যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

কেন্দ্রীয় যোগাযোগ মন্ত্রী শ্রী ৰবি শংকৰ প্রসাদ আৰু ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্ৰেই প্রদান কৰিলে পণ্ডিত দীনদয়াল উপাধ্যায় টেলিকম দক্ষতা পুৰস্কাৰ

Posted On: 19 DEC 2020 1:27PM by PIB Guwahati

কেন্দ্রীয় যোগাযোগ, ইলেকট্র’নিক্স আৰু তথ্য প্রযুক্তি মন্ত্রী শ্রী ৰবি শংকৰ প্রসাদ আৰু  একেই দপ্তৰৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় শ্যামৰাও ধোত্রেই যোৱা ১৮ ডিচেম্বৰত দিল্লীৰ চিজিঅ’ কমপ্লেক্সৰ ইলেক্ট্ৰ’নিকছ নিকেতনত পণ্ডিত দীনদয়াল উপাধ্যায় টেলি যোগাযোগ দক্ষতা পুৰস্কাৰসমূহ প্রদান কৰে। পুৰস্কাৰত নগদ ধনৰ পৰিমাণ আছিল ক্ৰমে ৫০ হাজাৰ আৰু ৩০ হাজাৰকৈ টকা।

 

টেলিকম দক্ষতা পৰিৱেশ-ব্যৱস্থাক অনুপ্ৰেৰিত কৰিবলৈ, টেলিকম দক্ষতা, টেলিকম সেৱা, টেলিকম নিৰ্মাণ, বিভিন্ন ক্ষেত্ৰ যেনে কৃষি, বাণিজ্য, স্বাস্থ্য, শিক্ষা আদি ক্ষেত্ৰৰ বাবে টেলিকম নিৰ্ভৰশীল ক্ষেত্ৰীয় সমাধান প্ৰয়োগ কৰাত সফল টেলিকম দক্ষ লোকসকলক তেওঁলোকে আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ২০১৭ চনত ভাৰত চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায় টেলিযোগাযোগ দক্ষতা পুৰস্কাৰ আঁচনি আৰম্ভ কৰে। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম শতবর্ষ স্মৰণ কৰিবলৈ তেওঁৰ নামেৰেই এই বঁটা প্ৰদান কৰা হয়। ২০১৮ বৰ্ষত প্ৰথমবাৰৰ বাবে মনোনয়ন আহ্বান কৰা হৈছিল।  এই বঁটাৰ বিজয়ীসকলৰ নাম টেলিকম বিভাগৰ দ্বাৰা ৮.৯.২০২০ত ঘোষণা কৰা হৈছিল।

 

বাংগালুৰুৰ শ্রী শ্রীনিবাস কাৰানাম প্রথম পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়। গভীৰ সমুদ্রত যোগাযোগ ব্যৱস্থা বিশেষভাৱে উপকূলীয় অঞ্চলত মৎস্যজীৱীসকলৰ মাজত যোগাযোগ ব্যৱস্থা সহজতৰ কৰা আৰু বতৰৰ সর্তকতা জাৰি প্রভৃতি বিষয়ত চি-মোবাইল ব্ৰেণ্ডৰ অধীনত এটি প্রযুক্তি উদ্ভাৱনৰ বাবে তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়।

 

আনহাতে, নতুন দিল্লীৰ অধ্যাপক সুব্রত কৰক দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। তেওঁ ৰেল আৰু বন্যপ্রাণীৰ মাজৰ সংঘর্ষ দূৰ কৰিবলৈ এক বিশেষ পদ্ধতি আৱিস্কাৰ কৰি প্রশংসিত হৈছে। ইতিমধ্যে তেওঁৰ এই প্রযুক্তি উত্তৰাখণ্ডৰ ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানত প্রয়োগ কৰি চোৱা হৈছে।

 

দুয়োগৰাকী পুৰস্কাৰ বিজেতাক কেন্দ্রীয় মন্ত্রীদ্বেয় তেওঁলোকৰ অৱদানৰ বাবে প্ৰশংসা কৰে।

আনহাতে ২০১৯ চনৰ বাবে এই পুৰস্কাৰৰ বাবে বিভাগে মনোনয়ন আহ্বান কৰিছে। মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ ফেব্ৰুৱাৰী, ২০২১। বিতং জানিবৰ বাবে www.dot.gov.in ক্লিক কৰিব পাৰিব।

 

 

 *********

RCJ/M/KG

 



(Release ID: 1682125) Visitor Counter : 161