আয়ুষ

ক’ভিড-১৯ৰ সংকটৰ সময়ত নিজৰ সুৰক্ষা সম্পৰ্কীয় ৰোগ প্ৰতিৰোধক পদক্ষেপসমূহ দোঁহাৰিলে মন্ত্ৰালয়ে

যোগাসনক এক প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে আনুষ্ঠানিক স্বীকৃতি

Posted On: 24 DEC 2020 4:06PM by PIB Guwahati

২০২০ বৰ্ষত ক’ভিড-১৯ মহামাৰীয়ে বিশ্বজুৰি এক স্বাস্থ্য সংকটৰ সৃষ্টি কৰিলে৷ কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বই এই মাৰাত্মক ৰোগীৰ জৰিয়তে প্ৰভাৱিত হৈছে৷ ভাৰত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আহিছে আৰু এই ক্ষেত্ৰত আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা গ্ৰহণ কৰা কেতবোৰ পদক্ষেপে আৰোগ্যৰ হাৰ উন্নীত কৰিছে৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত আয়ুষ মন্ত্ৰালয়ৰ ভূমিকাও গুৰুত্বপূৰ্ণ৷ তদুপৰি, আধুনিক আৰু পৰম্পৰাগত ব্যৱস্থাৰ মাত সমন্বয় সাধনৰ ক্ষেত্ৰত মন্ত্ৰালয়ে লোৱা পদক্ষেপে ইয়াক এক অৰ্থপূৰ্ণ, উন্নত শিক্ষা আৰু সহযোগিতামূলক হিচাপে গঢ় দিছে৷

ক’ভিড-১৯ৰ বিৰুদ্ধে আয়ুষ মন্ত্ৰালয়ৰ প্ৰচেষ্টাৱলীঃ আয়ুষ মন্ত্ৰালয়ে স্বাস্থ্য সজাগতামূলক নিৰ্দেশনা জাৰি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে প্ৰতিৰোধমূলক স্বাস্থ্যসন্মত পদক্ষেপ হাতত লয়৷ ‘ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে আয়ুষ’ শীৰ্ষক এক তিনিমহীয়া অভিযানৰ শুভাৰম্ভ কৰে৷ আয়ুষ মন্ত্ৰালয়ে টেলিমেডিচিন অনুশীলন নিৰ্দেশনাও প্ৰস্তুত কৰিছিল৷

আয়ুষত ক’ভিড-১৯ৰ গৱেষণামূলক অধ্যয়ণঃ সমগ্ৰ দেশত আয়ুষ মন্ত্ৰালয়ৰ অধীনস্ত ১৩৫টা কেন্দ্ৰত প্ৰফাইলেক্টিক, এড-অন আৰু ষ্টেণ্ড এলন, নিৰীক্ষণমূলক আৰু প্ৰি-ক্লিনিকেল/পৰীক্ষামূলক অধ্যকে ধৰি মুঠ ১০৪টা বিষয়ত অধ্যয়ন চলি আছে৷ আয়ুষ মন্ত্ৰালয়ে আয়ুষ সঞ্জীৱনী শীৰ্ষক এক ম’বাইল এপৰ জৰিয়তে ১.৪৭ কোটি জনসংখ্যাৰ মাজত বিভাগটোৱে জাৰি কৰা নিৰ্দেশনা আৰু ব্যৱহাৰ কৰা ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভত এক সমীক্ষা চলায়৷ সমীক্ষাত ৮৫.১%ই ইতিবাচক সঁহাৰি দিয়ে৷

ক’ভিড-১৯ৰ সময়ছোৱাতে আয়ুষ মন্ত্ৰালয়ে দুখনকৈ আইন প্ৰণয়ণ কৰে৷ সেই দুখন হৈছে ভাৰতীয় ঔষধ পদ্ধতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগ(এনচিআই), আইন, ২০২০ আৰু হোমিঅ’পেথীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ (এনচিএইচ)আইন, ২০২০৷ ভাৰতীয় ঔষধৰ কেন্দ্ৰীয় পৰিষদ আইন, ১৯৭০ আৰু হোমিঅ’পেথী কেন্দ্ৰীয় কাউন্সিল আইন, ১৯৭৩ৰ ঠাইত নতুন আইন দুখন ২০২০ৰ ২১ ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰা হয়৷

ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ স্থাপনৰ অংশ হিচাপে মন্ত্ৰালয়ে জামনগৰস্থিত গুজৰাট আয়ুৰ্বেদ বিশ্ববিদ্যালয়ৰ চাৰিটা প্ৰতিষ্ঠানৰ সমন্বয় সাধন ২০২০ৰ ২২ ছেপ্টেম্বৰত আয়ুৰ্বেদৰ শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান আইন, ২০২০ ৰূপায়ণ কৰে৷

জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানক ডীমড ইউনিভাৰ্চিটীৰ মৰ্যাদা প্ৰদান কৰা হয়৷ এই প্ৰতিষ্ঠানটো ডীম ইউনিভাৰ্চিটী হিচাপে ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰীয়ে ২০২০ৰ ১৩ নৱেম্বৰত দেশবাসীৰ নামত উচৰ্গা কৰে৷

২০২০ৰ ১৩ নৱেম্বৰত পঞ্চম আয়ুৰ্বেদ দিৱস উপলক্ষে বিশ্ব স্বাস্থ্য সংস্থাৰ সচিব প্ৰধান ড০ টেড্ৰোছ ঘেব্ৰেয়েছাছে ভিডিঅ’ বাৰ্তাযোগে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সাৰ্বজনীন স্বাস্থ্য সেৱা হিচাপে আয়ুষ্মান ভাৰত ৰূপায়ণ আৰু পৰম্পৰাগত ঔষধৰ উন্নয়নত লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰে৷ তেওঁ ভাৰতত পৰম্পৰাগত ঔষধৰ বিশ্ব কেন্দ্ৰ স্থাপনৰ কথাও ঘোষণা কৰে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসকৰ সংখ্যাৰ তালিকাত আয়ুষ প্ৰেক্টিচনাৰক অন্তৰ্ভূক্তিয়ে চিকিৎসকৰ অনুপাত বৃদ্ধি কৰিলে৷

আইচিডি (ৰোগৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন)-১১: আয়ুষ মন্ত্ৰালয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে আয়ুৰ্বেদ, সিদ্ধা আৰু উনানী পদ্ধতিৰ ঔষধৰ ষ্টেণ্ডাৰ্ড টাৰ্মিন’লজিৰ উন্নয়নত সক্ৰিয়ভাৱে কাম কৰি আছে৷ ইয়াৰ বাবে ‘নমস্তে’ শীৰ্ষক এক প’ৰ্টেলো চলাই থকা হৈছে৷

আয়ুষ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ(এএইচডব্লিউচি)ঃ চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সহযোগত দেশত এএইচডব্লিউচি স্থাপন কৰা হৈছে৷ ২০২৪ চনৰ ভিতৰত দেশত ১২,৫০০টা এএইচডব্লিউচি স্থাপন কৰা হ’ব আৰু ইয়াৰে চলিত বৰ্ষত ৪,৪০০টা কাৰ্যক্ষম হ’ব৷

আয়ুষ মন্ত্ৰালয়ে বাণিজ্য মন্ত্ৰালয়ৰ সহযোগত ৭৬৯ কোটি টকা ব্যয়েৰে চেম্পিয়ন ছাৰ্ভিচ ছেক্টৰ স্কিমৰ অধীনত আয়ুষ হেল্থ কেয়াৰ ছুপাৰ স্পেচিয়েলিটী ডে কেয়াৰ/হাস্পতাল, স্কিল ডেভেলপমেণ্ট কেন্দ্ৰ স্থাপনৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে৷

পোষণ অভিযানৰ অংশ হিচাপে অপুষ্টি হ্ৰাস কৰাৰ লক্ষ্যৰে ২০২০ চনৰ ২০ ছেপ্টেম্বৰত আয়ুষ মন্ত্ৰালয় আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়৷

পিএলআইএম, এইচপিএল আৰু পিচিআইএমএণ্ডএইচক একত্ৰিত কৰি এক পৰিপুৰক কাৰ্যালয় হিচাপে ফাৰ্মাক’পিয়া কমিচন ফৰ ইণ্ডিয়ান এণ্ড হোমিঅ’পেথী (পিচিআইএমএণ্ডএইচ) স্থাপন কৰা হয়৷

