যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

ভাৰতে ক্ৰীড়াক নিকা কৰি ৰখাৰ বাবে নিজৰ প্ৰতিজ্ঞা অধিক শক্তিশালী কৰিলে, বৈজ্ঞানিক গৱেষণাৰ বাবে বিশ্ব এণ্টি ড’পিং এজেন্সি (WADA) লৈ ১ মিলিয়ন মাৰ্কিন ডলাৰ অনুদান

Posted On: 17 DEC 2020 2:37PM by PIB Guwahati

বিশ্ব স্তৰত ক্ৰীড়াক স্বচ্ছ আৰু নিকা কৰি ৰাখিবৰ বাবে ভাৰতে ইয়াৰ প্ৰতিজ্ঞা সুনিশ্চিত কৰাৰ দিশত আৰু এখোজ আগুৱাই বিশ্ব এণ্টি ড’পিং এজেন্সি চমুকৈ ৱাডাক বৈশ্বিক তথা বৈজ্ঞানিক গৱেষণাৰ বাবে ১ মিলিয়ন মাৰ্কিন ডলাৰৰ অনুদান আগবঢ়াইছে। ইয়াৰ যোগেদি ৱাডাই এণ্টি ড’পিং পৰীক্ষণ আৰু গৱেষণা কৰিবৰ ন ন পদ্ধতি বিকশিত কৰাৰ ক্ষেত্ৰত সুফল লাভ কৰিব। এই ধনৰাশি ৱাডাই স্বতন্ত্ৰ পৰীক্ষণ আৰু চোৰাংচোৱা বিভাগক অধিক শক্তিশালী কৰিবৰ বাবে প্ৰয়োগ কৰিব।

ভাৰতে প্ৰদান কৰা ১ মিলিয়ন মাৰ্কিন ডলাৰৰ এই ধনৰাশি চীন, ছৌদি আৰৱ, ইজিপ্ত আদি দেশে এনেদৰে আগবঢ়োৱা অনুদানতকৈ অধিক। উল্লেখ্য যে আটাইবোৰ সদস্য দেশে প্ৰদান কৰা অনুদান আন্তৰ্জাতিক অলিম্পিক সমিতিৰ দ্বাৰা সমমানকৈ মিলোৱা হ’ব, যাতে ১০ মিলিয়ন মাৰ্কিন ডলাৰৰ এক কোষ সাজু কৰিব পৰা যায়। ২০১৯ চনত পোলেণ্ডৰ কোটোৱিছত ৱাডাৰ পঞ্চম বিশ্ব সন্মিলনত এই কোষ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ভাৰতৰ এই অনুদান ৱাডাৰ মুখ্য বাজেটত বাৰ্ষিক আধাৰৰ বাবে আগবঢ়োৱা অনুদানৰ সৈতে পৃথক।

ৱাডাৰ অধ্যক্ষ বিটোল্ড ৱাংকালৈ এই অনুদান সংক্ৰান্তত এক পত্ৰ প্ৰেৰণ কৰি দেশৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে কয়, ‘“মই আপোনাক এই কথা জনাবলৈ পাই নথৈ আনন্দিত হৈছো যে ভাৰত চৰকাৰৰ দ্বাৰা ৱাডালৈ প্ৰেৰণ কৰা এই ১ মিলিয়ন মাৰ্কিন ডলাৰৰ অৱদান বৈজ্ঞানিক গৱেষণা তথা অনুসন্ধানৰ ক্ষেত্ৰত সহায়ক হ’ব আৰু আমি আশা কৰিছো যে ভাৰতৰ এই অৱদানৰ পিছত ৱাডাই ১০ মিলিয়ন ডলাৰৰ কোষ গঠন কৰাৰ লক্ষ্যত উপনীত হোৱাত যথেষ্ট সহায়ক হ’ব।” ইয়াৰ পূৰ্বে ৮ ছেপ্তেম্বৰ, ২০২০ তাৰিখে ৱাডাৰ অধ্যক্ষৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে হোৱা এক বৈঠকত শ্ৰী কিৰেন ৰিজিজুৱে ক্ৰীড়াৰ বাতাবৰণ স্বচ্ছ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল আৰু কৈছিল যে ভাৰত চৰকাৰ বিশ্ব স্তৰত এণ্টি ড’পিং কাৰ্যাৱলী অধিক শক্তিশালী কৰিবৰ বাবে সদায়েই প্ৰতিজ্ঞাবদ্ধ। তেওঁ বৈজ্ঞানিক বিশেষজ্ঞতা আৰু সংসাধনৰ ক্ষেত্ৰত সদায়েই ভাৰতৰ পূৰ্ণ সহযোগ থাকিব বুলিও আশ্বাস প্ৰদান কৰে।

ৱাডাৰ অধ্যক্ষ বিট’ল্ড বাংকাই এক প্ৰেছ বিবৃতিৰে সদস্য ৰাষ্ট্ৰসমূহৰ সহযোগিতাক প্ৰসংশা কৰি কয় যে, “ই ৱাডা আৰু ক্ৰীড়া ক্ষেত্ৰত এক স্বচ্ছ বাতাবৰণ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এক বৃহৎ অনুপ্ৰেৰণা হৈ ৰ’ব। এজেন্সিয়ে এনেধৰণেৰে ক্ৰীড়াৰ সংৰক্ষণ আৰু সহযোগিতাৰ বাবে চীন, ইজিপ্ত, ভাৰত আৰু ছৌদি আৰৱৰ প্ৰতি কৃতজ্ঞতা ব্যক্ত কৰে। এই উদাৰ সহযোগিতাই এই দেশকেইখনৰ দৃঢ় প্ৰতিজ্ঞাকে সূচায় আৰু এই বৈজ্ঞানিক গৱেষণা আৰু ৱাডাৰ নিজস্ব (আই এণ্ড আই) বিভাগৰ কাৰ্যাৱলীক প্ৰসাৰতা প্ৰদান কৰাৰ ক্ষেত্ৰত উপযোগী হ’ব। এই দুই ক্ষেত্ৰই শেহতীয়া বৰ্ষকেইটাত অনবদ্য সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই অতিৰিক্ত সংসাধনে ক্ৰীড়াক ড’পিংমুক্ত কৰি ৰাখিবৰ বাবে ৱাডাৰ মিশ্যনত নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ যোগদান আগবঢ়াব।”

 

*****

NB/OJA/RD


(Release ID: 1681654)