তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

৫১তম আইএফএফআইৰ সময়ত আন্তৰ্জাতিক প্ৰতিযোগিতাৰ বাবে চলচ্চিত্ৰৰ ষ্টেলাৰ লাইন আপ

Posted On: 07 JAN 2021 4:46PM by PIB Guwahati

 ৫১তম ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোসৱে মহোসৱৰ সময়ত হ'বলগীয়া প্ৰতিযোগিতাৰ বাবে আন্তৰ্জাতিক চলচ্চিত্ৰৰ তালিকা প্রকাশ কৰিছে। পূৰ্ণ দৈৰ্ঘ্যৰ কাহিনী চলচ্চিত্ৰৰ শাখাত প্ৰতিযোগিতাৰ বাবে সমগ্ৰ বিশ্বৰ ছবি বাছনি কৰা হৈছে। বছৰটোৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ বাছনি কৰা এইটো হৈছে মহোসৱৰ অন্যতম গুৰুত্বপূৰ্ণ শাখা য'ত ১৫খন চলচ্চিত্ৰ গল্ডেন পীকক আৰু অন্যান্য বঁটাৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব।

 

ষ্টেলাৰ লাইন আপত থকা চলচ্চিত্ৰসমূহৰ ভিতৰত আছেঃ

 

১৷ টিয়েগ' গুৱেডেছৰ দ্য ডমেইন (পৰ্টুগাল)

২৷ এণ্ডাৰ্ছ ৰেফনৰ ইনটু দ্য ডাৰ্কনেছ (ডেনমাৰ্ক)

৩৷ কামেন কালেভৰ ফেব্ৰুৱাৰী (বুলগেৰিয়া, ফ্ৰাঞ্চ)

৪৷ নিকলাছ মউৰীৰ মাই বেষ্ট পাৰ্ট (ফ্ৰাঞ্চ)

৫৷ পায়'টাৰ ডমালেৱস্কিৰ আই নেভাৰ ক্ৰাই (পোলেণ্ড, আয়াৰলেণ্ড)

৬৷ লীঅ'নাৰ্ডো মেডেলৰ লা ভেৰোনিকা (চিলী)

৭৷ শ্বিন ছ্যু-ৱনৰ লাইট ফৰ দ্য ইউথ (ছাউথ কোৰিয়া)

৮৷ লইছ পেটিন'ৰ ৰেড মুন টাইড (স্পেইন)

৯৷ আলি ঘাভিটানৰ ড্ৰীম এবাউট ছোহৰাব (ইৰান)

১০৷ ৰামিন ৰাছউলীৰ দ্য ডগছ ডিডনট শ্লীপ লাষ্ট নাইট (আফগানিস্তান, ইৰাণ)

১১। কেঅ' চেন-নিয়েনৰ দ্য ছাইলেণ্ট ফৰেষ্ট (টাইৱান)

১২৷ ডেৰিয়া অনীশচ্চেংক'ৰ দ্য ফৰগট্টেন (ইউক্ৰেন, ছুইটজাৰলেণ্ড)

১৩৷ কৃপাল কলিতাৰ ব্ৰিজ (ভাৰত)

১৪৷ সিদ্ধাৰ্থ ত্ৰিপাথীৰ এ ডগ এণ্ড হিজ মেন (ভাৰত)

১৫৷ গণেশ বিনায়কনৰ থায়েন (ভাৰত)

 

এই চলচ্চিত্ৰসমূহ বিভিন্ন শাখাৰ বঁটাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব, যেনেঃ

 

১৷ শ্ৰেষ্ঠ চলচ্চিত্ৰ (গল্ডেন পীকক)- এই বঁটাত আছে ৪০,০০,০০০/- টকাৰ নগদ পুৰস্কাৰ যি পৰিচালক আৰু প্ৰযোজকৰ মাজত সমানে ভাগ হ'ব। নগদ ধনৰাশিৰ উপৰিও পৰিচালকে গল্ডেন পীকক আৰু এখন প্ৰমাণ পত্ৰ পাব। প্ৰযোজকে নগদ ধনৰাশিৰ উপৰিও এখন প্ৰমাণ পত্ৰ পাব।

২৷ শ্ৰেষ্ঠ পৰিচালকঃ ছিলভাৰ পীকক, প্ৰমাণ পত্ৰ আৰু ১৫,০০,০০০/- টকাৰ নগদ পুৰস্কাৰ।

৩৷ শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) : ছিলভাৰ পীকক, প্ৰমাণ পত্ৰ আৰু ১০,০০,০০০/- টকাৰ নগদ পুৰস্কাৰ।

৪৷ শ্ৰেষ্ঠা অভিনেত্ৰী (মহিলা) : ছিলভাৰ পীকক, প্ৰমাণ পত্ৰ আৰু ১০,০০,০০০/- টকাৰ নগদ পুৰস্কাৰ।

৫৷ জুৰীৰ বিশেষ বঁটাঃ ছিলভাৰ পীকক, প্ৰমাণ পত্ৰ আৰু ১৫,০০,০০০/- টকাৰ নগদ পুৰস্কাৰ এখন চলচ্চিত্ৰক (জুৰীয়ে পুৰস্কৃত কৰিব বিচৰা যিকোনো দিশৰ বাবে) বা এগৰাকী ব্যক্তিক (একোখন চলচ্চিত্ৰত আগবঢ়োৱা শৈল্পিক অৰিহণাৰ বাবে) দিয়া হ'ব। যদি এখন চলচ্চিত্ৰক এই বঁটা দিয়া হয় তেন্তে চলচ্চিত্ৰখনৰ পৰিচালকক দিয়া হ'ব।

 

*********************



(Release ID: 1686973) Visitor Counter : 191