কেবিনেট
কেন্দ্ৰীয় মন্ত্ৰীসভাই বিদ্যুৎ খণ্ডত পাৰস্পৰিক মংগলৰ ক্ষেত্ৰত তথ্যৰ আদান-প্ৰদানৰ বাবে ভাৰত আৰু সংযুক্ত ৰাজ্য আমেৰিকাৰ মাজত বুজাবুজি চুক্তিক মঞ্জুৰী দিয়ে
পোষ্ট কৰা হৈছে:
16 DEC 2020 3:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই কেন্দ্ৰীয় বিদ্যুৎ নিয়ামক আয়োগ (চিইআৰচি), ভাৰত আৰু সংঘীয় শক্তি নিয়ামক আয়োগ (এফইআৰচি) সংযুক্ত ৰাজ্য আমেৰিকা (ইউএছএ)ৰ মাজত বিদ্যুৎ খণ্ডত পাৰস্পৰিক মংগলৰ ক্ষেত্ৰসমূহত তথ্য আৰু ধাৰণাৰ আদান-প্ৰদানৰ বাবে বুজাবুজি চুক্তি (এমঅ'ইউ)ত হস্তাক্ষৰ কৰিবলৈ কেন্দ্ৰীয় বিদ্যুৎ নিয়ামক আয়োগৰ প্ৰস্তাৱক মঞ্জুৰী দিছে।
এই বুজাবুজি চুক্তি দক্ষ, পাইকাৰী, বিদ্যুতৰ বজাৰ বিকশিত কৰা আৰু গ্ৰিড বিশ্বাসযোগ্যতা বঢ়োৱাত নিয়ামক আৰু নীতিগত আন্তঃগাঁথনি উন্নত কৰাত সহায় কৰিব।
এই বুজাবুজি চুক্তিৰ জৰিয়তে কৰিবলগীয়া কামকাজ এনেধৰণৰঃ
শক্তিৰে সম্পৰ্কযুক্ত বিষয়সমূহ চিনাক্ত কৰা আৰু পাৰস্পৰিক মংগলৰ ক্ষেত্ৰসমূহত তথ্য আৰু নিয়ামক প্ৰক্ৰিয়াৰ আদান-প্ৰদানৰ বাবে বিষয় সম্ভাব্য এজেণ্ডাবিলাক বিকশিত কৰা;
পৰস্পৰে পৰস্পৰৰ সুবিধা অনুসৰি আয়োজিত কাৰ্যক্ৰমত অংশ গ্ৰহণৰ বাবে আয়ুক্ত আৰু/বা কৰ্মচাৰীৰ ভ্ৰমণৰ ব্যৱস্থা কৰা;
ছেমিনাৰ, ভ্ৰমণ আৰু আদান-প্ৰদানত অংশ ক;
পাৰস্পৰিক মংগলৰ কাৰ্যক্ৰম বিকশিত কৰা আৰু অংশ গ্ৰহণ বঢ়াবৰ বাবে য'তেই উচিত হয় এই কাৰ্যক্ৰমসমূহক স্থানীয়ভাৱে আয়োজিত কৰা;
যিহেতু ব্যৱহাৰিক আৰু পাৰস্পৰিক মংগলৰ বাবে হ'ব সেয়ে শক্তিৰ বিষয়বিলাকৰ ওপৰত বক্তা আৰু অন্য কৰ্মীসকল (পৰিচালনা বা টেকনিকেল)ক উপলব্ধ কৰোৱা।
*****
DS
(ৰিলিজ আই ডি : 1681365)
অতিথি কক্ষ : 325
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam