গৃহ মন্ত্ৰালয়

লাডাখৰ ১০ জনীয়া প্ৰতিনিধি দলে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে

লাডাখৰ ভাষা, সংস্কৃতি আৰু ভূমি সংৰক্ষণ, ইয়াৰ বিকাশত লাডাখৰ জনসাধাৰণৰ অংশগ্ৰহণৰ বিষয়ক লৈ প্ৰতিনিধিসকলে মত ব্যক্ত কৰে

শ্ৰী অমিত শ্বাহে জনোৱা অনুসৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত লাডাখৰ বিকাশ আৰু লাডাখৰ ভূমি আৰু সংস্কৃতি সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত সিদ্ধান্ত লোৱা হৈছিল যে এই বিষয়বোৰৰ এক উপযুক্ত সমাধানৰ বাবে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীৰ নেতৃত্বত এখন সমিতি গঠন কৰা হ'ব

সমিতিত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰা প্ৰতিনিধিৰ সদস্য, লাডাখৰ পৰা নিৰ্বাচিত সদস্য, এলএএইচডিচি কাউন্সিলৰ সদস্য আৰু ভাৰত চৰকাৰ আৰু লাডাখ প্ৰশাসনক প্ৰতিনিধিত্ব কৰা পদেন সদস্যসকল অন্তৰ্ভুক্ত থাকিব

Posted On: 06 JAN 2021 7:21PM by PIB Guwahati

লাডাখৰ ১০ জনীয়া প্ৰতিনিধিৰ দলে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে।  লাডাখৰ কঠিন ভৌগলিক স্থিতি আৰু কৌশলগত গুৰুত্বৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সকলো প্ৰতিনিধিয়ে লাডাখৰ ভাষা, সংস্কৃতি আৰু ভূমি সংৰক্ষণ, ইয়াৰ বিকাশত লাডাখৰ লোকসকলৰ অংশগ্ৰহণ, নিয়োগৰ সুৰক্ষা আৰু লাডাখ অঞ্চলৰ জনসাধাৰণৰ পৰিৱৰ্তনৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। এই ক্ষেত্ৰত এলএএইচডিচি নিৰ্বাচনৰ পূৰ্বেও প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে জনোৱা অনুসৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে লাডাখৰ বিকাশ আৰু লাডাখৰ ভূমি আৰু সংস্কৃতি সংৰক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্থিতি প্ৰদান কৰি, মোদী চৰকাৰে লাডাখৰ জনসাধাৰণৰ দীৰ্ঘদিন ধৰি বাকী থকা দাবী পূৰণ কৰাৰ প্ৰতি প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে।

 

আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়, য'ত সিদ্ধান্ত লোৱা হৈছিল যে লাডাখৰ ভাষা, লাডাখৰ সংস্কৃতি আৰু লাডাখৰ ভূমি সংৰক্ষণৰ সৈতে সম্পৰ্কিত বিষয়বোৰৰ উপযুক্ত সমাধান ৰখাৰ বাবে গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীৰ নেতৃত্বত এখন সমিতি গঠন কৰা হ'ব। সমিতিখনত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰা প্ৰতিনিধিৰ সদস্য, লাডাখৰ পৰা নিৰ্বাচিত সদস্য, এলএএইচডিচি কাউন্সিলৰ সদস্য আৰু ভাৰত চৰকাৰ আৰু লাডাখ প্ৰশাসনক প্ৰতিনিধিত্ব কৰা পদেন সদস্যসকল অন্তৰ্ভুক্ত থাকিব।

এই সমিতিৰ সদস্যসকলে ইয়াৰ আগতীয়া সমাধান বিচাৰি এই প্ৰতিনিধি দলৰ সদস্যসকলে প্ৰকাশ কৰা বিষয়বোৰ বিবেচনা কৰিব আৰু চূড়ান্ত সিদ্ধান্ত লোৱাৰ সময়ত এই সমিতিৰ মতামতো উচিতভাৱে লোৱা হ'ব।

 

   

 ********

NDW/RK/PK/AY/DDD/KG



(Release ID: 1686704) Visitor Counter : 150