ৰেল মন্ত্ৰালয়
আইআৰচিটিচিৰ ই-টিকেটিং ৱেবছাইটত যাত্ৰীসকলে সহজে টিকট বুকিঙ কৰিব পৰাকৈ সকলো সুবিধা থাকিব লাগিব-শ্ৰী পীয়ুষ গোৱেল, ৰে’ল আৰু বাণিজ্য আৰু উদ্যোগ আৰু উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী
ৰে’লৱেই উন্নত সুবিধা আৰু সৰলীকৰণৰ ব্যৱস্থাৰে ইয়াৰ ই-টিকেটিং ৱেবছাইট উপভোক্তাসকলৰ অনুকূল হোৱাকৈ কাম কৰি আছে
Posted On:
25 DEC 2020 1:40PM by PIB Guwahati
কেন্দ্ৰীয় ৰে’ল আৰু বাণিজ্য তথা উদ্যোগ আৰু উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাহুৱা বিতৰণ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ই-টিকেটিং ব্যৱস্থাৰ বাবে কৰা কামৰ উন্নয়নৰ সমীক্ষা কৰে৷ মন্ত্ৰীগৰাকীয়ে ইচ্ছা ব্যক্ত কৰে যে ই-টিকেটিং ৱেবছাইটযোত যাত্ৰীসকলৰ বাবে তেওঁলোকৰ ৰে’ল যাত্ৰা সম্বন্ধীয় সকলো সুবিধা থাকিব লাগিব৷
আইআৰচিটিচি টিকেটিং ৱেবছাইটত ভাৰতীয় ৰে’লৱেৰ দ্বাৰা পৰিচালিত ৰে’লসমূহত অনলাইনযোগে যাত্ৰীসকলৰ আসন সংৰক্ষণ কৰা হয়৷
২০১৪ৰ পৰা টিকট বুকিঙৰ লগতে যাত্ৰাৰ সুবিধাসমূহত সাৰ্বজনীন অভিজ্ঞতাত সংস্কাৰ কৰাৰ দিশত জোৰ দি অহা হৈছে৷ মন্ত্ৰীগৰাকীয়ে কয় যে আইআৰচিটিচি ৱেবছাইট ভাৰতীয় ৰে’লৰ জৰিয়তে যাত্ৰা কৰা নাগৰিকসকলৰ প্ৰথম সম্পৰ্ক বিন্দুত পৰিণত হৈছে আৰু এই ব্যৱস্থা আৰু অধিক সুবিধাজনক হোৱা উচিত৷ নতুন ডিজিটেল ইণ্ডিয়াৰ অধীনত যাত্ৰীসকলে সংৰক্ষণ কাউণ্টাৰলৈ যোৱাৰ বিপৰীতে অধিক হাৰত অনলাইন টিকট বুক কৰিবলৈ লৈছে আৰু সেইবাবে আইআৰচিটিৰ ৱেবছাইট উন্নীতকৰণত অধিক জোৰ দি অহা হৈছে৷
ৰে’লৱে বোৰ্ড, চিআৰআইএছ আৰু আইআৰচিটিচিৰ বিষয়াসকলে মন্ত্ৰীগৰাকীক ৱেবছাইটৰ কাম-কাজৰ দ্ৰুত উন্নয়নত সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণৰ আশ্বাস দিয়ে৷
***
DJN/DB
(Release ID: 1683770)
Visitor Counter : 212