প্ৰতিৰক্ষা মন্ত্ৰালয়

কোৰিয়া গণৰাজ্য ভ্ৰমণলৈ ৰাওনা স্থল সেনাৰ মুৰব্বী

পোষ্ট কৰা হৈছে: 28 DEC 2020 7:51AM by PIB Guwahati

স্থল সেনাৰ মুৰব্বী জেনেৰেল এমএম নাৰাভানেই ২৮ৰ পৰা ৩০ ডিচেম্বৰ, ২০২০লৈ তিনিদিনীয়া কাৰ্যসূচীৰে কোৰিয়া গণৰাজ্যলৈ ৰাওনা হৈছে৷ তেওঁৰ ভ্ৰমণকালত সেনা প্ৰধানগৰাকীয়ে কোৰিয়াৰ জ্যেষ্ঠ সামৰিক আৰু অসামৰিক নেতৃবৰ্গৰ সৈতে বৈঠকত মিলিত হ’ব৷

জেনেৰেল নাৰাভানেই ছিউলত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰিব৷ তেওঁ কোৰিয়াৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, সেনা প্ৰধান, সেনাৰ যুটীয়া মুৰব্বীৰ অধ্যক্ষ আৰু প্ৰতিৰক্ষা আহৰণ কাৰ্যসূচী প্ৰশাসনৰ মন্ত্ৰীক সাক্ষাৎ কৰিব, য’ত তেওঁলোকে ভাৰত-কোৰিয়াৰ মাজৰ প্ৰতিৰক্ষা সম্পৰ্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰিব৷

স্থল সেনাৰ মুৰব্বীগৰাকীয়ে লগতে গাংৱান প্ৰদেশৰ ইনজে কাউণ্ট্ৰীৰ কোৰিয়া যুদ্ধ প্ৰশিক্ষণ কেন্দ্ৰ আৰু ডাইজিঅনৰ এডভান্সড ডিফেন্স ডেভেলপমেণ্ট(এডিডি)ও পৰিদৰ্শন কৰিব৷

***

AA/BSC/DB


(ৰিলিজ আই ডি : 1684324) অতিথি কক্ষ : 112