প্ৰতিৰক্ষা মন্ত্ৰালয়

কম্বোদিয়াৰ শিহানৌকভিলত উপস্থিত মিচন সাগৰ-III আইএনএ কিলটান

Posted On: 29 DEC 2020 3:35PM by PIB Guwahati

মিচন-সাগৰ-IIIৰ অংশ হিচাপে আজি ভাৰতীয় নৌসেনাৰ আইএনএ কিলটানে কম্মোদিয়াৰ শিহানৌকভিলত উপস্থিত হৈছে৷ এই জাহাজখনে কম্বোদিয়াৰ বানপীড়িত লোকসকলৰ মানৱতাবাদী সাহায্য আৰু দুৰ্যোগ প্ৰশমন (এইচএডিআৰ)ৰ অধীনত ১৫ টন সামগ্ৰী কম্বোদিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটী (এনডিএমচি)ক প্ৰদান কৰিব৷ এই সাহায্যই দুয়োখন বন্ধুৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত থকা গভীৰ সম্পৰ্ককে প্ৰতিফলিত কৰিছে৷

চলিত মহামাৰীৰ সময়ত বিদেশী বন্ধু ৰাষ্ট্ৰক ভাৰতৰ এইচএডিআৰ সহায় আগবঢ়াবলৈ মিচন সাগৰ কাৰ্যসূচী হাতত লোৱা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সাগৰ’ দৃষ্টিভংগীৰ অধীনত এই সাহায্য প্ৰদান কৰি অহা হৈছে৷ এই মিচনে আছিয়ান দেশসমূহৰ মাজৰ সম্পৰ্কক অধিক সুদৃঢ় কৰিছে৷

ভাৰত আৰু কম্বোদিয়াৰ মাজত ঐতিহাসিক সাংস্কৃতিক সম্পৰ্ক আছে৷ এই সম্পৰ্ক বিগত সময়ছোৱাত সকলো ক্ষেত্ৰতে পৰিলক্ষিত হৈছে৷ শেহতীয়া ভ্ৰমণে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ নিৰাপত্তা আৰু সুস্থিৰতাতো বৰঙণি যোগাব৷

****

ABBB/VM/MS



(Release ID: 1684558) Visitor Counter : 137