গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

২০২০ৰ বৰ্ষশেষৰ পৰ্যালোচনা (উপভোক্তা পৰিক্ৰমা বিভাগ) উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

Posted On: 21 DEC 2020 12:38PM by PIB Guwahati

    ২০২০ত উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ গুৰুত্বপূর্ণ কিছু অংশ তলত দিয়াধৰণে :

    ১) উপভোক্তা সুৰক্ষা

•  উপভোক্তা সুৰক্ষা আইন ২০১৯, ১৯৮৬ৰ উপভোক্তা সুৰক্ষা আইনৰ পৰিৱর্তে বিজ্ঞাপিত হ'ল ২০২০ৰ জুলাইত।

বিধিসমূহৰ বিজ্ঞপ্তিৰ মাধ্যমত চেন্ট্রেল কনজিউমাৰ্ছ প্রোটেকশন অথৰিটি (চিচিপিএ)য়ে উপভোক্তাসকলৰ অধিকাৰ লঙ্ঘন, অস ব্যৱসায় আৰু মিথ্যা অথবা বিভ্রান্তিকৰ বিজ্ঞাপন নিয়ন্ত্রণ কৰিব আৰু উপভোক্তাসকলৰ অধিকাৰ, প্রসাৰ, সুৰক্ষা তথা বলৱ কৰিব।

•  উপভোক্তা সুৰক্ষা বিধি ২০২০ৰ ৮নম্বৰ ধাৰা অনুযায়ী ২০২০ৰ ৭ ছেপ্টেম্বৰত এক অনলাইন পোর্টেল https://edaakhil.nic.in/ আৰম্ভ হয় ন্যাশনাল কনজিউমাৰ্ছ ডিছপুটছ ৰিড্রেছেল কমিশ্যনত উপভোক্তা সংক্রান্তীয় অভিযোগ ই-ফাইলিং কৰাৰ বাবে।

২) কোভিড-১৯ সংক্রান্তীয় উদ্যোগ

অত্যাৱশ্যকীয় পণ্য আইনৰ অধীনত

•  মাস্ক আৰু হেন্ড ছেনিটাইজাৰ অত্যাৱশ্যকীয় পণ্যৰ তালিকাত যুক্ত হ'ল ৩০.৬.২০২০ পর্যন্ত।

•   হেন্ড ছেনিটাইজাৰত ব্যৱহৃত এলকোহলৰ দাম নিয়ন্ত্রণ কৰা হ'ল।

•  দুই তৰপ বা তিনি তৰপৰ মাস্কৰ আৰু হেন্ড ছেনিটাইজাৰৰ সর্বোচ্চ দাম নির্ধাৰিত হ'ল।

প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনা

•  কোভিড-১৯ৰ কাৰণে দৰিদ্র মানুহৰ দুর্দশা দূৰ কৰিবলৈ প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনা অনুমোদিত হ'ল এপ্রিলৰ পৰা জুন পর্যন্ত। ৫.৪৮ লক্ষ মেট্রিক টন বিতৰণ কৰা হ'ল ১৮.৩ কোটি সুবিধা প্রাপক পৰিয়ালৰ মাজত।

•  জুন মাহত পিএমজিকেএৱাই পেকেজৰ মিয়াদ বঢ়োৱা হ'ল নবেম্বৰৰ শেষ পর্যন্ত। এই ৫ মাহত ৬.৫৭ লক্ষ মেট্রিক টন বিতৰণ কৰা হ'ল।

আত্মনির্ভৰ ভাৰত পেকেজ

•  প্ৰব্ৰজিত শ্রমিকসকলৰ দুর্দশা দূৰ কৰিবলৈ আত্মনির্ভৰ ভাৰত পেকেজৰ অধীনত যিসকল প্ৰব্ৰজিত শ্রমিক পৰিয়ালৰ ৰেছন কার্ড নাই বা যিসকল জাতীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নহয় তেওঁলোকৰ বাবে সেই সেই ৰাজ্যত য'ত তেওঁলোক আৱদ্ধ হৈ পৰিছে এনেকুৱা ১.৬৬ কোটি সুবিধা প্রাপক পৰিয়ালৰ মাজত ১.৬৬ লক্ষ মেট্রিক টন খাদ্য বিতৰণ কৰা হয়।

৩) সহজে ব্যৱসায়

•   কোভিড-১৯ৰ সময়ত উপভোক্তাসকলৰ স্বার্থ সুৰক্ষাত দুবাৰ ৬ মাহৰ মিয়াদত নির্দেশ দিয়া হ'ল ওজন আৰু জোখৰ নির্ধাৰণৰ সময়ৰ বাবে।

•   কোভিড-১৯ৰ পৰিস্থিতিৰ বাবে পুৰণি ছপা পেকেটতেই সামগ্ৰী বন্দি কৰাৰ অনুমতি দিয়া হ'ল ৩০.৯.২০২০ পর্যন্ত।

•   লকডাউনৰ দৰে অভাবনীয় পৰিস্থিতিৰ বাবে বিআইএছে তেওঁলোকৰ বিধিত সাময়িক ৰেহাই দিয়ে য'ত বিশেষ সুযোগ পালে প্রায় ক্ষুদ্র মজলীয়া অনু উপাদন শিল্পৰ ৫৪.৩৮ কোটি লাইসেন্সি আবেদন পত্রৰ লগতে জমা দিয়া অর্থৰ ৰেহাইৰ মাধ্যমত।

• গহনা প্রস্তুতকাৰকসকলক নথিভুক্তি আৰু পুনর্নবীকৰণৰ বাবে অনলাইন ব্যৱস্থা তথা হলমার্ক কেন্দ্র ও পৰীক্ষা কেন্দ্রসমূহৰ পুনর্নবীকৰণৰ বাবে অনলাইন ব্যৱস্থা চালু হ'ল।

•  সহজে ব্যৱসায় পৰিস্থিতিৰ উন্নতিৰ বাবে আৰু ‘মেক ইন ইন্ডিয়া’ত গতি আনিবলৈ সংশ্লিষ্ট সকলো প্রশাসনিক মন্ত্রক ও  দপ্তৰে প্রয়োজনীয় নির্দেশ দিলে চলিত লাইসেন্স পোৱাৰ তাৰিখৰ পৰা অন্ততঃ ৫ বছৰৰ বাবে সেই লাইসেন্সৰ বৈধতা নিশ্চিত কৰিবলৈ।

• অত্যাৱশ্যকীয় পণ্য আইনৰ সংশোধনী বিজ্ঞাপিত হ'ল ২৭ ছেপ্টেম্বৰ ২০২০ত। ইয়াৰ ফলত অত্যাৱশ্যকীয় পণ্য তালিকাৰ পৰা বাদ পৰিল মাহজাতীয় শস্য, ভোজ্যতেল, দাইল, তৈলবীজ, আলু আৰু পিঁয়াজ।

•   ২৯.৯.২০১৬ৰ আদেশ সংশোধন কৰাৰ সিদ্ধান্ত হ'ল চুক্তি কৃষি ক্রেতাক ৰেহাই দিবলৈ।

৪) প্রাইচ স্টেবিলাইজেশন ফান্ড (পিএছএফ)

•  পিএছএফ-ৰ অধীনত ২০ লক্ষ মেট্রিক টন পর্যন্ত দাইলৰ বাফাৰ স্টক প্ৰস্তুত কৰাৰ অনুমোদন দিয়া হ'ল। ইয়াত উপকৃত হ'ল ৮.৫ লক্ষ কৃষক।

•  বাফাৰ স্টকৰ দাইল ব্যৱহাৰ কৰা হ'ল ৰাজহুৱা বিতৰণ ব্যৱস্থাত, মিড-ডে মিলত আৰু সুসংহত শিশু উন্নয়ন কর্মসূচীত।

•  বাফাৰৰ দাইল সেনা আৰু কেন্দ্রীয় অৰ্ধ-সামৰিক বাহিনীৰ বাবেও ব্যৱহাৰ কৰা হ'ল গুণমান আৰু সময়ত নিয়মীয়া সৰবৰাহ নিশ্চিত কৰিবলৈ।

•  দাইল ৰেহাই হ'ল খোলা বজাৰত সৰবৰাহ স্বাভাৱিক কৰিবলৈ আৰু দাম নিয়ন্ত্রণত ৰাখিবলৈ।

•   ১ লক্ষ মেট্রিক টন পিঁয়াজৰ বাফাৰ স্টক সংগৃহীত হ'ল পিএছএফ-ৰ অধীনত।

• বাফাৰ স্টকৰ পিঁয়াজ সৰবৰাহ কৰা হ'ল সফল, কেন্দ্রীয় ভান্ডাৰ আৰু ৰাজ্য সংস্থাসমূহৰ মাধ্যমত দাম নিয়ন্ত্রণত ৰাখিবলৈ।

৫) ব্যুৰ' অফ ইন্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)

