আয়ুষ

এক প্ৰতিদ্বন্দ্বিতামূলক খেলৰ ৰূপত যোগাসনক আনুষ্ঠানিক মান্যতা

খেলৰ ৰূপত যোগাসনে প্ৰতিদ্বন্দ্বিতা আৰু অনুশাসনৰ সম্প্ৰসাৰণ সুনিশ্চিত কৰিব আৰু বিশ্বজুৰি ইয়াৰ প্ৰচাৰ কৰিবঃ শ্ৰী শ্ৰীপদ নাইক

যোগাসনক খেলো ইণ্ডিয়া, ৰাষ্ট্ৰীয় আৰু বিশ্ববিদ্যালয় খেলত প্ৰতিদ্বন্দ্বিতামূলক খেলৰ ৰূপত অন্তৰ্ভুক্ত কৰা হ'বঃ শ্ৰী কিৰেন ৰিজিজু

Posted On: 17 DEC 2020 4:37PM by PIB Guwahati

আয়ুস মন্ত্ৰালয় আৰু যুৱ কাৰ্যক্ৰম তথা ক্ৰীড়া মন্ত্ৰালয়ে আজি এক যুটীয়া প্ৰেছ কনফাৰেঞ্চত যোগাসনক এবিধ প্ৰতিদ্বন্দ্বিতামূলক খেলৰ ৰূপত আনুষ্ঠানিক মান্যতা দিয়াৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় আয়ুস ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ) শ্ৰী শ্ৰীপদ নাইক আৰু যুৱ কাৰ্যক্ৰম তথা ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ) শ্ৰী কিৰেন ৰিজিজুৱে নতুন দিল্লীত যুটীয়া সংবাদ মেলৰ আয়োজন কৰে।

 

সংবাদ মেল সম্বোধন কৰি শ্ৰী নাইকে যোগাসন প্ৰতিযোগিতাক ভাৰতীয় যোগ পৰম্পৰাৰ অংশ বুলি কয়, য'ত কেইবা শতিকা ধৰি এনে প্ৰতিযোগিতাৰ আয়োজন কৰি থকা হৈছে। তেওঁ কয় যে আজিও কেইবাটাও স্তৰত এনেকুৱা প্ৰতিযোগিতাৰ আয়োজন কৰি থকা হৈছে, কিন্তু প্ৰতিযোগিতাসমূহে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বলি উঠিবৰ বাবে শক্তিশালী আৰু দীৰ্ঘকালীন স্বৰূপ সন্মুখলৈ আহিবলৈ বাকী আছে। তেওঁ লগতে কয় যে যোগাসনক প্ৰতিদ্বন্দ্বিতামূলক খেলৰ ৰূপত মান্যতা দিয়াৰ চৰকাৰৰ সিদ্ধান্ত যোগ ক্ষেত্ৰৰ হিতধাৰকৰ সৈতে ৩-৪ বছৰৰ ব্যাপক বিচাৰ -বিবেচনাৰ পিছত লোৱা হৈছে। মন্ত্ৰী ডাঙৰীয়াই কয় যে যোগাসন যোগৰ এটা অভিন্ন আৰু গুৰুত্বপূৰ্ণ অংগ, যি সামাজিক মনোবিজ্ঞানৰ প্ৰকৃতি আৰু ফিটনেছ আৰু সাধাৰণ স্বাস্থ্যত নিজৰ প্ৰভাৱৰ বাবে বিশ্বজুৰি জনপ্ৰিয়। তেওঁ লগতে কয়, ''যোগাসনৰ এটা খেল হ'লে নতুন টেকনিক আৰু নতুন ৰণনীতি অনুশাসিত ৰূপত অন্তৰ্ভুক্ত হোৱাটো সুনিশ্চিত হ'ব, যাৰ ফলত আমাৰ খেলুৱৈ আৰু বিষয়াসকলে এই ক্ষেত্ৰখনত উন্নত কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ পাব।''

 

এই উপলক্ষে মিডিয়া কৰ্মীসকলক সম্বোধন কৰি শ্ৰী কিৰেন ৰিজিজুৱে কয় যে যোগাসনে খেলৰ ৰূপত মান্যতা পোৱাত যি প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি হ'ব, তাৰ ফলত বিশ্বজুৰি মানুহৰ মাজত যোগৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। তেওঁ লগতে কয় যে দুয়োটা মন্ত্ৰালয়ে যোগাসনক এটা প্ৰতিদ্বন্দ্বিতামূলক খেলৰ ৰূপত স্থাপন কৰিবৰ বাবে একত্ৰিত হৈ কাম কৰি আছে। তেওঁ লগতে কয় যে আমি যোগাসনক খেলো ইণ্ডিয়া আৰু ইউনিভাৰছিটী গেমছত এটা খেলৰ ৰূপত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰি আছো আৰু আমি ইয়াক ৰাষ্ট্ৰীয় ক্ৰীড়াৰো অংশ কৰিম। কিন্তু যিকোনো খেলৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে অলিম্পিক খেলত অন্তৰ্ভুক্ত হোৱা আৰু ই এটা দীঘলীয়া যাত্ৰাৰ আৰম্ভণি। শ্ৰী ৰিজিজুৱে লগতে কয় যে যোগ এবিধ অত্যন্ত সুন্দৰ, আকৰ্ষণীয় আৰু জনপ্ৰিয় খেল হ'বলৈ গৈ আছে।

 

এই সময়ত আয়ুস সচিবে এটা উপস্থাপনত কয় যে যোগাসনৰ খেলৰ প্ৰতিযোগিতাৰ বাবে ৪টা প্ৰতিদ্বন্দ্বিতা আৰু ৭টা শ্ৰেণীত ৫১টা পদক প্ৰস্তাৱিত কৰা হৈছে। পুৰুষ আৰু মহিলা উভয়ৰে বাবে প্ৰস্তাৱিত কাৰ্যক্ৰমত পৰম্পৰাগত যোগাসন, কলাত্মক যোগাসন (একক), কলাত্মক যোগাসন (যুগল) লয়বদ্ধ যোগাসন (যুগল), মুক্ত প্ৰবাহ/সমূহীয়া যোগাসন, ব্যক্তিগত অলৰাউণ্ড চেম্পিয়নশ্বিপ আৰু টীম চেম্পিয়নশ্বিপ অন্তৰ্ভুক্ত আছে।

 

সচিবে লগতে জনায় যে নিম্নোল্লিখিত পদক্ষেপ বা গতিবিধি যোগাসন খেলৰ ভৱিষ্যতৰ ৰোডমেপ আৰু বিকাশৰ অংশ হ'বঃ

 

২০২১ৰ আৰম্ভণিত পাইলট যোগাসন প্ৰতিযোগিতা ''নেচনেল ইণ্ডিভিজুৱেল যোগাসন স্পৰ্ট চেম্পিয়নশ্বিপ (ভাৰ্চুৱেল মোড)''ৰ নামত হ'ব।

 

যোগাসন খেলৰ প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা আৰু কাৰ্যক্ৰমৰ এখন বছেৰেকীয়া কেলেণ্ডাৰ প্ৰকাশ কৰা।

 

প্ৰতিযোগিতাৰ বাবে এটা স্বয়কচালিত স্ক'ৰিং প্ৰণালীৰ বিকাশ কৰা।

 

কোচ, ৰেফাৰী, জাজ আৰু প্ৰতিযোগিতাৰ নিৰ্দেশকৰ বাবে পাঠ্যক্ৰম।

 

খেলুৱৈসকলৰ বাবে কোচিং কেম্প।

 

যোগ আসনৰ বাবে এখন লীগৰ উদ্বোধন, যাৰ ফলত এই খেলৰ খেলুৱৈসকলৰ বাবে উন্নত কেৰিয়াৰ আৰু সামাজিক স্থিতি, বিশেষজ্ঞৰ উপলব্ধতা সুনিশ্চিত কৰিব পৰা যায়।

 

যোগাসনক ৰাষ্ট্ৰীয় ক্ৰীড়া, খেলো ইণ্ডিয়া আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনত ক্ৰীড়া প্ৰতিদ্বন্দ্বিতাৰ ৰূপত প্ৰস্তুত কৰা।

 

যোগাসন খেলুৱৈৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি কৰিবৰ বাবে পদক্ষেপ।

 

*****

RJ/SK



(Release ID: 1681659) Visitor Counter : 215