কেবিনেট

আকাশ মিছাইল চিষ্টেমৰ ৰপ্তানি আৰু ৰপ্তানিৰ দ্ৰুত অনুমোদনৰ অৰ্থে কমিটি গঠনত কেবিনেটৰ অনুমোদন

Posted On: 30 DEC 2020 5:06PM by PIB Guwahati

আত্ম নিৰ্ভৰ ভাৰতৰ অধীনত, ভাৰতে বিস্তৃত প্ৰকাৰৰ প্ৰতিৰক্ষা প্লেটফৰ্ম আৰু মিছাইল প্ৰস্তুতত ইয়াৰ সামৰ্থ্যত অগ্ৰগতি লাভ কৰি আছে। আকাশ হৈছে দেশৰ আমদানি মিছাইল য’ত ৯৬ শতাংশৰো অধিক স্বদেশীকৰণ সাধন হৈছে।

আকাশ হৈছে ২৫ কিঃমিঃ ৰেঞ্জৰ ভূপৃষ্ঠৰপৰা বায়ুলৈ মিছাইল। ২০১৪ ত ভাৰতীয় বায়ু সেনা আৰু ২০১৫ ত ভাৰতীয় সেনাত ইয়াক নিযুক্ত কৰা যায়।

এই সেৱাসমূহত মিছাইলটো নিযুক্ত কৰাৰ পাছত, আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী/প্ৰতিৰক্ষা এক্সপ’/এৰ’ ইণ্ডিয়াৰ সময়ছোৱাত বহু বন্ধু ৰাষ্ট্ৰই আকাশ মিছাইলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। কেবিনেটৰ অনুমোদনে ভিন্ন ৰাষ্ট্ৰৰদ্বাৰা আৰএফআই/আৰএফপি ত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় প্ৰস্তুতকৰ্তাসকলৰ অৰ্থে পথ প্ৰশস্ত কৰি তুলিব।

এতিয়ালৈকে, ভাৰতীয় প্ৰতিৰক্ষা ৰপ্তানিয়ে অংশ/উপাংশ ইত্যাদিক সামৰি লৈছে। বৃহৎ প্লেটফৰ্মসমূহৰ ৰপ্তানি ন্যূনতম হৈ আছিল। কেবিনেটৰ এই প্ৰচেষ্টাই দেশখনক ইয়াৰ প্ৰতিৰক্ষা পণ্যৰ অগ্ৰগতিত সহায় কৰিব আৰু এইসমূহক বৈশ্বিকভাৱে প্ৰতিযোগী কৰি তুলিব।

সম্প্ৰতি ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহত নিয়োজিত হৈ থকা আকাশৰ চিষ্টেমতকৈ ইয়াৰ ৰপ্তানি সংস্কৰণ পৃথক হ’ব।

আকাশৰ ওপৰিও, উপকূলীয় নিৰীক্ষণ ব্যৱস্থা, ৰাডাৰ আৰু এয়াৰ প্লেটফৰ্মসমূহৰ দৰে আন গুৰু প্লেটফৰ্মসমূহৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। এনে প্লেটফৰ্মসমূহৰ ৰপ্তানিৰ অৰ্থে ক্ষীপ্ৰ অনুমোদন আগবঢ়াবলৈ, ৰক্ষা মন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক লৈ এখন কমিটি গঠন কৰা হৈছে।

এই কমিটিয়ে ভিন্ন ৰাষ্ট্ৰসমূহলৈ গুৰু থলুৱা প্লেটফৰ্মৰ পৰৱৰ্তী ৰপ্তানিত অনুমোদন জনাব। এই কমিটিয়ে তদুপৰি চৰকাৰৰপৰা চৰকাৰলৈ পথকে ধৰি ভিন্ন উপলব্ধ বিকল্পসমূহক অন্বেষণ কৰিব।

ভাৰত চৰকাৰে ৫ বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষা ৰপ্তানিৰ লক্ষ্য পূৰণৰ অৰ্থে উচ্চ মূল্যৰ প্ৰতিৰক্ষা প্লেটফৰ্মৰ ৰপ্তানি আৰু বন্ধু বিদেশী ৰাষ্ট্ৰসমূহৰ সৈতে কৌশলী সম্পৰ্ক উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে।

****

ABB/Nampi/Rajib/SB



(Release ID: 1684981) Visitor Counter : 247