প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৫ জানুৱাৰীত কোচি – মাঙ্গালুৰু প্ৰাকৃতিক গেছ পাইপ লাইন দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব
प्रविष्टि तिथि:
03 JAN 2021 2:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰীৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কোচি – মাঙ্গালুৰু প্ৰাকৃতিক গেছ পাইপ লাইন দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব। “এক দেশ, এক গেছ গ্ৰিড” গঢ়াৰ লক্ষ্যৰে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিতত হৈছে। কৰ্ণাটক আৰু কেৰেলাৰ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰীৰ উপৰিও পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী এই অনুষ্ঠানত উপস্থিত থাকিব।
পাইপ লাইন সম্পৰ্কেঃ-
গেইল (ইণ্ডিয়া) লিমিটেডে ৪৫০ কিলোমিটাৰ দীৰ্ঘ এই পাইপ লাইন স্থাপনৰ কাম কৰিছে। ইয়াৰ মাধ্যমেৰে দৈনিক ১ কোটি ২০ লাখ মেট্ৰিক ষ্টেণ্ডাৰ্ড ঘন মিটাৰ গেছ পৰিবহণ হ’ব। কেৰেলাৰ কোচিত তৰলীকৃত প্ৰাকৃতিক গেছ পৰা গেছ উৎপাদন কৰি সেই প্ৰাকৃতিক গেছ কৰ্ণাটকৰ দক্ষিণ কান্নাডা জিলাৰ মাঙ্গালুৰুলৈ প্ৰেৰণ কৰা হ’ব। এই পাইপলাইন এৰ্নাকুলাম, ত্ৰিশুৰ, পালাক্কাড়, মালাপ্পুৰম, কোঝিকোড়, কান্নুৰ আৰু কাছাৰগড় জিলাৰ মাজেৰে গৈছে। সম্পূৰ্ণ প্ৰকল্পৰ বাবে ব্যয় হৈছে ৩০০০ কোটি টকা। ১২ লাখ কৰ্মদিনৰ কাম শেষ হৈছে। ১০০ টাৰো অধিক স্থানত জলাশয় থকাৰ বাবে এই পাইপ লাইন স্থাপনৰ সময়ত যথেষ্ট প্ৰযুক্তিগত প্ৰত্যাহ্বানৰ মোকাবিলা কৰা হৈছে। হৰাইজোন্টেল ডিৰেকশ্যনেল ড্ৰিলিং পদ্ধতিতত সম্পূৰ্ণ কামটো কৰা হৈছে।
এই পাইপ লাইনৰ মাধ্যমেৰে পৰিবহণ ক্ষেত্ৰত কমপ্ৰেস্ড নেচাৰেল গেছ আৰু ঘৰে ঘৰে পাইপ লাইনৰ মাধ্যমেৰে প্ৰাকৃতিক গেছ সৰবৰাহ কৰা হ’ব, যি পৰিৱেশ বান্ধব আৰু ব্যয় ৰাহি হোৱাৰ বাবে উত্তম। ইয়াৰ মাধ্যমেৰে সমগ্ৰ জিলাতে প্ৰাকৃতিক গেছ বাণিজ্যিক আৰু ব্যক্তিগত কামতো ব্যৱহাৰৰ বাবে সৰবৰাহ কৰিব পৰা যাব। পৰিৱেশ অনুকূল ইন্ধন ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ কমিব আৰু বায়ুৰ গুণগত মান বৃদ্ধি পাব।
****
DS/AK/RD
(रिलीज़ आईडी: 1686731)
आगंतुक पटल : 280
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam