প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৭.১২.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

Posted On: 27 DEC 2020 11:40AM by PIB Guwahati

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ আজি ২৭ দিচেম্বৰ৷ চাৰি দিনৰ পিছতেই ২০২১ বৰ্ষ আৰম্ভ হব৷ আজিৰ মন কী বাতএক প্ৰকাৰে ২০২০ৰ অন্তিমটো মন কী বাত৷ পৰৱৰ্তী মন কী বাত ২০২১ বৰ্ষত আৰম্ভ হব৷ বন্ধুসকল, মোৰ ওচৰত আপোনালোকে প্ৰেৰণ কৰা বহু চিঠি আছে৷ মাই গভত আপোনালোকে যি পৰামৰ্শ প্ৰদান কৰে সেয়াও মোৰ সন্মুখত আছে৷ কিমান লোকে ফোন কৰিও নিজৰ কথা কৈছে৷ অধিকাংশ বাৰ্তাত বিগত বৰ্ষৰ অনুভৱ আৰু ২০২১ ৰ সৈতে জড়িত সংকল্পসমূহ আছে৷ কোলহাপুৰৰ পৰা অঞ্জলীজীয়ে লিখিছে যে নতুন বৰ্ষত আমি আনক শুভকামনা জনাও, অভিনন্দন জনাও, এইবাৰ আমি এটা নতুন কাম কৰিব পাৰো৷ এইবাৰ আমি আমাৰ দেশক অভিনন্দন জনাও, দেশক শুভকামনা জনাও৷ অঞ্জলীজী, সঁচাকৈয়ে এয়া অতিশয় সুন্দৰ বিচাৰ৷ আমাৰ দেশে ২০২১ত সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰক, বিশ্বত ভাৰতৰ পৰিচয় অধিক সশক্ত হওক, এই কামনাতকৈ ডাঙৰ কথা আন কি হব পাৰে৷

বন্ধুসকল, নমো এপত মুম্বাইৰ অভিষেকজীয়ে এটা বাৰ্তা প্ৰেৰণ কৰিছে৷ তেওঁ লিখিছে যে ২০২০ত আমি যি যি দেখিলো, যি যি শিকিলো সেয়া কেতিয়াও ভবা নাছিলো৷ কৰোনাৰ সৈতে জড়িত বিভিন্ন কথা তেওঁ লিখিছে৷ এই চিঠিসমূহত, এই বাৰ্তাসমূহত মই এটা কথা সাদৃশ্যতা দেখিবলৈ পাইছো৷ বিশেষভাৱে দেখা পাইছো৷ আৰু সেয়া  মই আপোনালোকৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিছো৷ অধিকাংশ চিঠিত জনসাধাৰণে দেশৰ সামৰ্থ, দেশবাসীৰ সামূহিক শক্তিৰ ভৰপূৰ প্ৰশংসা কৰিছে৷ যেতিয়া জনতা কাৰ্ফিউৰ দৰে অভিনৱ প্ৰয়াস সমগ্ৰ বিশ্বৰ বাবে প্ৰেৰণা হৈ পৰিল, যেতিয়া তালি-থালি বজাই দেশবাসীয়ে আমাৰ কৰোনাৰ যোদ্ধাসকলক সন্মান প্ৰদৰ্শন কৰিলে, ঐক্যৱদ্ধতা প্ৰদৰ্শন কৰিলে, সেয়াও বহু লোকে স্মৰণ কৰিছে৷

বন্ধুসকল, দেশৰ সাধাৰণতম জনতাইও এই পৰিৱৰ্তন অনুভৱ কৰিছে৷ মই দেশত আশাৰ এক অদ্ভুত প্ৰৱাহ প্ৰত্যক্ষ কৰিছো৷ প্ৰত্যাহ্বান আহিছে৷ সংকটো অনেক আহিছে৷ কৰোনাৰ বাবে বিশ্বত যোগান শৃংখলত বিপত্তিৰ সৃষ্টি হৈছে৷ কিন্তু আমি এই সংকটৰ পৰা নতুন কথা শিখিছো৷ দেশত নতুন সামৰ্থৰো সৃষ্টি হৈছে৷ কথাৰে প্ৰকাশ কৰিবলৈ গলে এই সামৰ্থৰ নাম হআত্মনিৰ্ভৰতা

বন্ধুসকল, দিল্লী নিবাসী অভিনৱ বেনাৰ্জীয়ে নিজৰ যি  অনুভৱ মোলৈ লিখি প্ৰেৰণ কৰিছে সেয়া অতিশয় হদয়স্পৰ্শী৷ অভিনৱজীয়ে তেওঁৰ আত্মীৰ সৰু লৰা-ছোৱালীৰ উপহাৰ ক্ৰয় কৰাৰ বাবে দিল্লীৰ ঝাণ্ডেবালান বজাৰলৈ গৈছিল৷ আপোনালোকৰ বহুতেই জানে যে দিল্লীৰ এই বজাৰখন চাইকেল আৰু খেলা সামগ্ৰীৰ বাবে বিখ্যাত৷ প্ৰথমে তাত খেলা-সামগ্ৰীৰ অৰ্থ আছিল আমদানিকৃত খেলা-সামগ্ৰী, যি সস্তাও আছিল৷ কিন্তু অভিনৱজীয়ে চিঠিত লিখিলে যে এতিয়াৰে তাৰে বহু দোকানীয়ে এই বুলি কৈ পুতলা বিক্ৰী কৰি আছে যে ভাল পুতলা লওক কিয়নো এয়া ভাৰতত নিৰ্মাণ কৰা হৈছে, ‘মেড ইন ইণ্ডিয়াহয়৷ গ্ৰাহকেও ভাৰতত নিৰ্মিত পুতলা ক্ৰয় কৰিছে৷ এয়াইতো হ- এটা চিন্তাত কিমান এক ডাঙৰ পৰিৱৰ্তন- এয়াই জীৱন্ত প্ৰমাণ৷ দেশবাসীৰ চিন্তাধাৰাত কিমান ডাঙৰ পৰিৱৰ্তন আহিছে, সেয়াও এবছৰৰ ভিতৰতে৷  এই পৰিৱৰ্তনৰ হিচাপ ওলোৱাটো ইমান সহজ নহয়৷ অৰ্থশাস্ত্ৰীয়েও ইয়াক পৰিমাপ কৰিব নোৱাৰে৷

বন্ধুসকল, মোলৈ বিশাখাপট্টনমৰ পৰা মুৰলীপ্ৰসাদ জীয়ে লিখিছে, তাত এক ভিন্ন ধৰণৰ চিন্তাধাৰা প্ৰকাশ পাইছে৷ ভেংকটজীয়ে লিখিছে, মই আপোনাক ২০২১ৰ বাবে মোৰ এবিচি গাঁঠি দিছো৷ মই বুজি নাপালো যে এই এবিচি-ৰ অৰ্থ কি৷ তেতিয়া মই দেখিলো যে ভেংকটজীয়ে চিঠিৰ সৈতে এখন চাৰ্ট গাঁঠি দিছে৷ মই সেই চাৰ্টখন চালো আৰু পিছত বুজি পালো যে এবিচি-ৰ অৰ্থ হল আত্মনিৰ্ভৰ চাৰ্ট, এবিচি৷ এয়াও হৃদয়স্পৰ্শী৷ ভেংকটজীয়ে তেওঁ নিজে প্ৰতিদিনে ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ এখন তালিকা প্ৰস্তুত কৰিছে৷ ইয়াত বৈদ্যতিক, ষ্টেচনাৰী, ছেল্ফ কেয়াৰ সামগ্ৰীৰ উপৰিও অন্যান্য বহু সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে৷ ভেংকটজীয়ে কৈছে যে আমি অজানিতে বহু এনে বিদেশী সামগ্ৰীৰ ব্যৱৰহাৰ কৰো যাৰ বিকল্প অতি সহজেই ভাৰতত উপলব্ধ৷ এতিয়া তেওঁ প্ৰতিজ্ঞা গ্ৰহণ কৰিছে যিবোৰ সামগ্ৰী তেওঁ ব্যৱহাৰ কৰিব, সেইসমূহত যাতে দেশবাসীৰ পৰিশ্ৰম আৰু ঘামৰ সুঘ্ৰাণ মিহলি হৈ থাকে৷

বন্ধুসকল, ইয়াৰ সৈতে তেওঁ আৰু এক ৰোচক কথা কৈছে৷ তেওঁ লিখিছে যে আমি আত্মনিৰ্ভৰ ভাৰতৰ সমৰ্থন কৰিছো কিন্তু আমাৰ নিৰ্মাণকাৰীসকলেও সামগ্ৰীসমূহৰ গুণগতমান যাতে কোনোগুণে হেৰফেৰ নহয় তাৰবাবও তেওঁলোকে লক্ষ্য কৰিব লাগে৷ কথাটো সঁচা৷ Zero effect, zero defect চিন্তাধাৰৰ সৈতে কাম কৰাৰ এয়াই উচিত সময়৷ মোৰ দেশৰ নিৰ্মাণকাৰীসকল আৰু  ঔদ্যোগিক নেতৃত্বত মই আহ্বান জনাইছো, দেশৰ জনতাই মজবুত পদক্ষেপ গ্ৰহণ কৰিছে, মজবুত খোজ আগবঢ়াইছে৷ ভকেল ফৰ লোকেল আজি ঘৰে ঘৰে গুঞ্জৰিত হৈছে৷ এতিয়া এয়া সুনিশ্চিত কৰাৰ সময় যে আমাৰ সামগ্ৰীসমূহো যাতে বিশ্বমানৰ হয়৷ বিশ্বৰ ভিতৰতে যিসমূহৰ শ্ৰেষ্ঠ সেয়া আমি ভাৰতত নিৰ্মাণ কৰি দেখুৱাম৷ ইয়াৰ বাবে উদ্যমী সতীৰ্থসকল আগুৱাই আহিব লাগিব৷ ষ্টাৰ্ট-আপসকলেও আগুৱাই আহিব লাগিব৷ পুনৰবাৰ ভেংকটজীক তেওঁৰ অতুলনীয় প্ৰয়াসৰ বাবে অভিনন্দন জনাইছো৷

বন্ধুসকল, আমি এই ভাৱনা বৰ্তাই ৰাখিব লাগিব আৰু বঢ়াব লাগিব৷ মই পূৰ্বেও কৈছো আৰু পুনৰবাৰ দেশবাসীক আহ্বান জনাম৷ আপোনালোকেও এখন তালিকা প্ৰস্তুত কৰক৷ দিনটোত আমি যি সামগ্ৰী ব্যৱহাৰ কৰো, সেই সামগ্ৰীসমূহ বিবেচনা কৰি চাওক যে অজানিতে আমাৰ জীৱনত কোনবোৰ বিদেশী সামগ্ৰীয়ে প্ৰৱেশ কৰিছে৷ আমাক এক প্ৰকাৰে বন্দী কৰি তুলিছে৷ ইয়াৰ ভাৰতীয় বিকল্পসমূহ সন্ধান কৰক আৰু নিশ্চিত কৰক যে আগলৈ ভাৰতত নিৰ্মিত, ভাৰতৰ জনসাধাৰণৰ পৰিশ্ৰম তথা ঘামেৰে উৎপাদিত সামগ্ৰীসমূহ আমি ব্যৱহাৰ কৰিম৷ আপোনালোকে প্ৰতিবছৰে নৱবৰ্ষৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে, এইবাৰ এনে এক প্ৰতিজ্ঞা দেশৰ বাবে গ্ৰহণ কৰক৷ 

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ দেশৰ সহস্ৰ বৰ্ষ পুৰণি সংস্কৃতি, সভ্যতা আৰু ৰীতি-নীতিক অত্যাচাৰীৰৰ হাতৰ পৰা ৰক্ষা কৰাৰ বাবে কিমানজনে বলিদান দিছে আজি সেয়া স্মৰণ কৰাৰ দিন৷ আজিৰ দিনটোতেই গুৰু গোৱিন্দ সিংজীৰ পুত্ৰ, চাহিবজাদে জোৰাৱৰ সিং আৰু ফতেহ সিঙক দেৱালত জীয়াই খোদিত কৰা হৈছিল৷ অত্যাচাৰীয়ে বিচাৰিছিল যে চাহিবজাদেয়ে নিজৰ আস্থা পৰিত্যাগ কৰক, মহান গুৰুৰ পৰম্পৰা পৰিত্যাগ কৰক৷ কিন্তু আমাৰ চাহিবজাদেয়ে নিচেই কম বয়সতেই সাংঘাটিক সাহস দেখুৱালে, ইচ্ছাশক্তি দেখুৱালে৷ দেৱালত জীয়াই খোদিত কৰাৰ সময়ত, এটাৰ ওপৰত এটাকৈ ইটা গঁথা হৈছিল, দেৱাল ওখ হৈ গৈ আছিল, কিন্তু তথাপিও তেওঁ সাহ নেহেৰুৱালে৷ আজিৰ দিনটোতেই গুৰু গোৱিন্দ সিংজীৰ মাতৃ মাতা গুজৰীও দেহত্যাগ কৰিছিল৷ প্ৰায় এসপ্তাহ পূৰ্বে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰো দেহত্যাগৰ তিথি আছিল৷ মই ইয়াত দিল্লীত গুৰুদ্বাৰ ৰকাবগঞ্জলৈ গৈ গুৰু টেগ বাহাদুৰ জীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ সৌভাগ্য লাভ কৰিলো৷  এই মাহত গুৰু গোৱিন্দ সিংজীৰ দ্বাৰা অনুপ্ৰাণিত অনেক লোকে মাটিত শোৱে৷ জনতাই শ্ৰী গুৰু গোৱিন্দ সিংজীৰ পৰিয়ালৰ লোকে শ্বহীদ হোৱাৰ দিনটো অতিশয় আস্থাৰে সোঁৱৰে৷ এই দেহত্যাগে সম্পূৰ্ণ মানৱতাক, দেশক নতুন শিকনি প্ৰদান কৰিছে৷ এই দেহত্যাগে আমাৰ সভ্যতাক সুৰক্ষিত কৰি ৰখাৰ মহান কাৰ্য কৰিছে৷ আমি এই কাৰ্যৰ প্ৰতি ঋণী৷ পুনৰবাৰ মই শ্ৰী গুৰু টেগ বাহাদুৰ জী, মাতা গুজৰী জী, গুৰু গোৱিন্দ সিংজী, আৰু চাৰিওজন চাহিবজাদা শ্বহীদক প্ৰণাম কৰিছো৷ এনেকুৱা অনেক শ্বহীদে ভাৰতৰ আজিৰ স্বৰূপ ৰক্ষা কৰিছে, বৰ্তাই ৰাখিছে৷

মোৰ মৰমৰ দেশবাসীসকল, এতিয়া মই এনেকুৱা কথা এটা কবলৈ ওলাইছো, যাৰ দ্বাৰা আপোনালোক আনন্দিতও হব আৰু গৌৰৱান্বিতও হব৷  ভাৰতত বাঘৰ সংখ্যা ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৬০ শতাংশতকৈও অধিক বৃদ্ধি হৈছে৷ ২০১৪ চনত দেশত বাঘৰ সংখ্যা প্ৰায় ৭,৯০০টা আছিল৷ ২০১৯ চনত ইয়াৰ সংখ্যা বৃদ্ধি হৈ ১২,৮৫২ টা হল৷ এই বাঘৰ বিষয়ে জিম কৰবেটে কৈছিল, ‘‘যিসকল লোকে বাঘত প্ৰকৃতিত স্বাচ্ছ্যন্দ ৰূপত ঘূৰি ফুৰা দেখা নাই, তেওঁলোকে ইয়াৰ সৌন্দৰ্য কল্পনা কৰিবই নোৱাৰে৷ ইয়াৰ ৰঙৰ সৌন্দৰ্য আৰু চালৰ মোহকতাৰ আণ্ডাজ লগাব নোৱাৰে৷’’ দেশৰ অধিকাংশ ৰাজ্যত, বিশেষকৈ মধ্য ভাৰতত বাঘৰ সংখ্যা বৃদ্ধি হৈছে৷ বাঘৰ সবাতোকৈ অধিক আবাদীৰ ৰাজ্যসমূহৰ ভিতৰত মধ্য প্ৰদেশ, কৰ্ণাটক আৰু  মহাৰাষ্ট্ৰত ইয়াৰ সংখ্যা অধিক বৃদ্ধই হৈছে৷ সমগ্ৰ বিশ্বতে বাঘৰ বসতি হ্ৰাস পাই আহিছে৷ এনে সময়ত ভাৰতে বাঘৰ আবাদী বৃদ্ধি কৰি বিশ্ববাসীক পথ প্ৰদৰ্শিত কৰিছে৷ আপোনালো এয়াও জানে যে বিগত কিছু বৰ্ষত ভাৰতত সিংহৰ সংখ্যা বৃদ্ধই পাইছে, বাঘৰ সংখ্যা বৃদ্ধি পাইছে, ভাৰতীয় বনক্ষেত্ৰ বৃদ্ধি পাইছে৷ কেৱল চৰকাৰেই নহয়, বহু লোক, বহু সংস্থাই আমাৰ বন-তৃণ আৰু বন্যজীৱৰ সংৰক্ষণত নামি পৰিছে৷ এই সকলোবোৰ অভিনন্দনৰ পাত্ৰ৷

বন্ধুসকল, মই তামিলনাডুৰ কইম্বাটুৰৰ এক হৃদয়স্পৰ্শী প্ৰয়াসৰ বিষয়ে পঢ়িলো৷ আপোনালোকেও ছচিয়েল মিডিয়াত ইয়াৰ দৃশ্যাৱলী দেখিছে৷ আমি সকলোৱে মানুহৰ হুইলচেয়াৰ দেখিছো৷ কইম্বাটুৰৰ এজনী কন্যাই নিজৰ পিতৃৰ সৈতে এক পীড়িত কুকুৰৰ বাবে হুইলচেয়াৰ নিৰ্মাণ কৰিছে৷ এই সংবেদনশীলতা, প্ৰেৰণাদায়ী হব পাৰে৷ যেতিয়া ব্যক্তিৰ সকলো জীৱৰ প্ৰতি দয়া  আৰু কৰুণা ভাৱ থাকে তেতিয়া এয়া সম্ভৱ হব পাৰে৷ দিল্লী এনচিআৰ আৰু দেশৰ অন্য চহৰত ঠেঁটুৱৈ লগা জাৰত অঘৰী পশুসকলৰ কল্যাণৰ বাবে বহুতে কিবা-কিবি কৰিছে৷ তেওঁলোকে এই পশুবোৰৰ খোৱা-বোৱা আৰু ছুৱেটাৰ, বিচনাৰ ব্যৱস্থা কৰিছে৷ কিছুমান এনে লোক আছে যিয়ে নিতৌ শতাধিক এনে পশুৰ বাবে ভোজনৰ ব্যৱস্থা কৰিছে৷ এনে প্ৰয়াস প্ৰশংসাৰ যোগ্য হব লাগে৷ কিছুমান এনে প্ৰকাৰৰ নিষ্ঠাপূৰ্ণ প্ৰয়াস উত্তৰ প্ৰদেশ কৌশম্বীতো কৰাহৈছে৷ তাত কাৰাবাস খাটি থকা বন্দীসকলে গাইবোৰক শীতৰ পৰা ৰক্ষা কৰিবলৈ পুৰণি আৰু ফটা কম্বলৰ পৰা কভাৰ প্ৰস্তুত কৰি আছে৷ এই কম্বলবোৰ কৌশম্বীসহিতে অন্য জিলাৰ কাৰাগাৰৰ পৰা একত্ৰিত কৰা হৈছে আৰু গোশালাসমূহলৈ প্ৰেৰণ কৰা হৈছে৷ কৌশম্বী কাৰাগাৰৰ কয়দীসকলে প্ৰতি সপ্তাহে এনে অনেক কভাৰ নিৰ্মাণ কৰিছে৷ আহক, আনৰ কল্যাণৰ বাবে সেৱা-ভাবেৰে এই প্ৰকাৰৰ প্ৰয়াসক উৎসাহিত কৰো৷ এই বাস্তৱিকতে এনে এক সৎকাৰ্য, যি সমাজৰ সংবেদনাসমূহক সশক্ত কৰে৷

মোৰ মৰমৰ দেশবাসীসকল, এতিয়া যিখন পত্ৰ মোৰ সন্মুখত আছে তাত দুখন ডাঙৰ ফটো আছে৷ এই ফটো এটা মন্দিৰৰ পূৰ্বৰ আৰু এতিয়াৰ ফটো৷ এই ফটোৰ সৈতে যি পত্ৰ আছে তাত যুৱচামৰ এনে এক দলৰ বিষয়ে কোৱা হৈছে যিয়ে নিজকে যুৱ ব্ৰিগেড বুলি পৰিচয় দিয়ে৷ দৰাচলতে এই যুৱ ব্ৰিগেডে কৰ্ণাটকৰ শ্ৰী ৰংগপটনৰ ওচৰত অৱস্থিত বীৰভদ্ৰ স্বামী নামৰ এক প্ৰাচীন শিৱ মন্দিৰৰ কায়াকল্প প্ৰস্তুত কৰিছে৷ এদিন কিছু পৰ্যটকে পাহৰণিৰ সোঁতত জাহ যোৱা এই মন্দিৰৰ এক ভিডিঅচিয়েল মিডিয়াত আপলোড কৰি দিলে৷ যুৱ ব্ৰিগেডে এই ভিডিঅচিয়েল মিডিয়াত প্ৰত্যক্ষ কৰি একত্ৰিতভাৱে এই মন্দিৰৰ জীৰ্ণোদ্ধাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ তেওঁলোকে মন্দিৰ পৰিসৰৰ জংগলসমূহ পৰিষ্কাৰ কৰিলে৷ যত মেৰমতি আৰু নিৰ্মাণৰ আৱশ্যকতা আছিল সেয়া সম্পূৰ্ণ কৰিলে৷ তেওঁলোকৰ এই ভাল কাম দেখি স্থানীয় লোকসকলেও সহায়ৰ হাত আগবঢ়ালে৷ কিছুমানে চিমেণ্ট দিলে, কিছুমানে ৰং দিলে৷ এনেকৈ বহুলোকে অৱদান আগবঢ়ালে৷ এই আটাইবোৰ যুৱক বিভিন্ন পেছাৰ সৈতে জড়িত৷ সেয়ে তেওঁলোকে সপ্তাহান্তিকৰ সময়ছোৱাত মন্দিৰৰ কাম আৰম্ভ কৰিলে৷ যুৱকসকলে মন্দিৰত দুৱাৰ লগোৱাৰ লগতে বিদ্যুতৰ সংযোগো প্ৰদান কৰিলে৷ এইদৰে তেওঁলোকে মন্দিৰটোৰ পুৰণি বৈভৱ পুনৰ স্থাপিত কৰিলে৷ ইচ্ছা আৰু দৃঢ় নিশ্চয়তা এনেকুৱা দুটা বস্তু যাৰ দ্বাৰা মানুহে প্ৰতিটো লক্ষ্য প্ৰাপ্ত কৰিব পাৰে৷ যেতিয়া মই ভাৰতৰ যুৱচামলৈ লক্ষ্য কৰো তেওঁ মই নিজকে আনন্দিত আৰু আশ্বস্ত অনুভৱ কৰো৷ আনন্দিত আৰু আশ্বস্ত এইবাবেই কিয়নো মোৰ দেশৰ যুৱচামৰ হৃদয়ত কৰিব পাৰোৰ ভাৱনা বিদ্যমান আছে আৰু কৰিমেইৰ সত্বাও বিদ্যমান আছে৷ তেওঁলোকৰ বাবে কোনো প্ৰত্যাহ্বানেই বৃহৎ নহয়৷ কোনো বস্তুৱেই তেওঁলোকৰ অগম্য নহয়৷ মই তামিলনাডুৰ এগৰাকী শিক্ষকৰ বিষয়ে পঢ়িলো৷ তেওঁৰ নাম হেমলতা এন কে যিয়ে বিদুপুৰমৰ এখন বিদ্যালয়ত বিশ্বৰ সবাতোকৈ পুৰণি ভাষা তামিল পঢ়ুৱায়৷ কভিড-১৯ মহামাৰীতো তেওঁৰ অধ্যাপনাৰ কামত বাধা আহি পৰা নাছিল৷ হয়! তেওঁৰ সন্মুখত প্ৰত্যাহ্বান নিশ্চয়কৈ আছিল কিন্তু তেওঁ এটা উদ্ভাৱনী পথ উলিয়াই লৈছিল৷ তেওঁ নিজৰ পাঠ্যক্ৰমৰ ৫৩টা অধ্যায়ক ৰেকৰ্ড কৰিলে, এনিমেটেড ভিডিঅপ্ৰস্তুত কৰিলে আৰু ইয়াক এটা পেন ড্ৰাইভত লৈ নিজৰ শিক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰিলে৷ ইয়াৰ দ্বাৰা তেওঁৰ শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হল৷ তেওঁলোকে অধ্যায়সমূহ ভিজুৱেলীও বুজি পালে৷ ইয়াৰ লগতে তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে ফোনতো কথা পাতি থাকিল৷ ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ পঢ়াও আনন্দৰ বিষয় হৈ পৰিল৷ সমগ্ৰ দেশতে কৰোনাৰ এই সময়ছোৱাত শিক্ষকসকলে যি উদ্ভাৱনী পন্থা গ্ৰহণ কৰিলে, যি পাঠ্যপুথিৰ সামগ্ৰী প্ৰস্তুত কৰিলে, অনলাইনত যি পঢ়ুৱালে, সেয়া সঁচাকৈয়ে অমূল্য৷ মই সকলো শিক্ষকক আহ্বান জনাইছো যে এই পাঠ্যপুথিৰ সামগ্ৰীসমূহৰ শিক্ষা মন্ত্ৰালয়ৰ দীক্ষা পৰ্টেলত অৱশ্যেই আপলোড কৰক৷ ইয়াৰ দ্বাৰা দেশৰ দূৰ-দুৰণিৰ শিক্ষাৰ্থীসকলো উপকৃত হব৷

বন্ধুসকল, আহক এতিয়া কথা পাতো ঝাৰখণ্ডৰ কোৰৱা জনজাতিৰ হীৰামনজীৰ৷ হীৰামনজী গঢ়ৱা জিলাৰ সিঞ্জো গাঁৱত বাস কৰে৷ আপোনালোকে জানি আচৰিত হব যে কোৰৱা জনজাতিৰ আবাদীৰ সংখ্যা হল প্ৰায় ৬,০০০ জন যি চহৰৰ পৰা দূৰৈত পাহাৰ আৰু হাবিত বাস কৰে৷ নিজৰ সম্প্ৰদায়ৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰাৰ বাবে হীৰামন জীয়ে এক দায়িত্ব গ্ৰহণ কৰিলে৷ তেওঁ ১২ বছৰৰ অৰ্থক পৰিশ্ৰমৰ পিছত বিলুপ্ত হবলৈ ধৰা কোৰৱা ভাষাৰ এক শব্দকোষ প্ৰস্তুত কৰিছে৷ তেওঁ এই শব্দকোষত ঘৰ-গৃহস্থীত প্ৰয়োগ হোৱা শব্দৰ পৰা আৰম্ভ কৰি দৈনিক জীৱনত ব্যৱহাৰ হোৱা কোৰৱা ভাষাৰ অনেক শব্দৰ অৰ্থ লিখি উলিয়াইছে৷ কোৰৱা সম্প্ৰদায়ৰ বাবে হীৰামনজীয়ে যি এই কাম কৰিছে, সেয়া দেশৰ বাবে এক আদৰ্শ হৈ উঠিছে৷

মোৰ মৰমৰ দেশবাসীসকল, কোৱা হয় যে আকবৰৰ দৰবাৰৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল আবুল ফজল৷ তেওঁ এবাৰ কাশ্মীৰ যাত্ৰা কৰি কৈছিল যে কাশ্মীৰৰ এনে এক সৌন্দৰ্য আছে যাক দেখি অতিশয় খঙাল লোকো আনন্দত নাচি উঠিব৷ দৰাচলতে তেওঁ কাশ্মীৰৰ কেশৰৰ খেতি দেখি উল্লসিত হৈ পৰিছিল৷ কেশৰ শতিকাজুৰি কাশ্মীৰৰ সৈতে জড়িত হৈ আছে৷ কাশ্মীৰি কেশৰ মুখ্য ৰূপত পুলৱামা, বডগাম আৰু কিশ্তৱাড়ৰ দৰে ঠাইত উৎপাদন কৰা হয়৷ এই বছৰৰ মেমাহত কাশ্মীৰি কেশৰক জিঅগ্ৰাফিকেল ইণ্ডিকেচন টেগ অৰ্থাৎ জিআই টেগ প্ৰদান কৰা হৈছে৷ ইয়াৰ জৰিয়তে আমি কাশ্মীৰি কেশৰক এক বিশ্বজনীন জনপ্ৰিয় ব্ৰেণ্ড কৰি তুলিব বিচাৰিছো৷ কাশ্মীৰি কেশৰ বৈশ্বিক স্তৰত এনে মচলাৰ ৰূপত প্ৰসিদ্ধ যাৰ বহুকেইটা ঔষধীয় গুণ আছে৷ ই অত্যন্ত সুগন্ধিযুক্ত, ইয়াৰ ৰং গাঢ় আৰু ইয়াৰ সুতা দীঘল আৰু শকত হয়, যিয়ে ইয়াৰ ঔষধি মূল্য বৃদ্ধই কৰে৷ ই জম্মু-কাশ্মীৰৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে৷ গুণগতমানৰ কথা কবলৈ গলে কাশ্মীৰৰ কেশৰ অনন্য আৰু অন্য দেশৰ কেশৰতকৈ পৃথক৷ কাশ্মীৰৰ কেশৰক জিআই টেগ চিহ্নিত কৰাৰ ফলত ই এক পৃথক পৰিচয় লাভ কৰিছে৷ আপোনালোকে এয়া জানি সুখী হব যে কাশ্মীৰৰ কেশৰে জিআই টেগৰ স্বীকৃতি লাভ কৰাৰ পিছত ডুবাইৰ এক ছুপাৰমাৰ্কেটত ইয়াক মুকলি কৰা হৈছে৷ এতিয়া ইয়াৰ ৰপ্তানি বৃদ্ধি হব৷ ই আত্মনিৰ্ভৰ ভাৰত হোৱাৰ আমাৰ প্ৰয়াসক সৱলীকৃত কৰিব৷ কেশৰৰ কৃষকসকল বিশেষভাৱে উপকৃত হব৷ পুলৱামাৰ ত্ৰালৰ শাৰ এলেকাৰ বাসিন্দা আব্দুল মজিদ বাণীকেই চাওক৷ তেওঁ নিজৰ জিআই টেগযুক্ত কেশৰক ৰাষ্ট্ৰীয় ছেফ্ৰন অভিযানৰ সহায়ত পাম্পোৰৰ বাণিজ্য কেন্দ্ৰত ই-বাণিজ্যৰ জৰিয়তে বিক্ৰী কৰিছে৷ তেওঁৰ দৰে বহু লোকে এই কাম কৰি আছে৷ আগলৈ যেতিয়া আপোনালোকে কেশৰ ক্ৰয় কৰিবলৈ বিচাৰে তেন্তে কাশ্মীৰৰ কেশৰহে ক্ৰয় কৰিব৷ কাশ্মীৰৰ জনতাৰ উৎসাহ এনেকুৱা যে তাৰে কেশৰৰ সোৱাদেই ভিন্ন৷

মোৰ মৰমৰ দেশবাসীসকল, দুদিন পূৰ্বে গীতা জয়ন্তী পালন কৰা হল৷ গীতাই আমাৰ জীৱনৰ প্ৰতিটো সন্দৰ্ভত প্ৰেৰণা প্ৰদান কৰে৷ কিন্তু আপোনালোকে কেতিয়াবা ভাবিছে নে গীতা কিয় এনে অদভূত গ্ৰন্থ? এইবাবেই যে এয়া স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ বাণী৷ কিন্তু গীতাৰ বিশিষ্টতা এয়াও যে এয়া জনাৰ কৌতুহলৰ পৰা আৰম্ভ হয়৷ প্ৰশ্নৰ পৰা আৰম্ভ হয়৷ অৰ্জুনে ভগৱানক প্ৰশ্ন কৰিলে, কৌতুহল সুধিলে, তেতিয়াহে গীতাৰ জ্ঞান সংসাৰে লাভ কৰিলে৷ গীতাৰ দৰে আমাৰ সংস্কৃতিত যিমান জ্ঞান আছে সেই সকলোবোৰ জিজ্ঞাসাৰ পৰা আৰম্ভ হৈছে৷ বেদান্তৰ প্ৰথম মন্ত্ৰ হ- ‘অথতো ব্ৰহ্ম জিজ্ঞাসাঅৰ্থাৎ আহক, আমি ব্ৰহ্মৰ জিজ্ঞাসা কৰো৷ সেইবাবেই আমাৰ ইয়াৰ ব্ৰহ্মৰ অন্বেষণৰো কথা কোৱা হয়৷ জিজ্ঞাসাৰ শক্তিয়েই এনেকুৱা৷ জিজ্ঞাসাই আপোনাক নিৰন্তৰে অনুপ্ৰাণিত কৰে৷ সৰু কালছোৱাত আমাৰ ভিতৰত থকা জিজ্ঞাসৰ ফলতেই আমি শিকিব পাৰো৷ অৰ্থাৎ যেতিয়ালৈ জিজ্ঞাসা আছে তেতিয়ালৈ জীৱন আছে৷ যেতিয়ালৈ জিজ্ঞাসা আছে তেতিয়ালৈ নতুন শিকাৰ ক্ৰম অব্যাহত থাকিব৷ ইয়াৰ কোনো বয়স, কোনো পৰিস্থিতিৰ কথা নাহে৷ জিজ্ঞাসাৰ এনে এক শক্তিৰ উদাহৰণ মই গম পালো, তামিলনাডুৰ বয়সস্থ শ্ৰী টি শ্ৰীনিবাসাচাৰ্য স্বামীজীৰ বিষয়ে৷ শ্ৰী টি শ্ৰীনিবাসাচাৰ্য স্বামীজীৰ বয়স ৯২ বছৰ৷ তেওঁ এই বয়সতো কম্পিউটাৰত নিজৰ কিতাপ লিখি আছে, নিজে টাইপ কৰি৷ আপোনালোকে চিন্তা কৰিছে যে কিতাপ লিখাটো বাৰু ঠিকে আছে কিন্তু তেওঁৰ সময়ততো কম্পিউটাৰেই নাছিল৷ তেন্তে তেওঁ কেতিয়া কম্পিউটাৰ শিকিলে? এয়া সত্য যে তেওঁৰ মহাবিদ্যালয়ৰ সময়ত কম্পিউটাৰ নাছিল৷ কিন্তু মনৰ জিজ্ঞাসা আৰু আত্মবিশ্বাস এতিয়াও তেওঁৰ যুৱকালৰ দৰে বিদ্যমান আছে৷ দৰাচলতে, শ্ৰী নিবাসাচাৰ্য স্বামীজী সংস্কৃত আৰু তামিলৰ বিদ্বান পুৰুষ৷ তেওঁ এই পৰ্যন্ত প্ৰায় ১৬খন আধ্যাত্মিক গ্ৰন্থ ৰচনা কৰিছে৷ কিন্তু কম্পিউটাৰ অহাৰ পিছত তেওঁ ভাবিলে যে এতিয়া কিতাপ লিখাৰ আৰু ছপা হোৱাৰ পদ্ধতি পৰিৱৰ্তন হৈছে৷ সেয়ে তেওঁ ৮৬ বছৰ বয়সত কম্পিউটাৰ শিকিলে, নিজৰ বাবে প্ৰয়োজনীয় ছফটৱেৰ শিকিলে৷ এতিয়া তেওঁ নিজৰ কিতাপ লিখি আছে৷

বন্ধুসকল, শ্ৰী টি শ্ৰীনিবাসাচাৰ্য স্বামীজীৰ জীৱন এই কথাৰ প্ৰত্যক্ষ প্ৰমাণ যে জীৱনত তেতিয়ালৈহে শক্তি থাকে যেতিয়ালৈ জীৱনত জিজ্ঞাসা জীয়াই থাকে, শিকাৰ হেঁপাহ নমৰে৷ সেইবাবে আমি কেতিয়াও এই কথা ভাবিব নালাগে যে আমি পিছুৱাই থাকিলো৷ যদি, আমি এয়া শিকি থলোহেঁতেন৷ আমি এয়া ভাবিব নালাগে যে আমি শিকিব নোৱাৰো, আমি আগবাঢ়িব নোৱাৰো৷

মোৰ মৰমৰ দেশবাসীসকল, আমি জিজ্ঞাসাৰ পৰা কিবা নতুন শিকাৰ আৰু কৰাৰ কথা কৈ আছিলো৷ নতুন বছৰত নতুন সংকল্পৰ কথা কৈ আছিলো৷ কিন্তু কিছুমান লোক এনেকুৱাও আছে যিয়ে নিৰন্তৰে কিবা নহয় কিবা এটা নতুন কৰি থাকে, নতুন নতুন সংকল্প পূৰণ কৰি থাকে৷ আপোনালোকেও নিজৰ জীৱনত অনুভৱ কৰিছে, যেতিয়া সমাজৰ বাবে কিবা কৰা হয় তেতিয়া বহুত কিবা কিবি কৰাৰ শক্তি সমাজে স্বয়ং প্ৰদান কৰে৷ সামান্য যেন বোধ হোৱা প্ৰেৰণাৰ বহু ডাঙৰ কাম হব পাৰে৷ এনে এক যুৱক হল শ্ৰীমান প্ৰদীপ সাংগৱান৷ গুৰুগ্ৰামৰ প্ৰদীপ সাংগৱানে ২০১৬ চনৰ পৰাই হিলিং হিমালয়া নামৰ এক অভিযান চলাই আহিছে৷ তেওঁ নিজৰ দল আৰু স্বেচ্ছাসেৱীসকলৰ সৈতে হিমালয়ৰ বিভিন্ন এলেকালৈ যায় আৰু যি প্লাষ্টিক-আৱৰ্জনা পৰ্যটকসকলে এৰি থৈ যায়, সেয়া পৰিষ্কাৰ কৰে৷ প্ৰদীপজীয়ে এতিয়ালৈ হিমালয়ৰ বিভিন্ন পৰ্যটন এলেকাৰ পৰা বহু টন প্লাষ্টিক পৰিষ্কাৰ কৰিছে৷ ঠিক সেইদৰে কৰ্ণাটকৰ এক যুৱ দম্পত্তি অনুদীপ আৰু মীনুষা৷ অনুদীপ আৰু মীনুষাই যোৱা নৱেম্বৰ মাহত বিবাহত আৱদ্ধ হৈছে৷ বিয়াৰ পিছত বহু লোক ফুৰিবলৈ যায় কিন্তু এওঁলোক দুয়োজনে অন্য কাম কৰিলে৷ এওঁলোকে প্ৰায়েই দেখা পায় যে যেতিয়াই মানুহে বাহিৰলৈ ফুৰিবলৈ যায় তেতিয়া তাত বহু আৱৰ্জনা এৰি থৈ আহে৷ কৰ্ণাটকৰ সোমেশ্বৰ তীৰৰো এই অৱস্থাই আছিল৷ অনুদীপ আৰু মীনুষাই সিদ্ধান্ত গ্ৰহণ কৰিলে যে সোমেশ্বৰ তীৰত যিসকলে আৱৰ্জনা এৰি থৈ যায়, সেয়া তেওঁলোকে পৰিষ্কাৰ কৰিব৷ দুয়ো স্বামী-স্ত্ৰীয়ে বিয়াৰ পিছত নিজৰ প্ৰথম সংকল্প এয়াই গ্ৰহণ কৰিলে৷ দুয়ো লগ হৈ সমুদ্ৰতীৰৰ পৰা বহু  আৱৰ্জনা পৰিষ্কাৰ কৰিলে৷ অনুদীপে এই সংকল্পৰ বিষয়ে ছচিয়েল মিডিয়াত বিনিময় কৰিলে৷ এই সুন্দৰ চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হৈ বহু যুৱক-যুৱতীয়ে তেওঁলোকৰ সৈতে জড়িত হৈ পৰিলে৷ আপোনালোকে জানি  আচৰিত হব৷ এই লোকসকলে একত্ৰিতভাৱে সোমশ্বৰ তীৰৰ পৰা ৮০০ কিলোতকৈও অধিক আৱৰ্জনা পৰিষ্কাৰ কৰিছে৷

বন্ধুসকল, এই প্ৰয়াসসমূহৰ মাজত আমি এয়াও চিন্তা কৰিব লাগে যে এই আৱৰ্জনাসমূহ সমুদ্ৰতীৰত, পাহাৰত গৈ পায় কেনেকৈ? অৰ্থাৎ আমাৰ মাজৰেই কিছুমান লোকে এই আৱৰ্জনা সেই ঠাইত এৰি আহে৷ আমি প্ৰদীপ আৰু মীনুষাৰ দৰে চাফাই অভিযান চলাব লাগে৷ কিন্তু ইয়াৰ পূৰ্বে আমি এয়া সংকল্প গ্ৰহণ কৰিব লাগে যে আমি আৱৰ্জনাই নেপেলাও৷ স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম সংকল্পই হল এয়া৷ হয়, মই পুনৰবাৰ আপোনালোকক মনত পেলাই দিবলৈ বিচাৰিছো৷ কৰোনাৰ বাবে এই বছৰ ইয়াৰ চৰ্চা অধিক নহল৷ আমি দেশক এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্ত কৰিবই লাগিব৷ এয়াও ২০২১ৰ সংকল্পসমূহৰ ভিতৰত এটা৷ আপোনালোকক নতুন বৰ্ষৰ অনেক শুভকামনা জনাইছো৷ আপোনালোক নিজেও সুস্থ হৈ থাকক, পৰিয়ালকো সুস্থ কৰি ৰাখক৷ অহা বছৰত জানুৱাৰীত নতুন বিষয়ৰ ওপৰত মন কী বাতব৷

অশেষ ধন্যবাদ৷                

 

 

************

DS/VJ/RSB/VK/MANN



(Release ID: 1684071) Visitor Counter : 226