প্ৰতিৰক্ষা মন্ত্ৰালয়

সেনাবাহিনীৰ প্রধানসকলৰ হাতত ডিআৰডিঅ’ৰ প্রযুক্তি তুলি দিলে প্রতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিঙে

পোষ্ট কৰা হৈছে: 18 DEC 2020 5:02PM by PIB Guwahati

প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে আজি ডিআৰডিঅ’ ভৱনত আয়োজিত এক অনুষ্ঠানত প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডিআৰডিঅ’) সম্পূর্ণ দেশীয় প্রযুক্তিৰ দ্বাৰা উদ্ভাৱন কৰা তিনিটা প্ৰযুক্তি সেনা বাহিনী, নৌ বাহিনী আৰু বিমান বাহিনীৰ হাতত অৰ্পণ কৰে।

 

প্রতিৰক্ষা মন্ত্রীয়ে নৌ সেনা প্রধান এডমিৰেল কৰমবীৰ সিঙক ইণ্ডিয়ান মেৰিটাইম চিটুৱেশ্যনেল এৱাৰনেছ প্রযুক্তি(আইএমএছএএছ); বায়ুসেনা প্রধান ৰাকেশ কুমাৰ সিং ভাদৌড়িয়াৰ হাতত অস্ত্র এমকে–১ ক্ষেপণাস্ত্র আৰু সেনাপ্রধান জেনেৰেল এম এম নাৰভানেৰ হাতত সীমান্ত নিৰীক্ষণ প্রযুক্তি অৰ্পণ কৰে। অনুষ্ঠানত বিভাগীয় ৰাজ্যমন্ত্রী শ্রী শ্রীপদ য়েছো নায়ক আৰু চিফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট উপস্থিত আছিল।

 

এই উপলক্ষ্যে প্রতিৰক্ষা মন্ত্রী, বিভিন্ন ক্ষেত্রত অসামান্য অৱদান আগবঢ়োৱাৰ বাবে ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক পুৰস্কৃত কৰে। প্রতিৰক্ষা প্রযুক্তি উদ্ভাৱনৰ ক্ষেত্রত অসামান্য অৱদানৰ বাবে ডিআৰডিঅ’ৰ বিজ্ঞানীসকলৰ প্রচেষ্টাৰ প্রশংসা কৰি প্রতিৰক্ষা মন্ত্রীয়ে কয়, সেনা বাহিনীৰ সক্ষমতা অভিযান পৰিচালনাত দক্ষতা বৃদ্ধিৰ বাবে ডিআৰডিঅ’ই অত্যাধুনিক প্রযুক্তি আবিস্কাৰ কৰিছে। কভিড–১৯ মহামাৰী মোকাবিলা কৰাৰ ক্ষেত্ৰত ডিআৰডিঅ’ৰ বিজ্ঞানীসকলৰ ভূমিকাক প্রশংসা কৰে প্রতিৰক্ষা মন্ত্রীয়ে।

 

অনুষ্ঠানত প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সচিব তথা অধ্যক্ষ ডঃ জি সতীশ ৰেড্ডি সহ প্রতিৰক্ষা মন্ত্রালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

 

 ***********

ABB/Nampi/DK/KG


(ৰিলিজ আই ডি : 1681920) অতিথি কক্ষ : 255
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Bengali , Tamil , Telugu