কেন্দ্ৰীয় কেবিনেটে ২০১৯ৰ ২০ নৱেম্বৰত লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেহত ছোৱা-ৰিগপা ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানক ছোৱা ৰিগপাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান হিচাপে উন্নয়নত অনুমোদন জনাইছে৷

আয়ুৰ্বেদ, সিদ্ধা, উনানী আৰু হোমিঅ’পেথী ঔষধৰ নিয়ন্ত্ৰণৰ লক্ষ্যৰে ৯টা নিয়ন্ত্ৰকৰ পদ সৃষ্টিৰে পৃথক তথা স্বতন্ত্ৰ চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যন স্থাপন কৰা এক নতুন প্ৰচেষ্টা লৈছে৷

এক প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে যোগঃ আয়ুষ মন্ত্ৰালয়ে যোগাসনক বিশ্ব পৰ্যায়ৰ এক ক্ৰীড়া হিচাপে প্ৰচাৰ কৰাৰ বাবে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰি অৱশেষত স্বীকৃতি লাভ কৰে৷

আয়ুষৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ চাৰিটা ছেটেলাইট কেন্দ্ৰ স্থাপনঃ ২০১৭ চনৰ ৰাষ্ট্ৰীয় স্বাস্থ্যনীতিৰ অধীনত আয়ুষ মন্ত্ৰালয়ে ভাৰতত আয়ুষ শিক্ষা সুবিধা বৃদ্ধিক প্ৰচেষ্টা হাতত লৈছে৷ এই ক্ষেত্ৰত বিত্ত মন্ত্ৰালয়ে চাৰিটা ছেটেলাইট কেন্দ্ৰৰ নামত ১,৭৮২.৪৫ কোটি টকা অনুমোদন জনাইছে৷

২০২০ৰ ১৫ মে’ত বিত্তমন্ত্ৰীয়ে ঔষধি গছ ৰোপন আৰু কটাৰ পাছৰ ব্যৱস্থাপনাৰ বাবে ৪,০০০ কোটি টকাৰে ১০লাখ হেক্টৰ ভূমিত প্ৰধানমন্ত্ৰী বৃক্ষায়ুশ যোজনা ঘোষণা কৰে৷

আয়ুষ গ্ৰিডঃ ২০১৭ৰ ৰাষ্ট্ৰীয় স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তথা ভাৰত চৰকাৰৰ ই-প্ৰশাসন প্ৰচেষ্টাৰ অংশ হিচাপে সমগ্ৰ আয়ুষ খণ্ডৰ বাবে এক আইটি সুবিধাসম্পন্ন আয়ুষ গ্ৰিড নিৰ্মাণৰ কাম চলি আছে৷ অহা দুবছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে৷

বীমা ক’ভাৰেজঃ আয়ুষ মন্ত্ৰালয়ৰ প্ৰচেষ্টাত আয়ুষ চিকিৎসা মেডিকেল বীমাই সামৰি লৈছে৷ এই ক্ষেত্ৰত আইআৰডিআইএ প্ৰয়োজনীয় জাননী জাৰি কৰিছে৷

নাভ স্বীকৃতিঃ মন্ত্ৰালয়ৰ প্ৰচেষ্টাত ইয়াৰ সকলো হাস্পতালে নেচনেল এক্ৰিডেটেশ্যন ফৰ হাস্পতাল এণ্ড হেল্থকেয়াৰ প্ৰভাইডাৰ(নাভ)ৰ স্বীকৃতি লাভ কৰিছে৷ বৰ্তমানলৈকে নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান, জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু জামনগৰৰ আইটিআৰএই এই স্বীকৃতি লাভ কৰিছে৷

মন্ত্ৰালয়ে আয়ুৰ্বেদৰ সকলো প্ৰধান ক্লাছিকেল কম্পেন্দিয়াক একেলগ কৰাৰ বাবে ĀYURVEDAGRANTHASAMUCCAYAḤ শীৰ্ষক এটা একক ছফটৱেৰ মঞ্চৰ বিকাশ সাধন কৰিছে ৷

*****

MV/SK/DB



(Release ID: 1685549) Visitor Counter : 180