• আত্মনির্ভৰ ভাৰত আৰু সহজে ব্যৱসায় সংক্রান্তীয় চৰকাৰী দৃষ্টিভঙ্গী অনুযায়ী উপভোক্তা, শিল্প, লেবৰেটৰী ইত্যাদিৰ বাবে বিআইএছ সক্রিয়ভাৱে অগ্রসৰ হ'ল স্বয়ংক্রিয় ব্যৱস্থাৰ দিশত ছফ্টৱেৰ এপ আৰু অনলাইন পোর্টেলৰ মাধ্যমত।

• এটা ষ্টেণ্ডাৰ্ডছ পোর্টেল তৈয়াৰ কৰা হ'ল ডিজিটাইজেশনৰ বাবে যাতে পোর্টেলটো সহজে লভ্য হয়।

•  গুণমান আৰু মাপক সৰলীকৰণৰ বাবে বিআইএছে আইআইটি-ৰ মাধ্যমত কাৰিকৰী শিক্ষাত পাঠ্যসূচীত মানকৰ স্থান দিলে।

•   বর্তমান ২৭০টা ভাৰতীয় মানৰ ২৬৩টা পণ্য আইএছআই মার্কা যুক্ত।

• ৬১টা তথ্য প্রযুক্তি আৰু সৌৰশক্তি চালিত পণ্য যাৰ মাজত আছে ২৯টা ভাৰতীয় মানসম্পন্ন কম্পালছৰী ৰেজিস্ট্রেশন কর্মসূচীৰ অধীনত।

•  সোণত হলমার্কিং আৰু সোণৰ সামগ্ৰীৰ বাধ্যতামূলক হলমার্কিং-ৰ বাবে কোৱালিটি কন্ট্রোল নির্দেশ বিজ্ঞাপিত হয় ২০২০ত যি কার্যকৰী হ'ব ২০২১ৰ পহিলা জুনৰ পৰা।

৬) সংবাদ মাধ্যম সংক্রান্তীয় কামকাজ

• টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইন্ডিয়াৰ সৈতে যৌথভাৱে সংবাদপত্রত প্রচাৰ চলোৱা হ'ল মোবাইল টাৱাৰ স্থাপনৰ প্রতাৰণামূলক প্রস্তাৱৰ বিষয়ে সমগ্ৰ ভাৰত জুৰি। ইয়াৰ উপৰিও ৰিজার্ভ বেঙ্ক অফ ইন্ডিয়াই একে মূল্যৰ মুদ্রাৰ বিভিন্ন নক্সাৰ মুদ্রা গ্রহণ কৰিছে এই বিষয়তো।

•   সংবাদ পত্রৰ মাধ্যমত এটা সচেতনতামূলক অভিযান চলোৱা হয় সাধাৰণ মানুহক অত্যাৱশ্যকীয় সৰবৰাহ সংক্রান্ত অভিযোগৰ নিষ্পত্তি ব্যৱস্থা সম্পর্কে।

• বিভাগে পিএমজিকেৱাই-ৰ ওপৰত এখন ফিল্ম পঞ্চায়তসমূহক দিয়ে যোজনাৰ উপকাৰিতা সন্দৰ্ভত সচেতন কৰিবলৈ।

•   উপভোক্তা সুৰক্ষা আইন ২০১৯ সংক্রান্ত বিশেষ সতকর্তামূলক অভিযান চলোৱা হয় পোস্টাৰ, অডিও ক্লিপিং আৰু ভিডিও ফিল্মৰ মাধ্যমত। পঞ্চায়তী ৰাজ দপ্তৰ, কৃষি বিজ্ঞান কেন্দ্র, ডাকঘৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সাহায্যত জাতীয় উপভোক্তা হেল্পলাইনত কেনেকৈ অভিযোগ দাখিল কৰিব লাগিব সেই সম্পর্কেও প্রচাৰ চলোৱা হয়।

৭) নেশনেল টেস্ট হাউছ

•  নেশনেল টেস্ট হাউছে তাৰ আঞ্চলিক কার্যালয়সমূহৰ মাধ্যমত বিভিন্ন ইঞ্জিনিয়াৰিং দ্রব্য আৰু পূর্ণ প্রস্তুত দ্রব্যৰ পৰীক্ষা-নিৰীক্ষা তথা গুণমান পৰ্যবেক্ষণ কৰাৰ কাম কৰে।

 

 

******

APS/MS



(Release ID: 1685500) Visitor Counter : 232