প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৪ জানুৱাৰীত নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভত উদ্বোধনী ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
ৰাষ্ট্ৰৰ বাবে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে তদুপৰি নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীৰ আধাৰশিলা স্থাপন কৰিব
प्रविष्टि तिथि:
02 JAN 2021 6:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৪ জানুৱাৰীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভত উদ্বোধনী ভাষণ আগবঢ়াব। তেখেতে তদুপৰি ‘নেশ্যনেল এট’মিক টাইমস্কেল’ আৰু ‘ভাৰতীয় নিৰ্দেশক দ্ৰব্য’ ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু ‘নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰী’ৰ আধাৰশিলা স্থাপন কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনো উপস্থিত থাকিব।
নেশ্যনেল এট’মিক টাইমস্কেলে ২.৮ নেন’ছেকেণ্ডৰ নিৰ্ভূলতাৰে ভাৰতীয় মান সময় নিৰূপণ কৰে। ভাৰতীয় নিৰ্দেশক দ্ৰব্যই আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি, গুণ নিশ্চিতকৰণৰ অৰ্থে লেবৰটৰীসমূহৰ টেষ্টিং আৰু ক্ৰমাংকনত সহায় আগবঢ়ায়। নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীয়ে পৰিব্যাপ্ত বায়ু আৰু ঔদ্যোগিক নিৰ্গমন নিৰীক্ষণ সা-সৰঞ্জামৰ প্ৰমাণীকৰণত আত্ম-নিৰ্ভৰতা প্ৰদান কৰিব।
কনক্লেভখনিৰ সম্পৰ্কে
আৰম্ভণিৰ ৭৫ বছৰত ভৰি দিয়া নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভ, ২০২১ ৰ আয়োজন কৰিছে কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ-নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীয়ে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে মাত্ৰাবিজ্ঞান (Metrology)’।
*****
DS /AKJ/SB
(रिलीज़ आईडी: 1685759)
आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam