স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ব্ৰিটেইনৰ পৰা ভাৰতলৈ অহা আৰু পজিটিভ পোৱা যাত্ৰীৰ স্থিতিৰ কেন্দ্ৰীয় স্বাস্থ্য সচিবে ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সৈতে সমীক্ষা কৰে

Posted On: 23 DEC 2020 7:51PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণে ব্ৰিটেইনৰ পৰা ভাৰতলৈ অহা তথা মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা, তামিলনাডু, পশ্চিমবংগ, গোৱা, পঞ্জাৱ, গুজৰাট আৰু কেৰালা ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত পজিটিভ পোৱা যাত্ৰীসকলৰ স্থিতি তথা ইয়াৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ উপায় সম্পৰ্কে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত আয়োজিত এখন বৈঠকত সমীক্ষা কৰে। এই বৈঠকত আইচিএমআৰৰ মহানিৰ্দেশক, ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ স্বাস্থ্য সচিব, এনএইচএম এমডি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰীমতী আৰতী আহুজা, এনচিডিচিৰ নিৰ্দেশক ড৹ সুজীত সিংহ আৰু অন্য জ্যেষ্ঠ বিষয়াসকলো উপসক আছিল।

 

এই বৈঠকত ব্ৰিটেইনত পোৱা ছাৰ্ছ কোভ-২ৰ নতুন ভেৰায়েণ্ট বা প্ৰকাৰৰ সন্দৰ্ভত মন্ত্ৰালয়ৰ ফালৰ পৰা ২২-১২-২০২০ত জাৰি মহামাৰী নিৰীক্ষণ আৰু প্ৰতিক্ৰিয়া মানক পৰিচালন প্ৰক্ৰিয়া (এছঅ'পি)ৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক ব্ৰিটেইনৰ পৰা ভাৰতলৈ উভতি অহা যাত্ৰীসকলৰ বিৱৰণ অনলাইন পৰ্টেল এয়াৰ-সুবিধা আৰু ব্যুৰ' অফ ইমিগ্ৰেচনৰ পৰা প্ৰাপ্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ পৰা পজিটিভ পোৱা ব্যক্তিসকলৰ নমুনা জীনোম ছিকুৱেন্সিঙৰ বাবে চিহ্নিত গৱেষণাগাৰলৈ পঠিয়াবলৈও কোৱা হৈছে।

 

চিহ্নিত কৰা ছটা গৱেষণাগাৰৰ তালিকা সিবিলাকৰ নোডেল কাৰ্যালয়ৰ সম্পৰ্কীয় বিৱৰণসহ ৰাজ্যসমূহক অৱগত কৰা হয়। এই গৱেষণাগাৰসমূহ হৈছেঃ চিএছআইআৰ-ইনষ্টিটিউট অফ জীনোমিক্স এণ্ড ইণ্টেগ্ৰেটিভ বায়'লজী, নতুন দিল্লী; চিএছআইআৰ-চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিক্যুলাৰ বায়'লজী, হায়দৰাবাদ; ডিবিটি-ইনষ্টিটিউট অফ লাইফ ছাইঞ্চেজ, ভূবনেশ্বৰ; ডিবিটি- ইনষ্টেম এনচিবিএছ, বেংগালুৰু; ডিবিটি-নেচনেল ইনষ্টিটিউট অফ বায়'মেডিকেল জীনোমিক্স (এনআইবিএমজি), কল্যাণী, পশ্চিমবংগ আৰু চিএছআইআৰ-নেচনেল ইনষ্টিটিউট অফ বায়'লজী, পুণে। নিৰ্দিষ্ট কৰা গৱেষণাগাৰৰ সংখ্যা সময়ৰ লগে লগে বঢ়োৱা হ'ব আৰু সিবিলাকৰ বিৱৰণ ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশক অৱগত কৰা হ'ব।

 

বৈঠকত ৰাজ্যসমূহৰ দ্বাৰা লজিষ্টিকছ আদিৰ বিষয়ে ব্যক্ত কৰা চিন্তাসমূহৰ সমাধান কৰা হয়। ৰাজ্যসমূহক এছঅ'পিৰ অনুসৰণ সুনিশ্চিত কৰাৰ বাবে নিজৰ নিজৰ বিমান বন্দৰ স্বাস্থ্য কাৰ্যালয় (এপিএইচঅ') তথা নিজৰ ৰাজ্যসমূহৰ নিৰীক্ষণ বিষয়াসকলৰ সৈতে সমন্বয় সাধনৰো পৰামৰ্শ দিয়া হয়।

 

*****

MV/SJ


(Release ID: 1683252) Visitor Counter : 133