কেবিনেট
ভাৰত আৰু ফিলিপাইনৰ মাজত সংশোধিত বিমান সেৱা চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
23 DEC 2020 4:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ফিলিপাইনৰ মাজত সংশোধিত বিমান সেৱা চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনালে।
এই সংশোধিত বিমান সেৱা চুক্তিয়ে ৰাষ্ট্ৰ দুখনৰ মাজত অসামৰিক বিমান পৰিবহণৰ সম্পৰ্কৰ লক্ষ্যণীয় তাৎপৰ্য বহন কৰিছে। ই বৰ্ধিত আৰু নিৰন্তৰ যোগাযোগৰ সুচল পৰিবেশৰ সূচনা কৰিব তথা বৃহত্তৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিতিৰে উভয় পক্ষৰ কেৰিয়াৰসমূহলৈ বাণিজ্যিক সুযোগ আগবঢ়াব। ই দুয়োখন ৰাষ্ট্ৰৰ মাজত বৃহত্তৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰচুৰ সম্ভাৱনা বাস্তৱায়িত কৰি তুলিব।
****
DS/SB
(ৰিলিজ আই ডি : 1683233)
অতিথি কক্ষ : 186
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam