিনৰ পৰা বৃদ্ধি কৰি (যাত্ৰাৰ দিন বাদ দি) ছয় মাহলৈকে শিথিল কৰা হৈছিল আৰু যদিহে পিআৰএছ কাউণ্টাৰ টিকট ১৩৯ নাইবা আইআৰচিটিচিৰ ৱেবছাইটৰ জৰিয়তে বাতিল কৰা হয় তেনেক্ষেত্ৰত যাত্ৰাৰ তাৰিখৰ পৰা ছয় মাহলৈকে কাউণ্টাৰত ধন ঘূৰাই দিয়া হৈছিল

 

 

   

 *********

DJN/KG


(रिलीज़ आईडी: 1687024) आगंतुक पटल : 262
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Tamil