প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২২ ডিচেম্বৰত এএমইউৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 20 DEC 2020 12:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ ডিচেম্বৰ ২০২০ তাৰিখে পুৱা ১১ বজাত ভিডিঅকনফাৰেন্সিঙৰ যোগেদি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠান উপলক্ষে এটা ডাক-টিকটো মুকলি কৰিব৷ অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ আচাৰ্য ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিন আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল নিশাংকো উপস্থিত থাকিব৷

এএমইউৰ বিষয়েঃ

এএমইউ-য়ে ১৯২০ চনত এক্ট অব্ ইণ্ডিয়ান লেজিছলেটিভ কাউন্সিলৰ জৰিয়তে মোহম্মেদ্দান এংলো অৰিয়েণ্টেল (এমএঅ’) মহাবিদ্যালয়ৰ পৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰে৷  এমএঅমহাবিদ্যালয় ছাৰ ছৈয়দ আহমেদ খানে ১৮৭৭ চনত প্ৰতিষ্ঠা কৰিছিল৷ বিশ্ববিদ্যালয়খনত ৪৬৭.৬ হেক্টৰ ভূমি আছে আৰু ই উত্তৰ প্ৰদেশৰ আলিগড় চহৰত অৱস্থিত৷ তাৰোপৰি বিশ্ববিদ্যালয়খনৰ কেৰেলাৰ মালাপ্পুৰম, পশ্চিম বংগৰ মুৰ্ছিদাবাদ-জাংগিপুৰ আৰু বিহাৰৰ কিষাণগঞ্জত অফ-কেম্পাছ কেন্দ্ৰও আছে৷

 

***

 

DS/SH/MANN



(Release ID: 1682328) Visitor Counter : 147